পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ’ব ১২ বিধ নথি; মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়মৰ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰে। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়াৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ’ব ১২ বিধ নথি। এই ১২ বিধ নথি-পত্ৰ নহ’লে পঞ্চায়ত নিৰ্বাচনত কৰিব নোৱাৰিব প্ৰতিদ্বন্দিতা।সেই নথি-পত্ৰ সমূহ হৈছে বাকী জাই

পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়মৰ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰে। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়াৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক প্ৰয়োজন হ’ব ১২ বিধ নথি।

এই ১২ বিধ নথি-পত্ৰ নহ’লে পঞ্চায়ত নিৰ্বাচনত কৰিব নোৱাৰিব প্ৰতিদ্বন্দিতা।সেই নথি-পত্ৰ সমূহ হৈছে বাকী জাই প্ৰমাণ পত্ৰ, সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ,বেংক আপত্তিবিহীন প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ,ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ,শেহতীয়া খাজান ৰচিদ,শপত নামা।

শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ,আঞ্চলিক পঞ্চায়তৰ এন অ চি, প্ৰাৰ্থীৰ নামত নতুন বেংক একাউন্ট,প্ৰস্থাৱকৰ নথি, গাঁওপ্ৰধানৰ প্ৰমাণ পত্ৰ। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্য চৰকাৰে দিছে কেইবাটাও নতুন নিয়ম।

দৰাচলতে ফেব্ৰুৱাৰী মাহত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচনৰ সময়।পিছে এতিয়াৰে পৰা পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন।

ৰাজনীতিৰ পৰা পঞ্চায়ত নিৰ্বাচনক মুক্ত কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে ।জানিব পৰা মতে জানুৱাৰী মাহত ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন।

পঞ্চায়ত নিৰ্বাচনৰ লগতে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈয়ো আহিছে বিশেষ নিয়ম। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ৭০ ভাগ দলীয় প্ৰতীকত নহয়। ৩০ শতাংশহে দলৰ প্ৰতীকত হে নিৰ্বাচন অনুষ্ঠিত হ’ব। জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ দিন।

শেহতীয়া প্ৰৱন্ধসমূহ