ঘোষণা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন;  বেলট পেপাৰতে অনুষ্ঠিত হ’ব নিৰ্বাচন

ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন। অসম ৰাজ্যিক নিৰ্বাচন আযোগৰ আয়ুক্ত আলোক কুমাৰে এখন সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ২ মে’ত প্ৰথম পৰ্যায়ৰ আৰু ৭ মে’ত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ১১ মে’ত

ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন। অসম ৰাজ্যিক নিৰ্বাচন আযোগৰ আয়ুক্ত আলোক কুমাৰে এখন সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

২ মে’ত প্ৰথম পৰ্যায়ৰ আৰু ৭ মে’ত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে ১১ মে’ত ফলাফল ঘোষণা কৰা হ’ব।

প্ৰথম পৰ্যায়ত তিনিচুকিয়া , শিৱসাগৰ, ডিব্ৰুগড়, মাজুলি , ঘোৰহাট , গোলাঘাট, বিশ্বনাথ , ধেমাজি, কাছাৰ , হাইলাকান্দি, শ্ৰীভূমি জিলাকে ধৰি উজনি অসম আৰু বৰাকত অনুষ্ঠিত হ’ব।

আনহাতে দ্বিতীয় পৰ্যায়ত ধুবুৰী , বৰপেটা, নলবাৰী, দৰং , নগাওঁ, বজালী,  কামৰূপ, কামৰূপ মেট্ৰো, হোজাইত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

৩ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া। এই পঞ্চায়ত নিৰ্বাচনত EVM ৰ পৰিৱৰ্তে বেলট পেপাৰৰ দ্বাৰা অনুষ্ঠিত হ’ব।পুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈকে চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।     

শেহতীয়া প্ৰৱন্ধসমূহ