বাতিল হ’ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা পৰীক্ষা; অসম ৰাজ্যিক শিক্ষা পৰিষদে কৰিলে ঘোষণা

বাতিল হ’ল একাদশ শ্ৰেণীৰ পৰীক্ষা। আৰু অনুষ্ঠিত নহয় বাকি থকা পৰীক্ষা সমূহ। প্ৰশ্নকাকত ফাদিলৰ পিছতে স্থগিত কৰা হৈছিল বাকি থকা পৰীক্ষা সমূহ। তাৰ পিছতেই জাৰি কৰা হৈছিল পঞ্চায়ত নিৰ্বাচনৰ দিন।

অৱশেষত আজি অসম ৰাজ্যিক শিক্ষা পৰিষদে পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। বাকী থকা বিষয়ৰ পৰীক্ষা সমূহৰ নম্বৰ শিক্ষানুষ্ঠানত হোৱা ইউনিট টেষ্ট পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মূল্যায়ন কৰা হ’ব।

অনুষ্ঠিত হোৱা পৰীক্ষাসমূহৰ মাৰ্কশ্বিট লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে।পঞ্চায়ত নিৰ্বাচনৰ বাবে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত।

হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ শেষৰ পিছদিনাই হ’ব পঞ্চায়ত নিৰ্বাচন ; মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ১৮ মাৰ্চত জাৰি হ’ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা।১৭ মাৰ্চত শেষ হ’ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা।

আৰু পৰীক্ষা শেষ হোৱাৰ পিছতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তক ৰাজনীতিমুক্ত কৰাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।

এতিয়াৰে পৰা পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ’ব লাগিব।বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে। অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোকসকলে এইক্ষেত্ৰত সুবিধা পাব।