“মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত হে হ’ব পঞ্চায়ত নিৰ্বাচন”; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

অনিশ্চয়তাৰ মাজলৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। ফেব্ৰুৱাৰী মাহটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ক্ষীণ। সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। HS-HSLC পৰীক্ষাৰ পাছতহে নিৰ্বাচনৰ ইংগিত মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “ন্যায়ালয়ত ওলমি ৰৈছে পঞ্চায়ত নিৰ্বাচনৰ ভৱিষ্যৎ। ১০ জানুৱাৰীৰ দিনাও গুৱাহাটী উচ্চ ন্যায়ালয়ে

অনিশ্চয়তাৰ মাজলৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। ফেব্ৰুৱাৰী মাহটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ক্ষীণ। সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে।

HS-HSLC পৰীক্ষাৰ পাছতহে নিৰ্বাচনৰ ইংগিত মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “ন্যায়ালয়ত ওলমি ৰৈছে পঞ্চায়ত নিৰ্বাচনৰ ভৱিষ্যৎ। ১০ জানুৱাৰীৰ দিনাও গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰৰ আবেদনৰ ৰায় নিদিলে।

দিন ঘোষণা হোৱাৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এমাহ সময় লাগে। কিন্তু এতিয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে পিছুৱাই যাব পঞ্চায়ত নিৰ্বাচন। শ্ৰীভূমিৰ ১৯খন পঞ্চায়তক লৈ সৃষ্টি হৈছে সমস্যাৰ।

এই ১৯টা পঞ্চায়ত বাদ দি অসমৰ কোনো সমস্যা নাই। সেই জিলাখন বাদ দি ৰাজ্যৰ আন প্ৰান্তত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা গ’লহেতেন। কিন্তু এতিয়ালৈকে ন্যায়ালয়ৰ অনুমতি পোৱা নাই”।

দৰাচলতে পঞ্চায়ত নিৰ্বাচন পিছুৱাবলৈ কৰিমগঞ্জ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে এটা গোচৰ তৰিছিল।

সেই গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়া লৈকে কোনো ৰায় দিয়া নাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ একাংশই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচৰা নাই বুলিও মন্তব্য কৰে।  

শেহতীয়া প্ৰৱন্ধসমূহ