ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ’লেই নাগৰিকত্ব শেষ নহয়ঃ সৰ্বোচ্চ ন্যায়ালয়

আদালতে স্পষ্ট কৰি দিয়ে যে নাগৰিকত্ব নিৰ্ধাৰণ কৰাটো নিৰ্বাচন আয়োগৰ কাম নহয়

পশ্চিম বংগত ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ বা SIR প্ৰক্ৰিয়াৰ সময়ত লাখ লাখ ভোটাৰৰ নাম কৰ্তনক লৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । এখন জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আজি শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় নিৰ্বাচন আয়োগ, পশ্চিম বংগ চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা উত্তৰ তলব কৰিছে ।

মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে । পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছ কমিটীৰ SIR কমিটীৰ অধ্যক্ষ প্ৰসেনজিৎ বসুৱে অধিবক্তা নেহা ৰাঠীৰ জৰিয়তে এই আবেদন দাখিল কৰিছিল । আবেদনখনত দাবী কৰা হৈছে যে SIR প্ৰক্ৰিয়াৰ সময়ত বাদ পৰা ভোটাৰসকলৰ দাবী আৰু আপত্তিৰ বিধানসভা সমষ্টিভিত্তিক তথ্যসমূহ ফৰ্ম ৬ আৰু ৭-ৰ (দাখিল, গ্ৰহণ আৰু নাকচ হোৱা আবেদন) বিতং হিচাপৰ সৈতে ৰাজহুৱা কৰিব লাগে ।

নিৰ্বাচন আয়োগ কোনো সাংবিধানিক নাগৰিকত্ব কৰ্তৃপক্ষ নহয়: আদালত

শুনানিৰ সময়ত পূৰ্বৰ বিহাৰ SIR গোচৰৰ ৰায়ৰ কথা উল্লেখ কৰি বিচাৰপীঠে এক ডাঙৰ মন্তব্য কৰে । আদালতে স্পষ্ট কৰি দিয়ে যে নাগৰিকত্ব নিৰ্ধাৰণ কৰাটো নিৰ্বাচন আয়োগৰ কাম নহয়। আদালতে কয়:

“যেতিয়া কোনো ট্ৰিবুনেলে কয় যে কোনো ব্যক্তি SIR তালিকাত থাকিব নোৱাৰে, তেতিয়া নিৰ্বাচন আয়োগৰ দায়িত্ব হৈছে নাগৰিকত্ব আইনৰ অধীনত নাগৰিকত্ব নিৰ্ধাৰণ কৰিবলৈ গোচৰটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা । নাগৰিকত্ব নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ কোনো সাংবিধানিক কৰ্তৃপক্ষ নহয় । আইনত ইয়াক লৈ কোনো বিভ্ৰান্তি নাই ।”

৫৮ লাখ ভোটাৰৰ নাম কৰ্তন, ৩৩ লাখৰো অধিক আপীল অমীমাংসিত

আবেদনকাৰীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰ নাৰায়ণনে আদালতক জনায় যে পশ্চিম বংগত SIR প্ৰক্ৰিয়াৰ সময়ত হঠাতে ৫৮ লাখতকৈও অধিক ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে । ইয়াৰ বিপৰীতে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ৯.৬৪ লাখ আবেদন (ফৰ্ম ৬ আৰু ৬A) আৰু নাম কৰ্তনৰ বাবে ৯৯,০০০ আবেদন পোৱা গৈছিল যদিও ২৮ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা চূড়ান্ত তালিকাত মাত্ৰ ১.৮২ লাখ নামহে যোগ কৰা হয় ।

আদালতক জনোৱা হৈছে যে ভোটাৰসকলৰ আপত্তি আৰু দাবীৰ পৰ্যালোচনাৰ বাবে গঠিত ১৮ খন ট্ৰিবুনেলৰ লেহেমীয়া কাৰ্যপদ্ধতিৰ বাবে বৰ্তমান ৩৩.৫ লাখ আপীল অমীমাংসিত হৈ আছে । আনহাতে, যিবোৰ গোচৰ নিষ্পত্তি হৈছে তাৰে ৭০ শতাংশ লোকৰে দাবী গ্ৰহণ কৰা হৈছে । অধিবক্তাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে যেতিয়ালৈকে এই লাখ লাখ লোকৰ আবেদনৰ চূড়ান্ত সিদ্ধান্ত নহয়, তেতিয়ালৈকে তেওঁলোকক ৰেচন আৰু অন্যান্য চৰকাৰী কল্যাণকামী আঁচনিৰ পৰা বঞ্চিত কৰি ৰখা হৈছে, যিয়ে সংবিধানৰ অনুচ্ছেদ ১৪, ১৯ আৰু ২১ ৰ উলংঘন কৰিছে ।

