‘আমেৰিকাৰ সোণালী যুগৰ আৰম্ভণি’...শপত গ্ৰহণৰ পিছত ক’লে ৰাষ্ট্ৰপতি ট্ৰাম্পে

‘আমেৰিকাৰ সোণালী যুগৰ আৰম্ভণি’…শপত গ্ৰহণৰ পিছত ক’লে ৰাষ্ট্ৰপতি ট্ৰাম্পে

ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পে ২০২৫ চনৰ ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে । কেপিটেল ৰটাণ্ডাত তেওঁক শপত গ্ৰহণ কৰোৱাই মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে । এই অনুষ্ঠানতে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে জে ডি ভ্যান্সে । ট্ৰাম্পৰ এই শপত গ্ৰহণ অনুষ্ঠান বিশেষ

ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পে ২০২৫ চনৰ ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে । কেপিটেল ৰটাণ্ডাত তেওঁক শপত গ্ৰহণ কৰোৱাই মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে । এই অনুষ্ঠানতে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে জে ডি ভ্যান্সে । ট্ৰাম্পৰ এই শপত গ্ৰহণ অনুষ্ঠান বিশেষ কাৰণ বন্ধ স্থানত অনুষ্ঠিত হয় । ইয়াৰ কাৰণ আছিল ঠাণ্ডা আৰু প্ৰচণ্ড বতাহ ।

শপত গ্ৰহণৰ পিছত ট্ৰাম্পে দেশবাসীক সম্বোধন কৰে । তেওঁ কয় যে আমেৰিকাৰ সোণালী যুগ এতিয়াৰ পৰাই আৰম্ভ হৈছে । আজিৰ পৰা আমাৰ দেশখন সমগ্ৰ বিশ্বতে উত্থান আৰু উজ্জ্বল হৈ উঠিব । এয়া প্ৰতিখন দেশৰ বাবে ঈৰ্ষাৰ কাৰণ হ’ব । ট্ৰাম্প প্ৰশাসনৰ প্ৰতিটো দিনেই মই আমেৰিকা ফাৰ্ষ্টৰ নীতিৰ ওপৰত কাম কৰিম । আমাৰ স্বাধীনতা অব্যাহত থাকিব । ন্যায় সন্তুলিত হৈ থাকিব । আমাৰ অগ্ৰাধিকাৰ হ’ব এখন মুক্ত, সমৃদ্ধিশালী দেশ গঢ়ি তোলা । অতি সোনকালে আমেৰিকাৰ অৱস্থা বহুত ভাল হ’ব ৷ দেশত পৰিৱৰ্তনৰ বতাহ বলিছে । এই মুহুৰ্ত গ্ৰহণ কৰাৰ বাবে আমেৰিকাত এক প্ৰচণ্ড সুযোগ আছে ।

শপত গ্ৰহণৰ পূৰ্বে প্ৰাৰ্থনা সভাৰ অন্তত ট্ৰাম্পে ছেইণ্ট জনছ এপিস্কোপাল চাৰ্চলৈ যায় । ইয়াৰ পিছত ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়াক হোৱাইট হাউছলৈ আদৰণি জনায় । এই ব্যক্তিগত বৈঠক, ক্ষমতা হস্তান্তৰৰ আন এক পৰম্পৰা ।

খবৰ অনুসৰি ট্ৰাম্পে শপত গ্ৰহণ কৰা মঞ্চৰ আটাইতকৈ ওচৰতে বহিছিল ইলন মাস্ক, টাকাৰ কাৰ্লছন আদিয়ে । মাস্কৰ মাতৃ মেয় মাস্ককো হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ আৰু চেনেটৰ বেছিভাগ সাংসদতকৈ উন্নত আসন দিয়া হৈছিল ।

ভাৰতক প্ৰতিনিধিত্ব কৰি সন্মানিত: জয়শংকৰ

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ সন্মানিত অনুভৱ কৰিছে । জয়শংকৰে ‘এক্স’ৰ এটা পোষ্টত কয় যে আজি ৱাশ্বিংটন ডিচিত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ বিশেষ দূত হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰি সন্মানিত । আজি পুৱা ছেইণ্ট জন চাৰ্চত প্ৰাৰ্থনাতো অংশগ্ৰহণ কৰিলোঁ ।