হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ শেষৰ পিছদিনাই হ’ব পঞ্চায়ত নিৰ্বাচন ; মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ১৮ মাৰ্চত জাৰি হ’ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা।১৭ মাৰ্চত শেষ হ’ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। আৰু পৰীক্ষা শেষ হোৱাৰ পিছতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ১৮ মাৰ্চত জাৰি হ’ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা।১৭ মাৰ্চত শেষ হ’ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা।

আৰু পৰীক্ষা শেষ হোৱাৰ পিছতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তক ৰাজনীতিমুক্ত কৰাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।

এতিয়াৰে পৰা পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ’ব লাগিব।বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে। অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোকসকলে এইক্ষেত্ৰত সুবিধা পাব।