লগতে পঢ়ক : ‘বন্দে মাতৰম’ৰ অপমান কৰিলে এতিয়াৰে পৰা হ’ব জে’ল!

TET উত্তীৰ্ণ নহ’লে নাথাকিব চাকৰি! উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনা

উচ্চতম ন্যায়ালয়ে জাৰি কৰা এক শেহতীয়া নিৰ্দেশনাই সমগ্ৰ দেশৰ শিক্ষা জগতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

শিক্ষক যোগ্যতা পৰীক্ষা বা TET-ক লৈ উচ্চতম ন্যায়ালয়ে জাৰি কৰা এক শেহতীয়া নিৰ্দেশনাই সমগ্ৰ দেশৰ শিক্ষা জগতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আদালতে স্পষ্ট কৰি দিছে যে চাকৰিত বৰ্তি থাকিবলৈ আৰু পদোন্নতি লাভ কৰিবলৈ এতিয়াৰ পৰা TET উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক । এই ৰায়দানে লাখ লাখ শিক্ষকৰ ভৱিষ্যতক লৈ এক গভীৰ অনিশ্চয়তা আৰু উদ্বেগৰ সৃষ্টি কৰিছে ।

কি নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ?

আদালতে TET উত্তীৰ্ণ হোৱাৰ বাবে এক নিৰ্ধাৰিত সময়সীমা বান্ধি দিছে । যিসকল শিক্ষকে এতিয়াও এই পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাই, তেওঁলোকে ৩১ আগষ্ট, ২০২৮ তাৰিখৰ ভিতৰত বাধ্যতামূলকভাৱে পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব । পূৰ্বতে এই সময়সীমা ৩১ আগষ্ট, ২০২৭ লৈ আছিল যদিও তাক বৰ্তমান এসছৰৰ বাবে বৃদ্ধি কৰা হৈছে ।

প্ৰভাৱিত হ’ব ২০ লাখৰো অধিক শিক্ষক-

দেশৰ বিভিন্ন ৰাজ্য যেনে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ঝাৰখণ্ড আৰু ৰাজস্থানত বহু শিক্ষক আছে যিসকলে বছৰৰ পিছত বছৰ ধৰি পাঠদান কৰি আহিছে, কিন্তু তেওঁলোকে আজিও TET উত্তীৰ্ণ হ’ব পৰা নাই । এক প্ৰাথমিক অনুমান অনুসৰি, সমগ্ৰ দেশত প্ৰায় ২০ লাখতকৈ অধিক শিক্ষক এই নতুন নীতিৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে । কেৱল উত্তৰ প্ৰদেশতে প্ৰায় ১.৮৬ লাখ শিক্ষকৰ চাকৰিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি চৰ্চা চলিছে ।

চাকৰিৰ সংকট আৰু অৱসৰৰ চিন্তা-

আদালতৰ ৰায় অনুসৰি, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যদি কোনো শিক্ষকে TET উত্তীৰ্ণ হ’ব নোৱাৰে, তেন্তে তেওঁলোকে চাকৰিত বৰ্তি থকাটো কঠিন হৈ পৰিব । এনে পৰিস্থিতিত বহু শিক্ষকে চাকৰি এৰিবলগীয়া হোৱা বা অৱসৰ গ্ৰহণ কৰাৰ দৰে কঠোৰ সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে । অৱশ্যে, যিসকল শিক্ষকৰ চাকৰিৰ কালসীমা অতি কম বাকী আছে, তেওঁলোকে কিছু সকাহ পাব পাৰে বুলি আশা কৰা হৈছে । কিন্তু পদোন্নতিৰ ক্ষেত্ৰত TET উত্তীৰ্ণ হোৱাটো সকলোৰে বাবে অপৰিহাৰ্য হৈ থাকিব ।

