‘হাত নহয়, নিৰ্বাচনৰ প্ৰতীক হ’ব লাগে লুঙী’… কংগ্ৰেছক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ধেমাজি আৰু তিনিচুকীয়া জিলাৰ এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰে । এই সময়ছোৱাত তেওঁ কংগ্ৰেছক লক্ষ্য কৰি কঠোৰ সমালোচনা কৰে । ধেমাজিত এখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কংগ্ৰেছে এতিয়া নিজৰ নিৰ্বাচনী প্ৰতীক হাতৰ পৰা লুঙীলৈ সলনি কৰিব লাগে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কংগ্ৰেছৰ শাসনকালত কেৱল লুঙী, ধুতী, সূতা আৰু আঠুৱাহে উপলব্ধ আছিল । কলেজত বিনামূলীয়া নামভৰ্তি নাছিল, দশম শ্ৰেণীৰ প্ৰ পত্ৰ পূৰণ কৰিবলৈ টকাৰ প্ৰয়োজন হৈছিল, কোনো আঁচনি নাছিল । তেওঁ কয় কিন্তু আমাৰ চৰকাৰে বিনামূলীয়া চাউল, অৰুণোদয় আঁচনি, চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়, শক্তিশালী মথাউৰি আদিৰ সুবিধা প্ৰদান কৰিছে ।

বিজেপিৰ কৰ্মসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী শৰ্মাই-

মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে আমাৰ এজেণ্ডা স্পষ্ট, প্ৰতিখন গাঁৱক আদৰ্শ গাঁও কৰি উন্নয়নৰ গতি ত্বৰান্বিত কৰা । লগতে তেওঁ দাবী কৰে যে বিগত চাৰি বছৰত কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ ডেৰ লাখ চৰকাৰী চাকৰি দিয়া হৈছে । তেওঁ কয় যে প্ৰতিটো চাকৰিৰ বাবে যদি মই এক লাখ টকা লওঁ তেন্তে ১৫ হাজাৰ কোটি টকা সংগ্ৰহ কৰিলোহেঁতেন । কিন্তু আমি টকা লোৱা নাই, আমি জনসাধাৰণৰ সেৱা কৰি আছো । টকা লোৱা সকলক শাস্তি দিয়া হ’ব ।

ঘোষণা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন;  বেলট পেপাৰতে অনুষ্ঠিত হ’ব নিৰ্বাচন

ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন। অসম ৰাজ্যিক নিৰ্বাচন আযোগৰ আয়ুক্ত আলোক কুমাৰে এখন সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

২ মে’ত প্ৰথম পৰ্যায়ৰ আৰু ৭ মে’ত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ১১ মে’ত ফলাফল ঘোষণা কৰা হ’ব।

প্ৰথম পৰ্যায়ত তিনিচুকিয়া , শিৱসাগৰ, ডিব্ৰুগড়, মাজুলি , ঘোৰহাট , গোলাঘাট, বিশ্বনাথ , ধেমাজি, কাছাৰ , হাইলাকান্দি, শ্ৰীভূমি জিলাকে ধৰি উজনি অসম আৰু বৰাকত অনুষ্ঠিত হ’ব।

আনহাতে দ্বিতীয় পৰ্যায়ত ধুবুৰী , বৰপেটা, নলবাৰী, দৰং , নগাওঁ, বজালী,  কামৰূপ, কামৰূপ মেট্ৰো, হোজাইত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

৩ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া। এই পঞ্চায়ত নিৰ্বাচনত EVM ৰ পৰিৱৰ্তে বেলট পেপাৰৰ দ্বাৰা অনুষ্ঠিত হ’ব।পুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈকে চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।     

হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ শেষৰ পিছদিনাই হ’ব পঞ্চায়ত নিৰ্বাচন ; মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ১৮ মাৰ্চত জাৰি হ’ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা।১৭ মাৰ্চত শেষ হ’ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা।

আৰু পৰীক্ষা শেষ হোৱাৰ পিছতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তক ৰাজনীতিমুক্ত কৰাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।

এতিয়াৰে পৰা পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ’ব লাগিব।বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে। অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোকসকলে এইক্ষেত্ৰত সুবিধা পাব।

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, ১৭ মাৰ্চৰ পিছতহে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন !

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ১৭ মাৰ্চৰ পিছতহে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।আজি নটিফিকেশ্যন দিলে ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব । ১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। পৰীক্ষাৰ সময়ত নিৰ্বাচন হ’লে পৰীক্ষাৰ্থীৰ অসুবিধা হ’ব। সেয়ে ১৭ মাৰ্চৰ পিছতহে পঞ্চায়ত নিৰ্বাচনৰ চিন্তা-চৰ্চা কৰিম। ব’হাগ বিহুৰ আগে আগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা

অপেক্ষাৰ অন্ত; পঞ্চায়ত নিৰ্বাচনক লৈ সেউজ সংকেত উচ্চ ন্যায়ালয়ৰ

বহু জল্পনা কল্পনাৰ অন্ত । ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ উচ্চ ন্যায়ালয়ৰে দিলে অনুমতি। শ্ৰীভূমি জিলাৰ ৯ খন পঞ্চায়তক বাদ দি পাতিব পাৰিব নিৰ্বাচন।

