লেটিন আমেৰিকালৈ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ তিনিখন দেশ ইকুৱেডৰ, বলিভিয়া আৰু কিউবালৈ ৪ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰু বস্ত্ৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই । শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই ভ্ৰমণৰ কথা ঘোষণা কৰে । মন্ত্ৰালয়ৰ মতে, ভ্ৰমণৰ সময়ত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই দেশসমূহৰ ৰাজনৈতিক নেতৃত্বক সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্ক, বাণিজ্য, প্ৰযুক্তি, পৰ্যটন, উন্নয়ন সহযোগিতা আৰু সামৰ্থ্য বিকাশৰ অগ্ৰগতিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিব । ভাৰতীয় সম্প্ৰদায় আৰু ব্যৱসায়িক প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰিব তেওঁ ।
ইকুৱেডৰত তেওঁ কুইটোত ভাৰতৰ নতুন মিছন স্থাপনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব । বলিভিয়াত তেওঁ ৮ নৱেম্বৰত লা পাজত অনুষ্ঠিত হ’বলগীয়া নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব । কিউবাত তেওঁৰ কাৰ্যসূচীয়ে স্বাস্থ্য, চিকিৎসা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে এই ভ্ৰমণে দক্ষিণ-দক্ষিণ সহযোগিতা আৰু উন্নয়নৰ প্ৰতি ভাৰত আৰু এই দেশসমূহৰ মাজত পাৰস্পৰিক দায়বদ্ধতা আৰু অধিক শক্তিশালী কৰিব ।
ভাৰত আৰু ইকুৱেডৰৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হৈছিল ১৯৬৯ চনত । বৰ্তমান কলম্বিয়াৰ বগোটাত থকা ভাৰতীয় দূতাবাস ইকুৱেডৰৰ স্বীকৃতিপ্ৰাপ্ত । দুয়োখন দেশৰ মাজত পাঁচটা ৰাউণ্ডৰ বৈদেশিক কাৰ্যালয়ৰ পৰামৰ্শ আলোচনা অনুষ্ঠিত হৈছে ।
ইফালে ভাৰত আৰু বলিভিয়াই বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্কত আছে, যিয়ে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত আৰু অধিক সম্প্ৰসাৰণৰ সম্ভাৱনা আছে । ভাৰত আৰু কিউবাৰ সম্পৰ্ক ঐতিহাসিকভাৱে বন্ধুত্বৰ দ্বাৰা চিহ্নিত হৈ আহিছে । ১৯৫৯ চনৰ কিউবা বিপ্লৱৰ পিছত নতুন চৰকাৰক স্বীকৃতি দিয়া প্ৰথম দেশসমূহৰ ভিতৰত ভাৰত আছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে যে মন্ত্ৰী মাৰ্ঘেৰিটাৰ এই ভ্ৰমণ ভাৰত আৰু লেটিন আমেৰিকাৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব ।
লগতে পঢ়ক : এতিয়াৰে পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েও কৰিব লাগিব কৃত্ৰিম বুদ্ধিমত্তাৰ অধ্যয়ন…









