বিধানসভাৰ অধিৱেশনে বড়োলেণ্ডলৈ কঢ়িয়াব উন্নয়নৰ বতৰা; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত এইবাৰ অনুষ্ঠিত হৈছে বিধানসভাৰ বাজেট অধিৱেশন। এই অধিৱেশনৰ বাবে কোকৰাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ’বলগীয়া বাজেট অধিবেশনৰ

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত এইবাৰ অনুষ্ঠিত হৈছে বিধানসভাৰ বাজেট অধিৱেশন।

এই অধিৱেশনৰ বাবে কোকৰাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ’বলগীয়া বাজেট অধিবেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত -ভূটান সীমান্তবৰ্তী পথ পৰিদৰ্শন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিধানসভাৰ অধিৱেশনে বড়োলেণ্ডলৈ কঢ়িয়াব উন্নয়নৰ বতৰা। অতি শীঘ্ৰেই নিৰ্মান কৰা হ’ব ভূটান সীমান্তলৈ পথ।

১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব পথ নিৰ্মানৰ কাম ।প্ৰাৰম্ভিক পৰ্যায়ত ৩৬ কোটি টকা অনুদানেৰে নিৰ্মিত হ’ব পথ ।

তেওঁ লগতে কয় যে বাজেট অধিবেশন সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে, কোকৰাঝাৰত অনুষ্ঠিত হোৱা বাজেট অধিবেশনে বিটিআৰ, কাৰ্বি-আংলং আৰু ডিমা হাচাও ষষ্ঠ অনুসূচীক কেনেদৰে শক্তিশালী কৰা যাব তাৰ ওপৰত সদনত আলোচনা কৰা হ’ব।