দুখনকৈ জিলাত সম্পূৰ্ণৰূপে বন্ধ ইন্টাৰনেট সেৱা, প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা

হিংসাত্মক সংঘাতৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে মোবাইল ইন্টাৰনেট আৰু ডাটা সেৱা বন্ধ কৰিছে

ভাৰত-ভূটান সীমান্তত চলি থকা এক উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক সংঘাতৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে চিৰাং আৰু কোকৰাঝাৰ জিলাত মোবাইল ইণ্টাৰনেট আৰু ডাটা সেৱা বন্ধ কৰিছে ।

অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে জাৰি কৰা এক চৰকাৰী জাননী অনুসৰি, ১৬ এপ্ৰিলত ৰুণীখাতাত উচ্ছেদ অভিযানৰ সময়ত বন বিভাগে ২৫ জন আদিবাসী লোকক আটক কৰাৰ পিছত চিৰাং জিলাত অশান্তিৰ সৃষ্টি হোৱাৰ খবৰ পোৱা গৈছিল । ইয়াৰ পিছতে প্ৰতিবাদকাৰী আৰু বনকৰ্মীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত হয় । প্ৰতিবাদকাৰীয়ে চৰকাৰী বাহনত অগ্নিসংযোগ কৰাৰ লগতে ৰেঞ্জ অফিচাৰৰ কাৰ্যালয়টো জ্বলাই দিবলৈ চেষ্টা কৰা বুলি জানিব পৰা গৈছে । লগতে গুলীচালনাৰ ঘটনা আৰু তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় বুলিও খবৰ প্ৰকাশ পাইছে ।

এই পৰিস্থিতি চুবুৰীয়া কোকৰাঝাৰ জিলাৰ দৰে সমীপৱৰ্তী অঞ্চললৈও বিয়পি পৰাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই উদ্বেগ প্ৰকাশ কৰিছে, যিয়ে জনসাধাৰণৰ সুৰক্ষা আৰু আইন-শৃংখলাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে । জাননীখনত উল্লেখ কৰা হৈছে যে হোৱাটছএপ, ফেচবুক, এক্স, ইউটিউব আৰু ইনষ্টাগ্ৰামৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে অপপ্ৰচাৰ আৰু উত্তেজক বিষয়বস্তু বিয়পি পৰাৰ আশংকা আছে, যাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব পাৰে ।

ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫ আৰু টেলিকম সেৱাৰ সাময়িক নিলম্বন নিয়ম, ২০১৭ ৰ ব্যৱস্থাৱলী প্ৰয়োগ কৰি চৰকাৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আক্ৰান্ত জিলাকেইখনত তাৎক্ষণিকভাৱে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে ।

অৱশ্যে ভইচ কল আৰু ফিক্সড লাইন কানেকচনৰ জৰিয়তে ব্ৰডবেণ্ড সেৱা কাৰ্যকৰী হৈ থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জাননীত সতৰ্ক কৰি দিয়া হৈছে ।

লগতে পঢ়ক : পৱন খেৰাই আত্মসমৰ্পণ কৰা উচিত: জামিন আবেদন খাৰিজৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

হঠাৎ এক প্ৰচণ্ড শব্দ: ভোট দিবলৈ গৈ ঘূৰি নাহিল মাতৃ-পুত্ৰ

কোকৰাঝাৰৰ সেৰফাংগুৰিৰ কলবাৰীত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ভোট দিবলৈ গৈ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ।

 কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰি থানাৰ অন্তৰ্গত কলবাৰীত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।ভোট দিবলৈ গৈ থকা সময়তে এখন ট্ৰাকৰ খুন্দাত নিহত হয় মাতৃ-পুত্ৰ। নিহত মাতৃ-পুত্ৰৰ ঘৰ কোকৰাঝাৰৰ লুংচুং বনাঞ্চলত।

জানিব পৰা মতে  AS15 W 5014 বাইকখনেৰে দুই মাতৃ-পুত্ৰই ভোটকেন্দ্ৰলৈ গৈ আছিল। সেই সময়তে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলবাৰীত তীব্ৰবেগ অহা এখন ট্ৰাকে খুন্দা মাৰে বাইকখনত। নিহত দুজন ক্ৰমে বিনোদ টুডু আৰু ফুলমনি বুলি জানিব পৰা গৈছে।  