শিক্ষক সংগঠনৰ প্ৰতিবাদ আৰু সংগ্ৰামৰ হুংকাৰ-

এই ৰায়দানৰ পিছতে শিক্ষক সংগঠনসমূহ ক্ষুব্ধ হৈ পৰিছে । সংগঠনসমূহে চৰকাৰক আহ্বান জনাইছে যে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা শিক্ষকসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কোনো বিশেষ ব্যৱস্থা বা অধ্যাদেশৰ জৰিয়তে এই নিয়ম শিথিল কৰিব লাগে । এই প্ৰশ্নটো লৈ শিক্ষকসকলে আগন্তুক দিনত আইনী যুঁজৰ লগতে গণতান্ত্ৰিক উপায়েৰে পথৰ পৰা সংসদলৈ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে । কিছু সংগঠনে উচ্চতম ন্যায়ালয়ত ‘কিউৰেটিভ পিটিচন’ দাখিল কৰাৰো পৰিকল্পনা কৰিছে ।

ৰাজ্যসমূহক বছৰত দুবাৰ TET অনুষ্ঠিত কৰাৰ নিৰ্দেশ-

শিক্ষকসকলক পৰ্যাপ্ত সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছে যে প্ৰতি বছৰে কমেও দুবাৰকৈ TET পৰীক্ষা অনুষ্ঠিত কৰিব লাগে । এই ব্যৱস্থাই শিক্ষকসকলক তেওঁলোকৰ যোগ্যতা প্ৰমাণ কৰিবলৈ আৰু চৰকাৰী নিয়ম মানি চলিবলৈ সহায় কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : স্কুলীয়া শিক্ষাত উত্তৰ-পূবৰ শীৰ্ষত অসম, দেশৰ ভিতৰতে আটাইতকৈ পিছপৰা স্থানত মেঘালয় : পি জি আই প্ৰতিবেদন

উচ্চতম ন্যায়ালয়ত বাঢ়িব ন্যায়াধীশৰ সংখ্যা : ২০২৬ চনৰ সংশোধনী বিধেয়কত কেন্দ্ৰীয় কেবিনেটৰ মোহৰ

কেন্দ্ৰীয় কেবিনেটে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ জনৰ পৰা ৩৭ জনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে

ভাৰতৰ বিচাৰ ব্যৱস্থাক অধিক ক্ষিপ্ৰ আৰু গতিশীল কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ জনৰ পৰা ৩৭ জনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ।

মুখ্য নিৰ্ণয় আৰু আইনী সংশোধন-

চৰকাৰে জনোৱা অনুসৰি, ১৯৫৬ চনৰ উচ্চতম ন্যায়ালয় (ন্যায়াধীশৰ সংখ্যা) আইন সংশোধনৰ বাবে সংসদত ‘উচ্চতম ন্যায়ালয় (ন্যায়াধীশৰ সংখ্যা) সংশোধনী বিধেয়ক, ২০২৬’ উত্থাপন কৰা হ’ব । এই বৃদ্ধিৰ ফলত মুখ্য ন্যায়াধীশক বাদ দি উচ্চতম ন্যায়ালয়ত মুঠ ৩৭ জন ন্যায়াধীশ থাকিব ।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সিদ্ধান্তৰ সন্দৰ্ভত কয় যে ন্যায়াধীশৰ সংখ্যা বৃদ্ধিয়ে উচ্চতম ন্যায়ালয়ৰ কাম-কাজ অধিক কাৰ্যক্ষম কৰিব আৰু দেশত দ্ৰুত ন্যায়দান নিশ্চিত কৰিব । উল্লেখযোগ্য যে এই নতুন ন্যায়াধীশ আৰু সহায়ক কৰ্মচাৰীসকলৰ দৰমহা তথা অন্যান্য সা-সুবিধাৰ ব্যয় ভাৰতৰ সঞ্চিত নিধিৰ পৰা বহন কৰা হ’ব ।

এক ঐতিহাসিক যাত্ৰা : ১৯৫০ চনৰ পৰা ২০২৬ লৈ

ভাৰতীয় সংবিধানৰ ১২৪ (১) অনুচ্ছেদ অনুসৰি সংসদক ন্যায়াধীশৰ সংখ্যা নিৰ্ধাৰণ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে । উচ্চতম ন্যায়ালয়ৰ সদস্য সংখ্যাৰ পৰিৱৰ্তনৰ ইতিহাস তলত উল্লেখ কৰা হ’ল :

