খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব বিহাৰৰ ৰাজ্যপাল,পবিত্ৰ মাৰ্ঘেৰিটাৰ

ইৰাণী সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনানে ।

প্ৰাক্তন ইৰাণী সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনানে ভাৰতক প্ৰতিনিধিত্ব কৰে। চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলৰ আক্ৰমণত খামেইনী নিহত হৈছিল।

এই অনুষ্ঠান সন্দৰ্ভত  ‘এক্স’ৰ এটা  পোষ্টত ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জনায় যে তেওঁলোকে ভাৰত চৰকাৰ আৰু দেশবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁ লিখিছে, “তেহৰানত অনুষ্ঠিত ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা গ্ৰেণ্ড আয়াতুল্লাহ চৈয়দ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত মাননীয় @GovernorBihar আৰু মই ভাৰতক প্ৰতিনিধিত্ব কৰিলোঁ। ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ হৈ আমাৰ শ্ৰদ্ধা নিৱেদন কৰিলোঁ।” আনহাতে, বিহাৰৰ ৰাজ্যপালগৰাকীয়েও এটা ‘এক্স’ পোষ্টত উল্লেখ কৰে যে শেহতীয়া সংঘৰ্ষত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ তেওঁলোকে গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

শুকুৰবাৰে আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ সময়ত ইৰাণৰ শীৰ্ষ নেতাসকল ইমাম খোমেইনী গ্ৰেণ্ড মোচাল্লাত একত্ৰিত হয়। ইৰাণ চৰকাৰৰ তিনিটা শাখাৰ মুৰব্বীসকলক প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰা দেখা গৈছিল। ইৰাণৰ সামৰিক কমাণ্ডাৰ মহচেন ৰেজায়ী, বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচী, ইৰাণৰ মুখ্য ন্যায়াধীশ গোলামহোছেইন মহচেনী এজেয়ী, সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কালিবাফ আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছৌদ পেজেশ্কিয়ানে ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

তেহৰানত আনুষ্ঠানিক ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে ভাৰতৰ হাই-প্ৰফাইল বিশিষ্ট ব্যক্তিসকলেও ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ চৈয়দ আলী খামেইনীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ভাৰতত থকা ইৰাণৰ দূতাবাছে ‘এক্স’ত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে, “ভাৰতীয় বিশিষ্ট ব্যক্তিসকলে ইৰাণৰ শ্বহীদ নেতা আয়াতুল্লাহ চৈয়দ আলী খামেনেইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।” ইৰাণৰ দূতাবাছে শ্বেয়াৰ কৰা ছবিখনত পিপলছ ডেম’ক্ৰেটিক পাৰ্টী (PDP)ৰ সভানেত্ৰী মেহবুবা মুফতি আৰু কংগ্ৰেছ দলৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুৰব্বী ছলমান খুৰ্ছিদৰ লগতে আন কেইবাজনকো দেখা গৈছে। ইৰাণী নেতাগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা নেতাসকল উপস্থিত হৈছেহি।

ইৰাণৰ চৰকাৰী বিষয়াৰ উদ্ধৃতি দি প্ৰেছ টিভিয়ে প্ৰকাশ কৰা অনুসৰি, এই বহুদিনীয়া অন্ত্যেষ্টিক্ৰিয়াত ১৫ৰ পৰা ২০ নিযুত (১.৫ ৰ পৰা ২ কোটি) শোকাকুল জনতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যিক সম্প্ৰচাৰক প্ৰতিষ্ঠানটোৱে লগতে জনোৱা মতে, শনিবাৰ আৰু দেওবাৰেও এই কাৰ্যসূচী অব্যাহত থাকিব আৰু সোমবাৰে তেহৰানৰ মাজেৰে অন্ত্যেষ্টিক্ৰিয়া সমদল উলিওৱাৰ পূৰ্বে মৃতদেহটো গ্ৰেণ্ড মোচাল্লাত ৰাইজৰ দৰ্শনৰ বাবে ৰখা হ’ব। ইয়াত উল্লেখ কৰা হৈছে যে পবিত্ৰ চহৰ কোমত পৰৱৰ্তী ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰাৰ পিছত ইৰাকৰ বাগদাদ, কাৰবালা আৰু নাজাফত অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু অহা ৯ জুলাইত মাশ্বহাদত কবৰস্থ কৰা হ’ব।

লগতে পঢ়ক: ইৰাণত উপস্থিত ভাৰতীয় ধৰ্মগুৰু; আয়াতুল্লাহ আলী খামেইনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

যোৰহাটৰ স্থায়ী বাসিন্দা হৈ প্ৰথমবাৰৰ বাবে ভোটদান কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বৃহস্পতিবাৰে যোৰহাট সমষ্টিৰ ১৫ নম্বৰ ৱাৰ্ডত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে

আজি অসম বিধানসভা নিৰ্বাচনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ সন্ধিয়া ৫ বজালৈ চলিব । ইতিমধ্যে প্ৰতিকূল বতৰকো নেওচি ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে । লগতে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়েও সপৰিয়ালে এই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