লগতে পঢ়ক: যোৰহাটৰ স্থায়ী বাসিন্দা হৈ প্ৰথমবাৰৰ বাবে ভোটদান কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ  

কোকৰাঝাৰলৈ ৪,৫৭০ কোটি টকাৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰৰ বাবে কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে

দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুপৰীয়া বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীক অসম ভূমিলৈ আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰৰ বাবে কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে আৰু উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ কৰা তিনিখন নতুন ৰে’ল সেৱাৰ ফ্লেগ অফ কৰে ।

ইফালে বেয়া বতৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত পূৰ্বনিৰ্ধাৰিত জনসভাত অংশগ্ৰহণ কৰিব নোৱাৰিলে । যাৰ পৰিপেক্ষিতত তেওঁ গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰে ।

এই অনুষ্ঠানতে মোদীয়ে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বাঁশবাৰীত এটা পিৰিয়ডিক অভাৰহোল ৱৰ্কশ্বপৰ (Periodic Overhaul Workshop) আধাৰশিলা স্থাপন কৰে । এই সুবিধাই ৰে’লৱে মেৰামতিৰ ক্ষমতা শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনি উন্নত কৰিব বুলি আশা কৰা হৈছে ।

ইয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে তেওঁ তিনিখন নতুন ৰে’ল সেৱাৰো শুভাৰম্ভ কৰে । কামাখ্যা–চাৰ্লাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, নাৰংগী–আগৰতলা এক্সপ্ৰেছ আৰু গুৱাহাটী–নিউ জলপাইগুড়ী এক্সপ্ৰেছ সেয়াৰ শুভাৰম্ভ কৰে তেওঁ ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ চহৰত চাৰিখন উৰণ সেতুৰ আধাৰশিলাও স্থাপন কৰে । এই প্ৰকল্পসমূহে যান-জঁট হ্ৰাস কৰাৰ লগতে চহৰখনৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব বুলি আশা কৰা হৈছে ।

এই কাৰ্যসূচীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিচিটি প্ৰধান হাগ্ৰামা মহিলাৰী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে ।

লগতে পঢ়ক : গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ফুলাম গামোচাৰে মুখ্যমন্ত্ৰীয়ে জনালে আদৰণি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী মোদী, ১৩ মাৰ্চত কোকৰাঝাৰত বৃহৎ অনুষ্ঠান

ভ্ৰমণ কালত কোকৰাঝাৰক ভূটানৰ সৈতে সংযোগ কৰিবলগীয়া এক ঐতিহাসিক ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

১৩ মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই ভ্ৰমণ কালত কোকৰাঝাৰক ভূটানৰ সৈতে সংযোগ কৰিবলগীয়া এক ঐতিহাসিক ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই প্ৰকল্প উত্তৰ-পূবৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত আৰু উন্নয়নমূলক ফালৰ পৰা এক বৃহৎ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে । এই কাৰ্যসূচী কোকৰাঝাৰৰ গ্ৰীণফিল্ড ফিল্ডত অনুষ্ঠিত হ’ব, যাৰ বাবে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ব্যাপক প্ৰস্তুতি চলিছে ।

প্ৰস্তাৱিত ৰে’ল সংযোগে আন্তঃসীমান্ত সংযোগ বৃদ্ধি কৰিব, ভূটানৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰিব আৰু অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ বাবে বিকাশৰ নতুন পথ মুকলি কৰিব বুলি আশা কৰা হৈছে । ভূটান ৰে’ল সংযোগৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণকালত কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক আঁচনি উদ্বোধনৰ কাৰ্যসূচী আছে, যিয়ে অঞ্চলটোত আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ওপৰত কেন্দ্ৰৰ গুৰুত্বক পুনৰ প্ৰমাণ কৰে ।

অনুষ্ঠানটো যাতে সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে ৰাজ্যিক আৰু আঞ্চলিক পৰ্যায়ৰ জ্যেষ্ঠ নেতাসকলে ইতিমধ্যে কাম-কাজ আৰম্ভ কৰিছে । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অসমৰ মুখ্য সচিব ৰবি কোটা আৰু বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সোমবাৰে গ্ৰীণফিল্ড পৰিদৰ্শন কৰি প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । প্ৰতিনিধি দলটোৱে নিৰাপত্তা, লজিষ্টিক, মঞ্চ নিৰ্মাণ আৰু জনসাধাৰণৰ অংশগ্ৰহণ সম্পৰ্কীয় ব্যৱস্থাসমূহ পৰীক্ষা কৰে ।

বিটিচি সচিবালয়ত এখন উচ্চস্তৰীয় সমন্বয় বৈঠক অনুষ্ঠিত হয়, য’ত একাধিক বিভাগৰ বিষয়াসকলে নিৰাপত্তা ব্যৱস্থা, যান-বাহন নিয়ন্ত্ৰণ পৰিকল্পনা, ভিৰ ব্যৱস্থাপনা আৰু প্ৰশাসনিক সমন্বয়ৰ বিষয়ে আলোচনা কৰে । বৃহৎ জনসমাগমৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ চহৰ আৰু ইয়াৰ আশে-পাশে যাতায়ত সুচল কৰাৰ বাবে কৰ্তৃপক্ষই কাম কৰি আছে । ৰে’ল সংযোগ প্ৰকল্পটোৱে ভাৰত আৰু ভূটানৰ মাজত বাণিজ্য, পৰ্যটন আৰু জনসাধাৰণৰ মাজত যোগাযোগ লক্ষণীয়ভাৱে বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । কৌশলগতভাৱে ই সীমান্তৱৰ্তী অঞ্চলসমূহত সংযোগ শক্তিশালী কৰা আৰু উত্তৰ-পূবক চুবুৰীয়া দেশসমূহৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংলগ্ন কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাক শক্তিশালী কৰিব ।

লগতে পঢ়ক : আজিৰে পৰা কাৰ্যক্ষম হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ অত্যাধুনিক নতুন টাৰ্মিনেল

কোকৰাঝাৰত ৰে’লপথত আই ই ডি বিস্ফোৰণ; ৰে’ল সেৱা প্ৰভাৱিত

ৰে’লপথত আই ই ডি বিস্ফোৰণ

কোকৰাঝাত বৃহস্পতিবাৰে পুৱা ৰে’লপথত এক আই ই ডি বিস্ফোৰণ সংঘটিত হয় । এই বিস্ফোৰণত ৰে’লপথটো বিচ্ছিন্ন হৈ যাই । ফলত অসম আৰু উত্তৰ বংগৰ কেইবাটাও অঞ্চলৰ ৰে’ল সেৱাত ব্যাঘাত জন্মে । কোকৰাঝাৰ ৰে’ল ষ্টেচনৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ ছালাকাটিত সংঘটিত হয় এই বিস্ফোৰণ । বিস্ফোৰণৰ ফলত প্ৰায় তিনিফুট দৈৰ্ঘ্যৰ ৰে’লপথ ছিন্নভিন্ন হৈ কেইবা মিটাৰ দূৰৈত সিঁচৰতি হৈ পৰে । এই ঘটনাত কোনো লোক হতাহত হোৱা বা ৰে’ল লাইনচ্যুত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই ।

কোকৰাঝাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে ট্ৰেকটোৰ এটা সৰু অংশৰ ক্ষতিসাধন হৈছে । ইতিমধ্যে ক্ষতি হোৱা ট্ৰেকটো মেৰামতি কৰা হৈছে । এতিয়া পুনৰ ৰেল সেৱা আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে । ৰে’ল আৰু নিৰাপত্তা বিষয়াসকলে ক্ষতিগ্ৰস্ত অঞ্চলটো ভালদৰে পৰিদৰ্শন কৰি ৰে’ল সেৱা পুনৰ আৰম্ভ কৰে । ইফালে নিৰাপত্তা কটকটীয়া কৰাৰ লগতে বিস্ফোৰণৰ সৈতে জড়িত ব্যক্তিক আটক কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক : নামচাইত সেনা-আলফা (স্বাঃ)ৰ সংঘৰ্ষঃ নিহত আলফা কেডাৰ

দুবছৰত সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব বড়ো শান্তি চুক্তিঃ কোকৰাঝাৰত অমিত শ্বাহ…

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ দুদিনীয়া ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কোকৰাঝাৰত সদৌ বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰে । এই কাৰ্যসূচীত অমিত শ্বাহে কয় যে বড়োলেণ্ড বছৰ বছৰ ধৰি হিংসাত্মক পৰিস্থিতিত থাকিল । কিন্তু এতিয়া ইয়াৰ যুৱক-যুৱতীসকলে বন্দুক এৰি ত্ৰিৰংগ উঠাইছে । লগতে অমিত শ্বাহে বড়োলেণ্ডৰ যুৱক-যুৱতীসকলক ২০৩৬ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাবলৈ আহ্বান জনায় । বড়ো ছাত্ৰ সন্থাক সম্বোধন কৰাৰ পাছত অমিত শ্বাহে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৩খন নতুন অপৰাধমূলক আইনৰো পৰ্যালোচনা কৰে । য’ত মুখ্যমন্ত্ৰীসকলৰ লগতে বহু উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।

অসম চি আই ডিৰ নতুন কিতাপ মুকলি-

দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহত তিনিখন নতুন অপৰাধমূলক আইন ৰূপায়ণৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বৈঠকৰ সময়ত গৃহমন্ত্ৰীয়ে অসমৰ অপৰাধ অনুসন্ধান বিভাগৰ (চি আই ডি) প্ৰস্তুত কৰা ‘New Criminal Laws: Standard Operating Procedures and Rules’ নামৰ গ্ৰন্থখনো মুকলি কৰে ।

এই বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহত আৰক্ষী, কাৰাগাৰ, আদালত, বিচাৰ আৰু ফৰেনছিক সম্পৰ্কীয় বিভিন্ন নতুন বিধানৰ কাৰ্যকৰীকৰণ আৰু বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰা হয় ।

বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বিষয়াসকল উপস্থিত থাকে-

এই বৈঠকত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ মুখ্যমন্ত্ৰী আৰু মণিপুৰৰ ৰাজ্যপালে অংশগ্ৰহণ কৰে । এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় গৃহ সচিব, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়াও উপস্থিত থাকে ।

বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে দিলে ১৫০০ কোটি টকা-

ইয়াৰ পূৰ্বে সদৌ বড়ো ছাত্ৰ সন্থাৰ সন্মিলনত অমিত শ্বাহে কয় যে ৩৫ লাখ জনসংখ্যা থকা বড়োলেণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৫০০ কোটি টকা দিছে । লগতে তেওঁ কয় যে বড়ো চুক্তিৰ ৮২% বিধান কাৰ্যকৰী হৈছে, বাকীখিনি অহা দুবছৰত সম্পূৰ্ণ হ’ব ।

কংগ্ৰেছে ঠাট্টা কৰিছিল, এতিয়া বড়োলেণ্ডত শান্তি-

কংগ্ৰেছক লক্ষ্য কৰি অমিত শ্বাহে কয় যে কংগ্ৰেছে বি টি আৰত কেতিয়াও শান্তি নাহে বুলি কৈ আমাক ঠাট্টা কৰিছিল । কিন্তু এতিয়া বড়ো যুৱকে বন্দুকৰ সলনি ত্ৰিৰংগ কঢ়িয়াই লৈ ফুৰে, আৰু ২০২০ চনৰ জানুৱাৰী মাহত স্বাক্ষৰিত হোৱা বড়ো শান্তি চুক্তিৰ বাবেই এইটো সম্ভৱ হৈছে ।

বিধানসভাৰ অধিৱেশনে বড়োলেণ্ডলৈ কঢ়িয়াব উন্নয়নৰ বতৰা; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত এইবাৰ অনুষ্ঠিত হৈছে বিধানসভাৰ বাজেট অধিৱেশন।

এই অধিৱেশনৰ বাবে কোকৰাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভা ভৱনত অনুষ্ঠিত হ’বলগীয়া বাজেট অধিবেশনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত -ভূটান সীমান্তবৰ্তী পথ পৰিদৰ্শন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিধানসভাৰ অধিৱেশনে বড়োলেণ্ডলৈ কঢ়িয়াব উন্নয়নৰ বতৰা। অতি শীঘ্ৰেই নিৰ্মান কৰা হ’ব ভূটান সীমান্তলৈ পথ।

১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব পথ নিৰ্মানৰ কাম ।প্ৰাৰম্ভিক পৰ্যায়ত ৩৬ কোটি টকা অনুদানেৰে নিৰ্মিত হ’ব পথ ।