১৯৫০: মূল সংবিধানত এজন মুখ্য ন্যায়াধীশ আৰু ৭ জন অন্য ন্যায়াধীশৰ ব্যৱস্থা আছিল ।

১৯৫৬: প্ৰথমবাৰৰ বাবে আইন প্ৰণয়ন কৰি এই সংখ্যা ১০ জনলৈ বৃদ্ধি কৰা হয় ।

১৯৬০: ন্যায়াধীশৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি কৰা হয় ।

১৯৭৭: এই সংখ্যা ১৭ জনলৈ বৃদ্ধি কৰা হয় ।

১৯৮৬: ন্যায়াধীশৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি কৰা হয় ।

২০০৮: এই সংখ্যা ৩০ জনলৈ বৃদ্ধি কৰা হয় ।

২০১৯: শেষবাৰৰ বাবে ন্যায়াধীশৰ সংখ্যা ৩০ জনৰ পৰা ৩৩ জনলৈ বৃদ্ধি কৰা হৈছিল।

২০২৬: বৰ্তমানৰ প্ৰস্তাৱ অনুসৰি এই সংখ্যা ৩৭ জনলৈ বৃদ্ধি পাব ।

লগতে পঢ়ক : ১৫ দিনৰ বাবে টোল ফ্ৰী হ’ব গংগা এক্সপ্ৰেছৱে, চৰকাৰৰ বৃহৎ সিদ্ধান্ত

উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা পৱন খেড়াৰ; যিকোনো মুহূৰ্তত হ’ব পাৰে গ্ৰেপ্তাৰ  

বিপদে লগ নেৰা হৈছে কংগ্ৰেছ নেতা পৱন খেড়াক। উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন

উচ্চতম ন্যায়ালয়টো সকাহ নাপালে কংগ্ৰেছ নেতা পৱন খেড়াই। অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন নাকচ উচ্চতম ন্যায়ালয়ৰ। মঙলবাৰলৈকে জামিন আবেদনৰ ম্যাদ বঢ়োৱাৰ আৰ্জি জনাইছিল পৱন খেড়াই। গুৱাহাটী উচ্চ ন্যায়ালয় বন্ধ থকাৰ ভুৱা তথ্যৰে কৰিছিল আবেদন। কিন্তু এতিয়া পৱন খেড়াক অসমলৈ আহি জামিন আবেদন কৰাৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে।

জানিব পৰা মতে তেলেংগানা উচ্চ ন্যায়ালয়ে ৭ দিনৰ বাবে দিছিল অন্তৰ্ৱৰ্তীকালীন জামিন।কিন্তু জামিন সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত ল’ব বুলিও উচ্চতম ন্যায়ালয়ে জানিবলৈ দিয়ে। এতিয়া যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। পৱন খেড়াক গ্ৰেপ্তাৰ কৰাৰ সকলো বাধা আতৰিল অসম আৰক্ষীৰ।  

 উল্লেখ্য যে, ৰিণিকি ভূঞা শৰ্মাৰ অভিযোগৰ ভিত্তিত পৱন খেড়াৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। ভুৱা পাছপ’ৰ্টৰ অভিযোগৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাই তৰিছিল গোচৰ।

লগতে পঢ়ক: “বাংলাদেশী আৰু আমি একেলগে জীয়াই থাকিব নোৱাৰো”: পশ্চিম বংগৰ পৰা বাংলাদেশীক হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

আইনে আইনৰ মতে কাম কৰি যাব: পৱন খেৰাৰ ট্ৰানজিত জামিনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য

পৱন খেৰাক পাছপৰ্ট বিতৰ্কক লৈ ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এজাহাৰৰ ভিত্তিত প্ৰদান কৰা এসপ্তাহৰ ট্ৰেনজিট জামিন উচ্চতম ন্যায়ালয়ে স্থগিত ৰখাৰ সিদ্ধান্তক আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কংগ্ৰেছ নেতা পৱন খেৰাক পাছপৰ্ট বিতৰ্কক লৈ ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এজাহাৰৰ ভিত্তিত প্ৰদান কৰা এসপ্তাহৰ ট্ৰেনজিট জামিন উচ্চতম ন্যায়ালয়ে স্থগিত ৰখাৰ সিদ্ধান্তক আদৰণি জনায় ।

হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে থকা একাধিক পাছপৰ্টৰ অভিযোগৰ তদন্ত বিচাৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কৰা দাবীৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসভাৰ বিৰোধী দলপতিগৰাকীক নিজৰ পাছপৰ্ট ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায় । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “মোৰ মতে, তেলেংগানা আদালতে তেওঁক ট্ৰেনজিট জামিন দিব নোৱাৰে কাৰণ তেওঁ তেলেংগানাৰ বাসিন্দা নহয় । আইন নিজৰ গতিৰে চলিব… মই যদি তেওঁৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰোঁ, তেন্তে ৰাহুল গান্ধীয়ে একে কথাই ক’বনে ? কথা কোৱাৰ আগতে ৰাহুল গান্ধীয়ে মনত ৰখা উচিত যে তেওঁ ভগৱান নহয় । তেওঁ সংবাদ মাধ্যমৰ আগত নিজৰ পাছপৰ্ট প্ৰদৰ্শন কৰক আৰু ময়ো মোৰ পত্নীৰ পাছপৰ্ট দাঙি ধৰিম ।”

উল্লেখ্য য়ে, অসম চৰকাৰে তেলেংগানা উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাক প্ৰদান কৰা এসপ্তাহৰ অন্তৱৰ্তীকালীন ট্ৰেনজিট জামিনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনৰ ভিত্তিত আজি উচ্চতম ন্যায়ালয়ে উক্ত আদেশ স্থগিত ৰাখে আৰু খেৰাক জাননী জাৰি কৰে । ন্যায়াধীশ জে কে মহেশ্বৰী আৰু অতুল এছ চান্দুৰকাৰৰ বেঞ্চে অসম চৰকাৰৰ আৱেদনৰ ওপৰত ভিত্তি কৰি খেৰাৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে । অৱশ্যে বিচাৰপীঠে উল্লেখ কৰে যে যদিহে খেৰাই অসমত আগতীয়া জামিনৰ বাবে আৱেদন কৰিব বিচাৰে, তেন্তে আজিৰ এই আদেশে তাত বাধা নিদিয়ে ।

লগতে পঢ়ক : যিকোনো মূহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেৰা, সৰ্বোচ্চ ন্যায়ালয়ে বান্ধি দিলে সময়

যিকোনো মূহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেৰা, সৰ্বোচ্চ ন্যায়ালয়ে বান্ধি দিলে সময়

ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অতুল এছ চান্দুৰকাৰৰ বিচাৰপীঠে অসম চৰকাৰে দাখিল কৰা আবেদনৰ ওপৰত খেৰাৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে

বুধবাৰে উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাক এসপ্তাহৰ ট্ৰেনজিট অগ্ৰিম জামিন প্ৰদান কৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে । একে সময়তে অসম চৰকাৰে এই সকাহক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ ভিত্তিত তেওঁলৈ জাননীও প্ৰেৰণ কৰে ।

ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অতুল এছ চান্দুৰকাৰৰ বিচাৰপীঠে অসম চৰকাৰে দাখিল কৰা আবেদনৰ ওপৰত খেৰাৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে । অৱশ্যে বিচাৰপীঠে উল্লেখ কৰে যে যদিহে খেৰাই অসমত আগতীয়া জামিনৰ বাবে আবেদন কৰিব বিচাৰে, তেন্তে আজিৰ এই নিৰ্দেশত কোনো বাধা নাথাকিব ।

আদালতে কয়, “জাননী জাৰি কৰা হওক । ইতিমধ্যে, বিবাদিত নিৰ্দেশটো স্থগিত ৰখা উচিত । যদি আবেদনকাৰীয়ে অসমৰ সংশ্লিষ্ট আদালতত আগতীয়া জামিনৰ বাবে আবেদন কৰে, তেন্তে তেনে আবেদনৰ ওপৰত সিদ্ধান্ত লওঁতে আজিৰ এই নিৰ্দেশৰ কোনো প্ৰভাৱ নপৰিব । জাননী জাৰি কৰা হওক । তিনি সপ্তাহৰ ভিতৰত ইয়াৰ উত্তৰ দিব লাগিব ।”

