টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত ঋষভ পন্তৰ; লক্ষ্ণৌৰ ১১ ৰানলৈ উভতি আহিছে অভিজ্ঞ বেগী বলাৰ

আই পি এল ২০২৫ৰ ৭ নম্বৰ মেচ আজি ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হৈছে।টছত জয়ী হৈ ঋষভ পন্তই প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়। লক্ষ্ণৌৰ প্লেইং ১১ৰ এটা পৰিৱৰ্তন হৈছে।লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বাবে ভাল খবৰটো হ’ল তেওঁলোকৰ মূল

আই পি এল ২০২৫ৰ ৭ নম্বৰ মেচ আজি ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হৈছে।টছত জয়ী হৈ ঋষভ পন্তই প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়।

লক্ষ্ণৌৰ প্লেইং ১১ৰ এটা পৰিৱৰ্তন হৈছে।লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বাবে ভাল খবৰটো হ’ল তেওঁলোকৰ মূল বেগী বলাৰ আৱেশ খানে আজি হায়দৰাবাদৰ বিৰুদ্ধে খেলিব।

পইণ্ট তালিকাৰ শীৰ্ষত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি ঈশান কিষানে শতক অৰ্জন কৰে। দলটোৰ নেট ৰান ৰেট বহুত ভাল।

ইফালে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ কথা ক’বলৈ গ’লে দলটো প্ৰথমখন মেচত দিল্লী কেপিটেলছৰ হাতত পৰাস্ত হৈছিল।

যদিও শেষ মুহূৰ্তলৈকে লক্ষ্ণৌক জয়ী যেন লাগিছিল কিন্তু দিল্লীৰ খেলুৱৈ আশুতোষ শৰ্মাই শেষৰ ফালে খেলখন ঘূৰাই দিলে। লক্ষ্ণৌ বৰ্তমান পইণ্ট তালিকাৰ ৭ম স্থানত আছে।

আনহাতে লক্ষ্ণৌ দলৰ অভিজ্ঞ বেগী বলাৰ আভেশ খান পুনৰ দলটোলৈ প্ৰত্যাৱৰ্তনৰ পিছত সকলোৰে মুখলৈ হাঁহি ঘূৰি আহিছে।অধিনায়ক পণ্টে আভেছক প্লেইং এঘাৰত অন্তৰ্ভুক্ত কৰিছিল।

ইয়াৰ বাবে শ্বাহবাজ আহমেদক বাহিৰত ৰখা হৈছে।আনহাতে, হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে প্লেইং-১১ৰ কোনো পৰিৱৰ্তন কৰা নাই।

শেহতীয়া প্ৰৱন্ধসমূহ