আইনে আইনৰ মতে কাম কৰি যাব: পৱন খেৰাৰ ট্ৰানজিত জামিনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য

আইনে আইনৰ মতে কাম কৰি যাব: পৱন খেৰাৰ ট্ৰানজিত জামিনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য

পৱন খেৰাক পাছপৰ্ট বিতৰ্কক লৈ ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এজাহাৰৰ ভিত্তিত প্ৰদান কৰা এসপ্তাহৰ ট্ৰেনজিট জামিন উচ্চতম ন্যায়ালয়ে স্থগিত ৰখাৰ সিদ্ধান্তক আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কংগ্ৰেছ নেতা পৱন খেৰাক পাছপৰ্ট বিতৰ্কক লৈ ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এজাহাৰৰ ভিত্তিত

পৱন খেৰাক পাছপৰ্ট বিতৰ্কক লৈ ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এজাহাৰৰ ভিত্তিত প্ৰদান কৰা এসপ্তাহৰ ট্ৰেনজিট জামিন উচ্চতম ন্যায়ালয়ে স্থগিত ৰখাৰ সিদ্ধান্তক আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কংগ্ৰেছ নেতা পৱন খেৰাক পাছপৰ্ট বিতৰ্কক লৈ ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এজাহাৰৰ ভিত্তিত প্ৰদান কৰা এসপ্তাহৰ ট্ৰেনজিট জামিন উচ্চতম ন্যায়ালয়ে স্থগিত ৰখাৰ সিদ্ধান্তক আদৰণি জনায় ।

হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে থকা একাধিক পাছপৰ্টৰ অভিযোগৰ তদন্ত বিচাৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কৰা দাবীৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসভাৰ বিৰোধী দলপতিগৰাকীক নিজৰ পাছপৰ্ট ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায় । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “মোৰ মতে, তেলেংগানা আদালতে তেওঁক ট্ৰেনজিট জামিন দিব নোৱাৰে কাৰণ তেওঁ তেলেংগানাৰ বাসিন্দা নহয় । আইন নিজৰ গতিৰে চলিব… মই যদি তেওঁৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰোঁ, তেন্তে ৰাহুল গান্ধীয়ে একে কথাই ক’বনে ? কথা কোৱাৰ আগতে ৰাহুল গান্ধীয়ে মনত ৰখা উচিত যে তেওঁ ভগৱান নহয় । তেওঁ সংবাদ মাধ্যমৰ আগত নিজৰ পাছপৰ্ট প্ৰদৰ্শন কৰক আৰু ময়ো মোৰ পত্নীৰ পাছপৰ্ট দাঙি ধৰিম ।”

উল্লেখ্য য়ে, অসম চৰকাৰে তেলেংগানা উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাক প্ৰদান কৰা এসপ্তাহৰ অন্তৱৰ্তীকালীন ট্ৰেনজিট জামিনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনৰ ভিত্তিত আজি উচ্চতম ন্যায়ালয়ে উক্ত আদেশ স্থগিত ৰাখে আৰু খেৰাক জাননী জাৰি কৰে । ন্যায়াধীশ জে কে মহেশ্বৰী আৰু অতুল এছ চান্দুৰকাৰৰ বেঞ্চে অসম চৰকাৰৰ আৱেদনৰ ওপৰত ভিত্তি কৰি খেৰাৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে । অৱশ্যে বিচাৰপীঠে উল্লেখ কৰে যে যদিহে খেৰাই অসমত আগতীয়া জামিনৰ বাবে আৱেদন কৰিব বিচাৰে, তেন্তে আজিৰ এই আদেশে তাত বাধা নিদিয়ে ।

লগতে পঢ়ক : যিকোনো মূহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেৰা, সৰ্বোচ্চ ন্যায়ালয়ে বান্ধি দিলে সময়