১০ এপ্ৰিলৰ পৰা এসপ্তাহৰ বাবে চৰ্তসাপেক্ষে ট্ৰেনজিট আগতীয়া জামিন প্ৰদানৰ তেলেংগানা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম আৰক্ষীয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । জামিনৰ নিৰ্দেশ অনুসৰি, পৱন খেৰাই অসমৰ সক্ষম ক্ষেত্ৰাধিকাৰ থকা আদালতৰ কাষ চাপিব লাগে আৰু আইন অনুসৰি উপযুক্ত সকাহ বিচাৰিব লাগে ।

পাছপোৰ্ট আৰু সম্পত্তিৰ তথ্যক লৈ কৰা অভিযোগ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এক গোচৰত তেলেংগানা উচ্চ ন্যায়ালয়ে খেৰাক এসপ্তাহৰ আগতীয়া জামিন প্ৰদান কৰিছিল ।

তেওঁ অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ওচৰত ভাৰত, ইউএই আৰু ইজিপ্তৰ তিনিখনকৈ পাছপোৰ্ট আছে আৰু ডুবাইত তেওঁৰ অঘোষিত বিলাসী সম্পত্তি আছে ।

ইতিমধ্যে মুখ্যমন্ত্ৰী পৰিয়ালে এই দাবীসমূহক দৃঢ়তাৰে অস্বীকাৰ কৰি নথিপত্ৰসমূহক পাকিস্তানী ছচিয়েল মিডিয়া গোটসমূহে প্ৰচাৰ কৰা “এআই-দ্বাৰা নিৰ্মিত ভুৱা তথ্য” বুলি অভিহিত কৰিছে ।

এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই পূৰ্বতে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সংকল্প লৈ কৈছিল, “অভিযোগ উত্থাপন কৰাৰ আগতে তেওঁ বিদেশ মন্ত্ৰীক সুধিব লাগিছিল । খৰ্গে জীৰ বয়স হ’ল, তথাপিও তেওঁ উন্মাদৰ দৰে কথা কয় । অসম আৰক্ষীয়ে পাতালৰ পৰাও মানুহ বিচাৰি আনিব পাৰে । মোৰ সন্দেহ হয় যে ৰাহুল গান্ধীয়েই তেওঁক এই নথিপত্ৰবোৰ দিছে । গতিকে এই গোচৰ ৰাহুল গান্ধীলৈকেও যাব । আমাক ভয় খুৱাবলৈ চেষ্টা নকৰিব । এইখন অসম আৰু আমি ১৭ বাৰ ইছলামিক আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিছোঁ ।”

লগতে পঢ়ক : ৰাজ্যবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘পিৰিয়ড লিভ’ৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সমগ্ৰ দেশৰ কৰ্মৰত মহিলা আৰু ছাত্ৰীৰ বাবে ‘পিৰিয়ড লিভ’ৰ আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।

সমগ্ৰ দেশৰ সকলো কৰ্মৰত মহিলা আৰু ছাত্ৰীৰ বাবে ঋতুস্ৰাৱ সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত ‘পিৰিয়ড লিভ’ক লৈ দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে

বিষয়টো আদালতৰ সন্মুখত উত্থাপন কৰাৰ সময়ত  চিজেআই ন্যায়াধীশ সূৰ্য কান্তে লক্ষ্য কয় যে যদি কোনো কোম্পানীয়ে ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীক স্বইচ্ছাৰে ছুটী দিছে, তেন্তে সেয়া এক উৎকৃষ্ট কথা।

তেওঁ লগতে কয়, যেতিয়াই ইয়াক আইন হিচাপে কঠোৰভাৱে বলবৎ কৰিব তেতিয়াই ইয়াৰ অন্যান্য দিশবোৰো বিবেচনা কৰিব লাগিব।

উদাহৰণস্বৰূপে, মহিলাসকলে কৰ্মসংস্থাপন লাভ কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে।তেওঁলোকক চৰকাৰী চাকৰি, ন্যায়পালিকাৰ, বা আন কোনো কামত নিযুক্তি নিদিব।