দীৰ্ঘদিন ধৰি ন্যায়ালয়ত বন্দি হৈ আছিল ৰায়ৰ শুনানি। অৱশেষত চৰকাৰক নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। যিকোনো মুহূৰ্তত ঘোষণা হ’ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন।

“মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত হে হ’ব পঞ্চায়ত নিৰ্বাচন”; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

অনিশ্চয়তাৰ মাজলৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। ফেব্ৰুৱাৰী মাহটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ক্ষীণ। সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে।

HS-HSLC পৰীক্ষাৰ পাছতহে নিৰ্বাচনৰ ইংগিত মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “ন্যায়ালয়ত ওলমি ৰৈছে পঞ্চায়ত নিৰ্বাচনৰ ভৱিষ্যৎ। ১০ জানুৱাৰীৰ দিনাও গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰৰ আবেদনৰ ৰায় নিদিলে।

দিন ঘোষণা হোৱাৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এমাহ সময় লাগে। কিন্তু এতিয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে পিছুৱাই যাব পঞ্চায়ত নিৰ্বাচন। শ্ৰীভূমিৰ ১৯খন পঞ্চায়তক লৈ সৃষ্টি হৈছে সমস্যাৰ।

এই ১৯টা পঞ্চায়ত বাদ দি অসমৰ কোনো সমস্যা নাই। সেই জিলাখন বাদ দি ৰাজ্যৰ আন প্ৰান্তত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা গ’লহেতেন। কিন্তু এতিয়ালৈকে ন্যায়ালয়ৰ অনুমতি পোৱা নাই”।

দৰাচলতে পঞ্চায়ত নিৰ্বাচন পিছুৱাবলৈ কৰিমগঞ্জ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে এটা গোচৰ তৰিছিল।

সেই গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়া লৈকে কোনো ৰায় দিয়া নাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ একাংশই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচৰা নাই বুলিও মন্তব্য কৰে।  

পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ ; ১০ জানুৱাৰী পৰ্যন্ত নহয় অধিসূচনা জাৰী

পঞ্চায়ত নিৰ্বাচনক লৈ আহিছে এটা ডাঙৰ খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে নিৰ্দেশনা।আজিও পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ বাবে অনুমতি নাপালে চৰকাৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি ১০ জানুৱাৰী পৰ্যন্ত ঘোষণা নহয় পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। প্ৰায় ৫.৩০ ঘণ্টা জোৰা শুনানিৰ অন্তত আজিও ৰায়দান নকৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

নিৰ্বাচন স্থগিতাদেশৰ নিৰ্দেশ সংশোধনীৰ বাবে জনোৱা আবেদন গ্ৰাহ্য নকৰিলে উচ্চ ন্যায়ালয়ে। ১০ জানুৱাৰীত পুনৰ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি। ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিব পঞ্চায়ত নিৰ্বাচনৰ দিন ।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ’ব ১২ বিধ নথি; মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়মৰ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰে। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়াৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ’ব ১২ বিধ নথি।

এই ১২ বিধ নথি-পত্ৰ নহ’লে পঞ্চায়ত নিৰ্বাচনত কৰিব নোৱাৰিব প্ৰতিদ্বন্দিতা।সেই নথি-পত্ৰ সমূহ হৈছে বাকী জাই প্ৰমাণ পত্ৰ, সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ,বেংক আপত্তিবিহীন প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ,ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ,শেহতীয়া খাজান ৰচিদ,শপত নামা।

শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ,আঞ্চলিক পঞ্চায়তৰ এন অ চি, প্ৰাৰ্থীৰ নামত নতুন বেংক একাউন্ট,প্ৰস্থাৱকৰ নথি, গাঁওপ্ৰধানৰ প্ৰমাণ পত্ৰ। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্য চৰকাৰে দিছে কেইবাটাও নতুন নিয়ম।

দৰাচলতে ফেব্ৰুৱাৰী মাহত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচনৰ সময়।পিছে এতিয়াৰে পৰা পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন।

ৰাজনীতিৰ পৰা পঞ্চায়ত নিৰ্বাচনক মুক্ত কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে ।জানিব পৰা মতে জানুৱাৰী মাহত ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন।

পঞ্চায়ত নিৰ্বাচনৰ লগতে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈয়ো আহিছে বিশেষ নিয়ম। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ৭০ ভাগ দলীয় প্ৰতীকত নহয়। ৩০ শতাংশহে দলৰ প্ৰতীকত হে নিৰ্বাচন অনুষ্ঠিত হ’ব। জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ দিন।

পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা; নহ’ব নেকি পঞ্চায়ত নিৰ্বাচন

পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে এক নিৰ্দেশ।পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিক লৈ উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে। ৯ জানুৱাৰী পৰ্যন্ত ৰাজ্যিক নিৰ্বাচনী আয়োগে জাৰি কৰিব নোৱাৰিব অধিসূচনা ।

পঞ্চায়ত পুনৰনিৰ্ধাৰণৰ অনিয়মক লৈ তৰা গোচৰত এই স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ। ৯ জানুৱাৰীৰ পৰৱৰ্তী শুণানীৰ পাছতহে নিৰ্ণয় হব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা।