যোৰহাটৰ স্থায়ী বাসিন্দা হৈ প্ৰথমবাৰৰ বাবে ভোটদান কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

যোৰহাটৰ স্থায়ী বাসিন্দা হৈ প্ৰথমবাৰৰ বাবে ভোটদান কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বৃহস্পতিবাৰে যোৰহাট সমষ্টিৰ ১৫ নম্বৰ ৱাৰ্ডত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে আজি অসম বিধানসভা নিৰ্বাচনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ সন্ধিয়া ৫ বজালৈ চলিব । ইতিমধ্যে প্ৰতিকূল বতৰকো নেওচি ভোট কেন্দ্ৰত

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বৃহস্পতিবাৰে যোৰহাট সমষ্টিৰ ১৫ নম্বৰ ৱাৰ্ডত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে

আজি অসম বিধানসভা নিৰ্বাচনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ সন্ধিয়া ৫ বজালৈ চলিব । ইতিমধ্যে প্ৰতিকূল বতৰকো নেওচি ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে । লগতে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়েও সপৰিয়ালে এই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

ইয়াৰ মাজতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বৃহস্পতিবাৰে যোৰহাট সমষ্টিৰ ১৫ নম্বৰ ৱাৰ্ডত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । ভোটকেন্দ্ৰত উপস্থিত হৈ তেওঁ সাংবাদিকৰ আগত ভোটদানক গণতন্ত্ৰৰ এক উৎসৱ হিচাপে অভিহিত কৰে । মন্ত্ৰী মাৰ্ঘেৰিটাই কয়, “মই মোৰ ভোটদান কৰিবলৈ আহিছো । গণতন্ত্ৰৰ উৎসৱ, গণতন্ত্ৰৰ এই মহান উদযাপন চলি আছে ।” তেওঁ দেশৰ জনসাধাৰণক নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰি অংশগ্ৰহণৰ জৰিয়তে ৰাষ্ট্ৰক শক্তিশালী কৰিবলৈ আহ্বান জনায় তেওঁ । তেওঁ লগতে কয়, “মই আমাৰ ৰাইজক এক শক্তিশালী গণতন্ত্ৰৰ বাবে ওলাই আহি ভোটদান কৰিবলৈ আহ্বান জনাইছো ।”

আনহাতে, যোৰহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়েও বৃহস্পতিবাৰে বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান কৰে ।

উল্লেখ্য য়ে, অসমৰ ১২৬ খন আসনৰ বাবে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৪ মে’ত ভোটগণনা সম্পন্ন হ’ব । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, চলিত বিধানসভা নিৰ্বাচনৰ বাবে পুৱা ৯ বজালৈকে অসমত ১৭.৮৭ শতাংশ ভোটদানৰ হাৰ নথিভুক্ত কৰা হৈছে ।

লগতে পঢ়ক : ভোটদানৰ পূৰ্বে কামাখ্যা ধামত পত্নী-পুত্ৰ-কন্যাসহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

শেহতীয়া প্ৰৱন্ধসমূহ