তেওঁ লগতে কয় যে বাজেট অধিবেশন সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে, কোকৰাঝাৰত অনুষ্ঠিত হোৱা বাজেট অধিবেশনে বিটিআৰ, কাৰ্বি-আংলং আৰু ডিমা হাচাও ষষ্ঠ অনুসূচীক কেনেদৰে শক্তিশালী কৰা যাব তাৰ ওপৰত সদনত আলোচনা কৰা হ’ব।

ৰাজধানী বাহিৰত প্ৰথমবাৰলৈ অসম বিধানসভাৰ অধিৱেশন; পাঁচখন বিশেষ বাছেৰে ৰাওনা মন্ত্ৰী-বিধায়কৰ

অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন।  কোকৰাঝাৰৰ বড়োলেণ্ড পৰিষদীয় বিধানসভা ভৱনত হ’ব বিধান সভাৰ বাজেট অধিৱেশন।

আজি পুৱাই ৫খন বিশেষ বাছেৰে কোকৰাঝাৰলৈ ৰাওনা হয় অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কসকল। আজিৰে পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন।

ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশনৰ কাৰ্যসূচী। পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব দিনটোৰ কাৰ্যসূচী। ইতিমধ্যে ৫খন বিশেষ বাছত ইতিমধ্যে গুৱাহাটীৰ পৰা ৰাওনা হৈছে মন্ত্ৰী-বিধায়কসকল।

পুৱা ৬ বজাত ৰাওনা হৈছে সকলো। বডোফা চহৰত অনুষ্ঠিত হ’ব লগীয়া অধিৱেশনক লৈ উৎকণ্ঠা বৃদ্ধি পাইচে কোকৰাঝাৰবাসীৰ। অধিৱেশনৰ বাবে নিশাই কোকৰাঝাৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

এই অধিৱেশনক লৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই সামাজিক মাধ্যমত লিখিছে যে, ‘‘অসমৰ ইতিহাসত আজিৰ দিনটো এক ঐতিহাসিক দিন।

ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত অসম বিধান সভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হ’ব।

কিছু সময় পূৰ্বে অসম বিধান সভাৰ সন্মানীয় সদস্যসকলৰ সৈতে এই ঐতিহাসিক দিনৰ সাক্ষী হ’বলৈ আমি গুৱাহাটীৰ অসম বিধান সভা চৌহদৰ পৰা কোকৰাঝাৰলৈ যাত্ৰা আৰম্ভ কৰোঁ।

এসময়ত অশান্ত আৰু উন্নয়নৰ পৰা বঞ্চিত বি টি আৰৰ শান্তি আৰু প্ৰগতিৰ ক্ষেত্ৰতো ই এক উল্লেখনীয় দৃষ্টান্ত হিচাপে দেশজুৰি চৰ্চিত হৈছে।

আজিৰ অধিৱেশনত অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থ-সামাজিক আৰু সামগ্ৰিক উন্নয়ন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ’ব।

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গ্ৰহণ কৰা এই দূৰদৰ্শী সিদ্ধান্তই ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আমি দৃঢ় বিশ্বাসী।’’

CDPO সূৰ্য বৰুৱাৰ ঘৰত টকাৰ উজান;টকা গণিবলৈ অনা হৈছে ২টাকৈ মেছিন

মহানগৰীৰৰ আনন্দ নগৰৰ এপাৰ্টমেণ্টত চি এম ভিজিলেঞ্চৰ অভিযান। পুৱা ৬ বজাৰ পৰা চি এম ভিজিলেঞ্চে চলাই আছে অভিযান।

দৰাচলতে কোকৰাঝাৰৰ CDPO সূৰ্য বৰুৱাই আয়বৰ্হিভূত ভাৱে গঢ়িছিল সম্পত্তি।চি এম ভিজিলেঞ্চৰ অভিযানত CDPO সূৰ্য বৰুৱাৰ ঘৰত উঠিছে টকাৰ উজান।লাখ লাখ টকা জব্দ কৰিছে চি এম ভিজিলেঞ্চে।

CDPO সূৰ্য বৰুৱাৰ নগদ ধন গণি গণি ভাগৰি পৰিছে চি এম ভিজিলেঞ্চৰ দল। যাৰ বাবে টকা গণিবলৈ অনা হৈছে ২টাকৈ মেছিন। ১০ ৰ পৰা ১৫ জনীয়া ভিজিলেঞ্চৰ দলে CDPO সূৰ্য বৰুৱাৰ বাসগৃহত চলাইচে মাৰাথন অভিযান।