সাতজনীয়া সাংসদৰ দলে উদঙাব পাকিস্তানৰ কুৎসিত মুখ...

সাতজনীয়া সাংসদৰ দলে উদঙাব পাকিস্তানৰ কুৎসিত মুখ… বিশ্ববাসীক দিব ভাৰতৰ বাৰ্তা

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ‘অপাৰেচন সিন্দুৰ’ৰ পিছত ভাৰত চৰকাৰে চলিত মাহৰ শেষৰ ফালে গুৰুত্বপূৰ্ণ অংশীদাৰ দেশসমূহলৈ সাতজনীয়া সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ ‘শূন্য সহনশীলতা’ বাৰ্তা বিশ্ব মঞ্চলৈ শক্তিশালীভাৱে প্ৰেৰণ কৰিব । সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত শনিবাৰে কোৱা হৈছে যে এই সৰ্বদলীয়

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ‘অপাৰেচন সিন্দুৰ’ৰ পিছত ভাৰত চৰকাৰে চলিত মাহৰ শেষৰ ফালে গুৰুত্বপূৰ্ণ অংশীদাৰ দেশসমূহলৈ সাতজনীয়া সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ ‘শূন্য সহনশীলতা’ বাৰ্তা বিশ্ব মঞ্চলৈ শক্তিশালীভাৱে প্ৰেৰণ কৰিব । সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত শনিবাৰে কোৱা হৈছে যে এই সৰ্বদলীয় প্ৰতিনিধি দলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ একমত আৰু দৃঢ় কৌশল বিশ্বৰ সন্মুখত দাঙি ধৰিব । সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিৰ বাৰ্তা তেওঁলোকে কঢ়িয়াব । চৰকাৰে এই প্ৰতিনিধি দলৰ নেতৃত্ব দিবলৈ বিভিন্ন মতাদৰ্শগত পটভূমিৰ পৰা অহা সকলো ডাঙৰ ৰাজনৈতিক দলৰ পৰা নেতা নিৰ্বাচন কৰা হৈছে ।

প্ৰতিনিধি দলসমূহৰ নেতৃত্ব দিয়া বিশিষ্ট নেতাসকল হ’ল-

-ৰবি শংকৰ প্ৰসাদ (বিজেপি সাংসদ)

-বৈজয়ন্ত পাণ্ডা (বিজেপি সাংসদ)

-শশী থাৰুৰ (কংগ্ৰেছ সাংসদ)

-সঞ্জয় ঝা (জে ডি ইউ সাংসদ)

-কানিমোঝি (ডি এম কে সাংসদ)

-সুপ্ৰিয়া চুলে (এন চি পি – শৰদ পাৱাৰ ফৈদৰ সাংসদ)

-শ্ৰীকান্ত শিন্দে (শিৱসেনাৰ সাংসদ)

ক’লৈ যাব এই প্ৰতিনিধি দল ?

এই প্ৰতিনিধি দলে প্ৰায় পাঁচখন দেশ ভ্ৰমণ কৰিব পাৰে । ইয়াৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য দেশ আৰু ভাৰতৰ প্ৰধান কৌশলগত অংশীদাৰ দেশসমূহো অন্তৰ্ভুক্ত হ’ব । বিবৃতিটোত লগতে কোৱা হৈছে যে প্ৰতিটো প্ৰতিনিধি দলত ভাৰতৰ জ্যেষ্ঠ আৰু অভিজ্ঞ কূটনীতিবিদসকলো থাকিব ।

এন ডি এৰ চাৰিজন, ইণ্ডিয়া ব্লকৰ তিনিজন নেতা-

সৰ্বদলীয় প্ৰতিনিধি দলটোৰ চাৰিজন নেতা নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ৰ, আনহাতে তিনিজন বিৰোধী ইণ্ডিয়া এলায়েন্সৰ । প্ৰতিটো প্ৰতিনিধি দলে প্ৰায় পাঁচখন দেশ ভ্ৰমণ কৰিব পাৰে । মন্ত্ৰালয়ৰ বিবৃতিত লগতে কোৱা হৈছে যে প্ৰতিটো প্ৰতিনিধি দলত বিশিষ্ট কূটনীতিবিদকো অন্তৰ্ভুক্ত কৰা হ’ব । বিবৃতিটোত কোৱা হৈছে যে অপাৰেচন সিন্দুৰ আৰু সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজৰ পটভূমিত এই সাতটা সৰ্বদলীয় প্ৰতিনিধি দলে চলিত মাহৰ শেষৰ ফালে গুৰুত্বপূৰ্ণ অংশীদাৰ দেশ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰ ভ্ৰমণ কৰিব ।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ বক্তব্য-

এই সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এক্সত লিখিছে, ‘ভাৰত আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰত একত্ৰিত হৈ থিয় দিছে । শীঘ্ৰে সাতটা সৰ্বদলীয় প্ৰতিনিধি দলে ডাঙৰ দেশ ভ্ৰমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ উমৈহতীয়া নীতি বিশ্বৰ আগত দাঙি ধৰিব ।‘ তেওঁ লগতে কয় যে, ‘ৰাজনৈতিক মতানৈক্যৰ ওপৰত ৰাষ্ট্ৰীয় ঐক্যৰ এক শক্তিশালী প্ৰতীক ।’

শেহতীয়া প্ৰৱন্ধসমূহ