পুনৰ বিপদ বাঢ়িছে ৰাহুল গান্ধীৰ; অনুমতি অবিহনে আম্বেদকাৰ হোষ্টেলত সভা পাতি গোচৰ ৰুজু

বিহাৰ ভ্ৰমণলৈ যোৱা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা হৈছে দুটাকৈ গোচৰ।তেওঁৰ বিৰুদ্ধে দৰভংগা আৰক্ষীয়ে দুটা গোচৰ ৰুজু কৰিছে। এই গোচৰ দৰভংগাৰ লহেৰিয়াচৰাই থানাত পঞ্জীয়ন কৰা হৈছে আৰু ইয়াত ৰাহুল গান্ধীকে ধৰি ২০ জন নেতাৰ নাম উল্লেখ কৰা হৈছে আৰু প্ৰায় ১০০ অচিনাক্ত লোকক

বিহাৰ ভ্ৰমণলৈ যোৱা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা হৈছে দুটাকৈ গোচৰ।তেওঁৰ বিৰুদ্ধে দৰভংগা আৰক্ষীয়ে দুটা গোচৰ ৰুজু কৰিছে।

এই গোচৰ দৰভংগাৰ লহেৰিয়াচৰাই থানাত পঞ্জীয়ন কৰা হৈছে আৰু ইয়াত ৰাহুল গান্ধীকে ধৰি ২০ জন নেতাৰ নাম উল্লেখ কৰা হৈছে আৰু প্ৰায় ১০০ অচিনাক্ত লোকক অভিযুক্ত কৰা হৈছে।

ৰুজু কৰা গোচৰৰ এটা হৈছে আম্বেদকাৰ হোষ্টেলত বলপূৰ্বকভাৱে এক কাৰ্যসূচী আয়োজন কৰিছিল ৰাহুল গান্ধীয়ে।

আচলতে ৰাহুল গান্ধীয়ে দৰভংগাত অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST) সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক সাক্ষাৎ কৰিছিল।

এই বৈঠক আম্বেদকাৰ হোষ্টেলত হৈছিল, যাৰ বাবে প্ৰশাসনে অনুমতি দিয়া নাছিল। প্ৰশাসনে এতিয়া দাবী কৰিছে যে,হোষ্টেলত কোনো ৰাজনৈতিক অনুষ্ঠানৰ অনুমতি দিয়া হোৱা নাছিল।

ইয়াৰ পিছতো ৰাহুল গান্ধী আৰু তেওঁৰ সমৰ্থকসকলে এই কাৰ্যসূচীৰ আয়োজন কৰে। তাৰ পিছতে আৰক্ষীয়ে দুটা গোচৰ দাখিল কৰিছে, দুয়োটাতে ৰাহুল গান্ধীৰ নাম উল্লেখ কৰা হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