‘বিটিচিৰ উন্নয়মণৰ বাবে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাক লাগিবঃ মুখ্যমন্ত্ৰী

শনিবাৰে বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিটিচিৰ উন্নয়ণৰ বাবে বিজেপি আৰু বিপিএফ এক হ’বই লাগিব।

শনিবাৰে NDA ৰ প্ৰাৰ্থী অৰুপ কুমাৰ দে’ৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাই।

নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ইমান বৰষুণৰ পিছটো পঞ্চাশ হাজাৰতকৈও অধিক ৰাইজ ওলাই আহিছে। আৰু এই ৰাইজৰ উপস্থিতিয়ে নিশ্চিত কৰিছে যে, NDA ৰ প্ৰাৰ্থী অৰুপ কুমাৰ দে’ এ জয় লাভ কৰিব। আৰু মোৰ বিশ্বাস যে বিটিচিৰ ১৫খন আসনৰ ১৫ খনতেই NDA ৰ প্ৰাৰ্থী বিজয়ী হ’ব। NDA মানে বিপিএফ, বিজেপি, অগপ।পদুম আৰু নাঙল দুইটাই মিলি NDA । বৰ্তমান লৈকে UPPL আমাৰ লগত নাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিটিচিৰ উন্নয়ণৰ বাবে বিজেপি আৰু বিপিএফ লগ হ’বই লাগিব।বিটিচিৰ উন্নয়মণৰ বাবে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা আৰু বিটিচিৰ ৰাইজক লাগিব।   

লগতে পঢ়ক: ‘আমি উৰাবাতৰিৰ পৰা আঁতৰি থাকিব লাগিব’; দেশবাসীলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ   

‘পিতৃ-মাতৃয়ে সন্তানৰ ধৰ্ম পৰিৱৰ্তন কৰিব নোৱাৰে’; মুখ্যমন্ত্ৰী

গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈয়ে সন্তানৰ ধৰ্ম পৰিবৰ্তন কৰিবলৈ ১৮বছৰলৈ ৰ’ব লাগিছিল বুলিও উল্লেখ কৰিছে।

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বহু তথ্য ফাদিল কৰিছিল। সোমবাৰেও সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,গৌৰৱ গগৈয়ে দুই সন্তানক শোষণ কৰি আছে।  সন্তান দুটা প্ৰাপ্ত বয়স্ক নোহোৱাকৈ গৌৰৱ গগৈয়ে কেনেকৈ ধৰ্ম পৰিবৰ্তন কৰিলে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, পিতৃ-মাতৃয়ে সন্তানৰ ধৰ্ম পৰিৱৰ্তন কৰিব পাৰে নেকি? সন্তানৰ ধৰ্ম পৰিবৰ্তন কৰিবলৈ ১৮বছৰলৈ ৰ’ব লাগিছিল।তেওঁলোকৰ অনুমতিৰ অবিহনেই জাতি-ধৰ্ম সকলো পৰিৱৰ্তন কৰা হ’ল।

তেওঁ আৰু কয় যে, আজি তেওঁ সংবাদমেলত যিখিনি কথা ক’লে সেই খিনি কথাত মই কৰা সকলো অভিযোগ নস্যাৎ কৰিব নোৱাৰিলে।গৌৰৱ গগৈয়ে এটাও কথা অসত্য বুলি প্ৰমান কৰিব পৰা নাই।

সন্তানৰ ধৰ্ম পৰিবৰ্তন কৰাৰ অধিকাৰ গৌৰৱ গগৈক কোনে দিলে। সংবিধানে অভিভাৱকক সন্তানৰ নাগৰিকত্ব সলনি কৰিব পৰা অধিকাৰ দিয়া নাই বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়ক: গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ক লৈ সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ, প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য

‘উদযাপন নকৰিব বিজয়োৎসৱ’; পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কাইলৈ ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ফলাফলক লৈ এটা ডাঙৰ ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীলৈ আহ্বান জনাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত বিজয়োৎসৱ উদযাপন নকৰিবলৈ কৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘দেশৰ এই সময়ত বিজয় উৎসৱ উদযাপন কৰাটো সমীচিন নহয়।

পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত কোনো উৎসৱ নহ’ব। সেনাবাহিনীৰ জোৱানসকলে দেশৰ কাৰণে জীৱন ত্যাগ কৰিছে আৰু সেই সময়ত বিজয়োৎসৱ কৰাটো কোনো কাৰণতে ভালকথা নহয়।

এই সময়ত উদযাপন কৰাৰ পৰিৱৰ্তে আমি সকলো ভাৰতীয় সেনাৰ সৈতে থিয় হ’ব লাগে। পঞ্চায়ত নিৰ্বাচনৰ বিজয়ত কোনো ফটকা বা কোনো বিজয়-উল্লাস কৰিব নালাগে’।

কাইলৈ প্ৰকাশ নহয় মেট্ৰিকৰ ফলাফল; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কাইলৈ ঘোষণা নহয় মেট্ৰিকৰ ফলাফল । এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে এক্স যোগে এই কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে কাইলৈ ঘোষণা কৰা নহয় মেট্ৰিকৰ ফলাফল। ফলাফল সাজু হ’লে পৰিষদে জনাব আৰু তেতিয়াহে ঘোষণা কৰা হ’ব ফলাফল।

সকলোকে ধৈৰ্য ধৰাৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। ইয়াৰ পূৰ্বে কাইলৈ অৰ্থাৎ ১০ এপ্ৰিল তাৰিখে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব বুলি চৰ্চা হৈছিল।  

কোন হ’ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি? মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত

ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি কোন হ’ব তাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই বুধবাৰে এক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে “ ১৭ জানুৱাৰীত নিৰ্বাচিত হ’ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি।

বৃহস্পতিবাৰে নিশা ৭ বজালৈ সভাপতিৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব।পিছে এখন মনোনয়ন পত্ৰ থাকিলে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব প্ৰতিদ্বন্দ্বী” ।

কিন্তু এখনতকৈ অধিক মনোনয়ন হ’লে নিৰ্বাচন অনুষ্ঠিত হ’ব সভাপতি পদৰ বাবে। এজন উমৈহতীয়া প্ৰাৰ্থীক সভাপতি পদৰ বাবে স্থিৰ কৰাৰ সম্ভাৱনা অধিক” বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

“মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত হে হ’ব পঞ্চায়ত নিৰ্বাচন”; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

অনিশ্চয়তাৰ মাজলৈ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। ফেব্ৰুৱাৰী মাহটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ক্ষীণ। সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে।

HS-HSLC পৰীক্ষাৰ পাছতহে নিৰ্বাচনৰ ইংগিত মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “ন্যায়ালয়ত ওলমি ৰৈছে পঞ্চায়ত নিৰ্বাচনৰ ভৱিষ্যৎ। ১০ জানুৱাৰীৰ দিনাও গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰৰ আবেদনৰ ৰায় নিদিলে।

দিন ঘোষণা হোৱাৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এমাহ সময় লাগে। কিন্তু এতিয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে পিছুৱাই যাব পঞ্চায়ত নিৰ্বাচন। শ্ৰীভূমিৰ ১৯খন পঞ্চায়তক লৈ সৃষ্টি হৈছে সমস্যাৰ।

এই ১৯টা পঞ্চায়ত বাদ দি অসমৰ কোনো সমস্যা নাই। সেই জিলাখন বাদ দি ৰাজ্যৰ আন প্ৰান্তত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা গ’লহেতেন। কিন্তু এতিয়ালৈকে ন্যায়ালয়ৰ অনুমতি পোৱা নাই”।

দৰাচলতে পঞ্চায়ত নিৰ্বাচন পিছুৱাবলৈ কৰিমগঞ্জ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে এটা গোচৰ তৰিছিল।

সেই গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়া লৈকে কোনো ৰায় দিয়া নাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ একাংশই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচৰা নাই বুলিও মন্তব্য কৰে।