পৱন খেৰাই আত্মসমৰ্পণ কৰা উচিত: জামিন আবেদন খাৰিজৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

পৱন খেৰাই আত্মসমৰ্পণ কৰা উচিত: জামিন আবেদন খাৰিজৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

কংগ্ৰেছ নেতা পৱন খেৰাই আইনৰ ওচৰত আত্মসমৰ্পণ কৰা উচিত আৰু গুৱাহাটীত হাজিৰ হ’ব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে কংগ্ৰেছ নেতা পৱন খেৰাই আইনৰ ওচৰত আত্মসমৰ্পণ কৰা উচিত আৰু গুৱাহাটীত হাজিৰ হ’ব লাগে । মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগৰ

কংগ্ৰেছ নেতা পৱন খেৰাই আইনৰ ওচৰত আত্মসমৰ্পণ কৰা উচিত আৰু গুৱাহাটীত হাজিৰ হ’ব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে কংগ্ৰেছ নেতা পৱন খেৰাই আইনৰ ওচৰত আত্মসমৰ্পণ কৰা উচিত আৰু গুৱাহাটীত হাজিৰ হ’ব লাগে । মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগৰ সৈতে জড়িত এটা গোচৰত উচ্চতম ন্যায়ালয়ে খেৰাৰ ট্ৰেনজিট অগ্ৰিম জামিন বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে ড০ শৰ্মাই এই মন্তব্য কৰে ।

বৰ্তমান পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “মই ভাবো পৱন খেৰাই আইনৰ ওচৰত আত্মসমৰ্পণ কৰা উচিত । তেওঁ গুৱাহাটীলৈ আহি তাতেই আত্মসমৰ্পণ কৰিব লাগে ।”

দিনৰ ভাগত উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাৰ ট্ৰেনজিট অগ্ৰিম জামিন মঙলবাৰলৈকে বৃদ্ধি কৰিবলৈ কৰা আবেদন খাৰিজ কৰে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁক অসমৰ যিকোনো চৰ্তাধীন আদালতৰ কাষ চাপিব পৰাকৈ এই জামিন প্ৰদান কৰিছিল । পৱন খেৰাৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ গোচৰ ৰুজু হৈছে ।

অসম আৰক্ষীয়ে তেলেংগানা উচ্চ ন্যায়ালয়ে ১০ এপ্ৰিলৰ পৰা এসপ্তাহৰ বাবে প্ৰদান কৰা ট্ৰেনজিট অগ্ৰিম জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । জামিনৰ নিৰ্দেশ অনুসৰি, পৱন খেৰাই অসমৰ উপযুক্ত আদালতৰ ওচৰত হাজিৰ হৈ আইন অনুসৰি সকাহ বিচাৰিব লাগিব ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পাছপৰ্ট আৰু সম্পত্তিক লৈ কৰা মিছা অভিযোগৰ ভিত্তিত দাখিল কৰা এক গোচৰত তেলেংগানা উচ্চ ন্যায়ালয়ে খেৰাক এসপ্তাহৰ বাবে অগ্ৰিম জামিন দিছিল । খেৰাই অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ হাতত ইউএই আৰু ইজিপ্তৰ পাছপৰ্ট আছে আৰু ডুবাইত তেওঁৰ অঘোষিত বিলাসী সম্পত্তিৰ লগতে আমেৰিকাৰ ৱায়মিঙত এটা কোম্পানী আছে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পৰিয়ালে এই দাবীসমূহ স্পষ্টভাৱে অস্বীকাৰ কৰিছে আৰু এই নথিপত্ৰসমূহক পাকিস্তানী ছ’চিয়েল মিডিয়া গ্ৰুপে প্ৰচাৰ কৰা “এআই দ্বাৰা নিৰ্মিত জালিয়াতি” বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক : আইনে আইনৰ মতে কাম কৰি যাব: পৱন খেৰাৰ ট্ৰানজিত জামিনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য