ইয়াৰ মাজতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বৃহস্পতিবাৰে যোৰহাট সমষ্টিৰ ১৫ নম্বৰ ৱাৰ্ডত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । ভোটকেন্দ্ৰত উপস্থিত হৈ তেওঁ সাংবাদিকৰ আগত ভোটদানক গণতন্ত্ৰৰ এক উৎসৱ হিচাপে অভিহিত কৰে । মন্ত্ৰী মাৰ্ঘেৰিটাই কয়, “মই মোৰ ভোটদান কৰিবলৈ আহিছো । গণতন্ত্ৰৰ উৎসৱ, গণতন্ত্ৰৰ এই মহান উদযাপন চলি আছে ।” তেওঁ দেশৰ জনসাধাৰণক নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰি অংশগ্ৰহণৰ জৰিয়তে ৰাষ্ট্ৰক শক্তিশালী কৰিবলৈ আহ্বান জনায় তেওঁ । তেওঁ লগতে কয়, “মই আমাৰ ৰাইজক এক শক্তিশালী গণতন্ত্ৰৰ বাবে ওলাই আহি ভোটদান কৰিবলৈ আহ্বান জনাইছো ।”

আনহাতে, যোৰহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়েও বৃহস্পতিবাৰে বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান কৰে ।

উল্লেখ্য য়ে, অসমৰ ১২৬ খন আসনৰ বাবে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৪ মে’ত ভোটগণনা সম্পন্ন হ’ব । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, চলিত বিধানসভা নিৰ্বাচনৰ বাবে পুৱা ৯ বজালৈকে অসমত ১৭.৮৭ শতাংশ ভোটদানৰ হাৰ নথিভুক্ত কৰা হৈছে ।

লগতে পঢ়ক : ভোটদানৰ পূৰ্বে কামাখ্যা ধামত পত্নী-পুত্ৰ-কন্যাসহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

লেটিন আমেৰিকালৈ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা; অংশ ল’ব কেইবাটাও কাৰ্যসূচীত

লেটিন আমেৰিকালৈ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ তিনিখন দেশ ইকুৱেডৰ, বলিভিয়া আৰু কিউবালৈ ৪ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰু বস্ত্ৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই । শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই ভ্ৰমণৰ কথা ঘোষণা কৰে । মন্ত্ৰালয়ৰ মতে, ভ্ৰমণৰ সময়ত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই দেশসমূহৰ ৰাজনৈতিক নেতৃত্বক সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্ক, বাণিজ্য, প্ৰযুক্তি, পৰ্যটন, উন্নয়ন সহযোগিতা আৰু সামৰ্থ্য বিকাশৰ অগ্ৰগতিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিব । ভাৰতীয় সম্প্ৰদায় আৰু ব্যৱসায়িক প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰিব তেওঁ ।

ইকুৱেডৰত তেওঁ কুইটোত ভাৰতৰ নতুন মিছন স্থাপনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব । বলিভিয়াত তেওঁ ৮ নৱেম্বৰত লা পাজত অনুষ্ঠিত হ’বলগীয়া নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব । কিউবাত তেওঁৰ কাৰ্যসূচীয়ে স্বাস্থ্য, চিকিৎসা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে এই ভ্ৰমণে দক্ষিণ-দক্ষিণ সহযোগিতা আৰু উন্নয়নৰ প্ৰতি ভাৰত আৰু এই দেশসমূহৰ মাজত পাৰস্পৰিক দায়বদ্ধতা আৰু অধিক শক্তিশালী কৰিব ।

ভাৰত আৰু ইকুৱেডৰৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হৈছিল ১৯৬৯ চনত । বৰ্তমান কলম্বিয়াৰ বগোটাত থকা ভাৰতীয় দূতাবাস ইকুৱেডৰৰ স্বীকৃতিপ্ৰাপ্ত । দুয়োখন দেশৰ মাজত পাঁচটা ৰাউণ্ডৰ বৈদেশিক কাৰ্যালয়ৰ পৰামৰ্শ আলোচনা অনুষ্ঠিত হৈছে ।

ইফালে ভাৰত আৰু বলিভিয়াই বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্কত আছে, যিয়ে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত আৰু অধিক সম্প্ৰসাৰণৰ সম্ভাৱনা আছে । ভাৰত আৰু কিউবাৰ সম্পৰ্ক ঐতিহাসিকভাৱে বন্ধুত্বৰ দ্বাৰা চিহ্নিত হৈ আহিছে । ১৯৫৯ চনৰ কিউবা বিপ্লৱৰ পিছত নতুন চৰকাৰক স্বীকৃতি দিয়া প্ৰথম দেশসমূহৰ ভিতৰত ভাৰত আছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে মন্ত্ৰী মাৰ্ঘেৰিটাৰ এই ভ্ৰমণ ভাৰত আৰু লেটিন আমেৰিকাৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব ।

লগতে পঢ়ক : এতিয়াৰে পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েও কৰিব লাগিব কৃত্ৰিম বুদ্ধিমত্তাৰ অধ্যয়ন…