ভোটদানৰ পূৰ্বে কামাখ্যা ধামত পত্নী-পুত্ৰ-কন্যাসহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ভোটদানৰ পূৰ্বে কামাখ্যা ধামত পত্নী-পুত্ৰ-কন্যাসহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে কামাখ্যা মন্দিৰত উপস্থিত হৈ দেৱী মাৰ আশীৰ্বাদ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভা নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে কামাখ্যা মন্দিৰত উপস্থিত হৈ দেৱী মাৰ আশীৰ্বাদ লয় । তেওঁৰ সৈতে এই সময়ছোৱাত উপস্থিত থাকে পত্নী ৰিণিকি

ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে কামাখ্যা মন্দিৰত উপস্থিত হৈ দেৱী মাৰ আশীৰ্বাদ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভা নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে কামাখ্যা মন্দিৰত উপস্থিত হৈ দেৱী মাৰ আশীৰ্বাদ লয় । তেওঁৰ সৈতে এই সময়ছোৱাত উপস্থিত থাকে পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ আৰু কন্যা ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ কামাখ্যা দেৱীৰ ওচৰত ৰাজ্যখনৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছে । তেওঁ কয়, “আজি অসমত ভোটদানৰ দিন । ভোটদানৰ দিনটোত মা কামাখ্যাক দৰ্শন কৰাৰ সৌভাগ্য হ’ল । অসম যাতে সমৃদ্ধিশালী হয় আৰু ৰাজ্যৰ জনসাধাৰণ আগুৱাই যায়, তাৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।”

উল্লেখ্য য়ে, মুখ্যমন্ত্ৰীগৰাকী জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা এন ডি এৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে, যিটো সমষ্টি যোৱা প্ৰায় ২৫ বছৰ ধৰি তেওঁৰ দখলত আছে । ২০০১ চনত অসম গণ পৰিষদৰ নেতা ভৃগু কুমাৰ ফুকনক পৰাস্ত কৰি এই আসনখন দখল কৰাৰ পিছৰে পৰা ড০ শৰ্মাই এক শক্তিশালী ভেটি গঢ়ি তুলিছে ।

পুৱাৰ ভাগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভোটাৰসকলক ওলাই আহি ভোটদান কৰিবলৈ আহ্বান জনায় । “উন্নত অসম” গঢ়ি তোলাৰ ক্ষেত্ৰত “প্ৰতিটো ভোট আৰু প্ৰতিটো মাত”ৰ গুৰুত্বৰ ওপৰত তেওঁ জোৰ দিয়ে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে, “আজি অসমত ভোটদান চলিছে আৰু উন্নত অসম গঢ়াৰ পথত প্ৰতিটো কণ্ঠৰ গুৰুত্ব আছে, প্ৰতিটো ভোটৰ মূল্য আছে । গণতন্ত্ৰৰ এই উৎসৱৰ ক্ষণত মই সকলোকে অধিক সংখ্যাত ওলাই আহি ভোটদান কৰি গণতন্ত্ৰক শক্তিশালী কৰিবলৈ আৰু অসমক নতুন উচ্চতালৈ লৈ যাবলৈ আহ্বান জনাইছো ।”

উল্লেখযোগ্য যে বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা অসম আৰু কেৰালাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত নিৰ্বাচনী যুঁজৰ বাবে ভোটগ্ৰহণ আৰম্ভ হয় । নিৰ্বাচন আয়োগে মুক্ত, নিকা আৰু সুচাৰুৰূপে ভোটগ্ৰহণ সম্পন্ন কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । অসমত ১২৬ জনীয়া বিধানসভাৰ বাবে ২.৫ কোটিৰো অধিক ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে ৭২২ গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ।

লগতে পঢ়ক : বিধানসভা নিৰ্বাচন: পুৱা ১১ বজালৈকে ৰাজ্যত ৩৮.৯ শতাংশ ভোটদান সম্পন্ন

শেহতীয়া প্ৰৱন্ধসমূহ