‘অখিল গগৈয়ে সদনত মন্ত্ৰীৰ লগত তৰ্ক-বিতৰ্কহে কৰে’; ৱাজেদ আলী চৌধুৰী

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয়টো দিন। সদনত উপস্থিত হৈ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে অখিল গগৈক লৈ এক ডাঙৰ মন্তব্য কৰিছে।

সদনত অখিল গগৈৰ ভূমিকা সন্দৰ্ভত বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে এক ডাঙৰ মন্তব্য কৰিছে। বিৰোধী দলপতি গৰাকীয়ে কয় যে, সদনত অখিল গগৈয়ে কোনো বিৰোধীৰ ভূমিকা পালন নকৰে, কেৱল মন্ত্ৰীৰ লগত তৰ্ক-বিতৰ্কহে কৰে। তেওঁৰ হাতত কোনো তথ্য নাথাকে।

বিৰোধী দলপতি গৰাকীয়ে কয় যে, সদনত অখিল গগৈয়ে ভিত্তিহীন কথা কয়। অখিল গগৈয়ে কেৱল চিন ক্ৰিয়েট কৰে। যিবোৰ সমস্যাত মাত মাতিব লাগে সেইবোৰত মাত নামাতে। অকল মন্ত্ৰীৰ লগত তৰ্ক-বিতৰ্ক কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে। সেয়া কেতিয়াও বিৰোধীৰ ভূমিকা হ’ব নোৱাৰে।

লগতে পঢ়ক: ‘এনেই যি টি কথা নক’ব’: বিধানসভাত অখিল গগৈক চেলেঞ্জ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

আজি সদনত উপস্থাপন হ’ব বহু চৰ্চিত UCC বিধেয়ক; লিভ ইন ৰিলেশ্বনশ্বীপৰ পৰা বহু বিবাহলৈকে আহিব কঠোৰ নিয়ম!

অসম বিধানসভা অধিৱেশনৰ তৃতীয়টো দিনত সদনত উত্থাপন হ’ব পাৰে বহু চৰ্চিত UCC বিধেয়ক।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনত উপস্থাপন কৰিব এই বিধেয়ক।

অসম বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিন। পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ কাম-কাজ। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ’ব অধিৱেশনৰৱ কাম-কাজ। ৰাজ্যপালৰ ভাষণৰ ওপৰত হ’ব বিতৰ্ক।সদনত সদনত সম নাগৰিক সংহিতা বিধেয়ক উত্থাপন  হোৱাৰ লগতে আন কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে।আজি সদনত উপত্থাপন হ’ব নাৰী শক্তি বন্দন অধিনিয়ম। মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিব মহিলাৰ বাবে ৩৩%  সংৰক্ষণৰ প্ৰস্তাৱ।ইয়াৰ অধীনত লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত থাকিব।

আজি সদনত উত্থাপন হ’ব পাৰে বহু চৰ্চিত UCC বিধেয়ক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনত উপস্থাপন কৰিব এই বিধেয়ক। উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকতে UCCৰ খচৰাত অনুমোদন জনাইছিল।৪ টা গুৰুত্বপূৰ্ণ বিষয়ত কঠোৰ হ’ব UNIFORM  CIVIL CODE। এই UCC অনুসৰি বিয়াৰ বয়সত থাকিব নূন্যতম সীমা। UCC বলৱ হ’লেই ৰাজ্যত আৰু কোনেও বহু বিবাহ কৰিব নোৱাৰিব।

সম্পত্তি অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে কন্যাৰো অধিকাৰ থাকিব। ৰাজ্যত সম্পূৰ্ণ ৰূপে বন্ধ হ’ব লিভ ইন ৰিলেশ্বনশ্বীপ। অৱশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, এই UCCৰ পৰা জনজাতীয় লোকক বাহিৰত ৰখা হ’ব। বিভিন্ন ধৰ্মৰ পৰম্পৰাকো UCC ৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব। কেৱল ইমানেই নহয় এই UCC ত সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব।    

লগতে পঢ়ক: অসমৰ ৮২ গৰাকী নৱনিৰ্বাচিত বিধায়কক বিজেপিয়ে জনাব সম্বৰ্ধনা

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন…

আজিৰে পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে ১৭ ফেব্ৰুৱাৰীত সদনত দাখিল কৰিব বাজেট লেখানুদান।

আজিৰে পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। চাৰিদিনীয়া কাৰ্যসূচীয়ে হ’ব এই অধিৱেশন।ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বিধানসভাৰ অধিৱেশন।

অধিৱেশনৰ দ্বিতীয়দিনা সদনত উত্থাপন হ’ব আগন্তুক বিত্তীয় বৰ্ষৰ লেখানুদান। সমাগত নিৰ্বাচনৰ বাবে পূৰ্ণাংগ বাজেটৰ সলনি উত্থাপন হ’ব লেখানুদান।

পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে ১৭ ফেব্ৰুৱাৰীত সদনত দাখিল কৰিব বাজেট লেখানুদান। চলিত কাৰ্যকালৰ এইখন শেষ অধিৱেশন।১৯ ফেব্ৰুৱাৰীত অন্ত পৰিব চাৰিদিনীয়া অধিৱেশন।

লগতে পঢ়ক: ‘অসমত চলি থাকিব উচ্ছেদ অভিযান’; বেদখলকাৰীক মুখ্যমন্ত্ৰীৰ সকীয়নি

বিধানসভাৰ অধিৱেশনে বড়োলেণ্ডলৈ কঢ়িয়াব উন্নয়নৰ বতৰা; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত এইবাৰ অনুষ্ঠিত হৈছে বিধানসভাৰ বাজেট অধিৱেশন।

এই অধিৱেশনৰ বাবে কোকৰাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ’বলগীয়া বাজেট অধিবেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত -ভূটান সীমান্তবৰ্তী পথ পৰিদৰ্শন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিধানসভাৰ অধিৱেশনে বড়োলেণ্ডলৈ কঢ়িয়াব উন্নয়নৰ বতৰা। অতি শীঘ্ৰেই নিৰ্মান কৰা হ’ব ভূটান সীমান্তলৈ পথ।

১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব পথ নিৰ্মানৰ কাম ।প্ৰাৰম্ভিক পৰ্যায়ত ৩৬ কোটি টকা অনুদানেৰে নিৰ্মিত হ’ব পথ ।

তেওঁ লগতে কয় যে বাজেট অধিবেশন সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে, কোকৰাঝাৰত অনুষ্ঠিত হোৱা বাজেট অধিবেশনে বিটিআৰ, কাৰ্বি-আংলং আৰু ডিমা হাচাও ষষ্ঠ অনুসূচীক কেনেদৰে শক্তিশালী কৰা যাব তাৰ ওপৰত সদনত আলোচনা কৰা হ’ব।

ৰাজধানী বাহিৰত প্ৰথমবাৰলৈ অসম বিধানসভাৰ অধিৱেশন; পাঁচখন বিশেষ বাছেৰে ৰাওনা মন্ত্ৰী-বিধায়কৰ

অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন।  কোকৰাঝাৰৰ বড়োলেণ্ড পৰিষদীয় বিধানসভা ভৱনত হ’ব বিধান সভাৰ বাজেট অধিৱেশন।

আজি পুৱাই ৫খন বিশেষ বাছেৰে কোকৰাঝাৰলৈ ৰাওনা হয় অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কসকল। আজিৰে পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন।

ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশনৰ কাৰ্যসূচী। পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব দিনটোৰ কাৰ্যসূচী। ইতিমধ্যে ৫খন বিশেষ বাছত ইতিমধ্যে গুৱাহাটীৰ পৰা ৰাওনা হৈছে মন্ত্ৰী-বিধায়কসকল।

পুৱা ৬ বজাত ৰাওনা হৈছে সকলো। বডোফা চহৰত অনুষ্ঠিত হ’ব লগীয়া অধিৱেশনক লৈ উৎকণ্ঠা বৃদ্ধি পাইচে কোকৰাঝাৰবাসীৰ। অধিৱেশনৰ বাবে নিশাই কোকৰাঝাৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

এই অধিৱেশনক লৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই সামাজিক মাধ্যমত লিখিছে যে, ‘‘অসমৰ ইতিহাসত আজিৰ দিনটো এক ঐতিহাসিক দিন।

ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত অসম বিধান সভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হ’ব।

কিছু সময় পূৰ্বে অসম বিধান সভাৰ সন্মানীয় সদস্যসকলৰ সৈতে এই ঐতিহাসিক দিনৰ সাক্ষী হ’বলৈ আমি গুৱাহাটীৰ অসম বিধান সভা চৌহদৰ পৰা কোকৰাঝাৰলৈ যাত্ৰা আৰম্ভ কৰোঁ।

এসময়ত অশান্ত আৰু উন্নয়নৰ পৰা বঞ্চিত বি টি আৰৰ শান্তি আৰু প্ৰগতিৰ ক্ষেত্ৰতো ই এক উল্লেখনীয় দৃষ্টান্ত হিচাপে দেশজুৰি চৰ্চিত হৈছে।

আজিৰ অধিৱেশনত অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থ-সামাজিক আৰু সামগ্ৰিক উন্নয়ন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ’ব।

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গ্ৰহণ কৰা এই দূৰদৰ্শী সিদ্ধান্তই ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আমি দৃঢ় বিশ্বাসী।’’