তেওঁ আৰু কয়, মহিলা সকলৰ কেৰিয়াৰ শেষ হৈ যাব। এনে পৰিস্থিতিত তেওঁলোকক কেৱল ঘৰতে থাকিবলৈ ক’ব।তদুপৰি, চিজেআইয়ে আবেদনকাৰীক কয় যে- আপুনি ইতিমধ্যে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ সন্মুখত আপোনাৰ গোচৰ দাখিল কৰিছে।চৰকাৰে সকলো পক্ষৰ লগত আলোচনা কৰি নীতি প্ৰণয়নৰ কথা চিন্তা কৰিব লাগে।

লগতে পঢ়ক: ‘ক’ভিডৰ সময়ৰ দৰে এই সংকটো আমি অতিক্ৰম কৰিম’; মধ্য প্ৰাচ্যৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

ক্ষমা বিচাৰিলেই নহ’ব, এয়া মৰ্যাদা আঘাত কৰাৰ চেষ্টা : এনচিইআৰটিক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ বিতৰ্কিত অংশক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে ।

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ বিতৰ্কিত অংশক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে । গ্ৰন্থখনত “ন্যায়পালিকাত দুৰ্নীতি” অংশটোক লৈ উদ্ভৱ হোৱা বিতৰ্কৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মল্য বাগচি, ন্যায়াধীশ বিপুল পাঞ্চোলিৰ বিচাৰপীঠে । মুখ্য ন্যায়াধীশগৰাকীয়ে এই বিষয়ত এনচিইআৰটিৰ ক্ষমাপ্ৰাৰ্থনাই যথেষ্ট নহয় বুলি কয় । এনে কিতাপ ছাত্ৰ-ছাত্ৰীৰ মাজলৈ যাবলৈ দিয়াটো ভুল হ’ব বুলিও তেওঁ কয় । ন্যায়পালিকাৰ মৰ্যাদা বজাই ৰখাটো গুৰুত্বপূৰ্ণ । শিক্ষা সচিব আৰু এনচিইআৰটিক জাননী জাৰি কৰি উচ্চতম ন্যায়ালয়ে কয় যে আদালত সন্তুষ্ট নোহোৱালৈকে শুনানি অব্যাহত থাকিব ।

শুনানিৰ সময়ত এনচিইআৰটিয়ে বিনাচৰ্তে ক্ষমা খুজিবলৈ সাজু বুলি উল্লেখ কৰে । বিতৰ্কিত অংশবোৰো কিতাপখনৰ পৰা আঁতৰাই পেলোৱা হ’ব বুলি কয় তেওঁলোকে । মুখ্য ন্যায়াধীশে উত্তৰ দিয়ে যে কেৱল ক্ষমা খুজি কিতাপখনৰ পৰা আপত্তিজনক অংশবোৰ আঁতৰাই পেলোৱাটোৱেই যথেষ্ট নহয় । এনচিইআৰটিৰ সঞ্চালকে কাৰ্ণ দৰ্শাব লাগিব । এইটো আছিল ইচ্ছাকৃত পদক্ষেপ । এই গোচৰটোক কিয় অৱমাননা বুলি গণ্য কৰা উচিত নহয় বুলি আদালতে প্ৰশ্ন উত্থাপন কৰে । মুখ্য ন্যায়াধীশ সূৰ্য কান্তে অনলাইন কপি শীঘ্ৰে আঁতৰোৱাৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : ৰাজ্যসভাৰ ৩৭খন আসনৰ বাবে মনোনয়ন আৰম্ভ; ১৬ মাৰ্চত নিৰ্বাচন

NCRT ৰ গ্ৰন্থক লৈ বিতৰ্ক; ‘ ন্যায়পালিকাৰ দুৰ্নীতি’ সম্পৰ্কীয় অধ্যায়ৰ সন্দৰ্ভত CJI ৰ তীব্ৰ অসন্তুষ্টি

NCRT ৰ অষ্টম শ্ৰেণীৰ গ্ৰন্থত ন্যায়পালিকাৰ সৈতে জড়িত কথিত ‘দুৰ্নীতি’ৰ বিষয়বস্তুক লৈ দেশত নতুন বিতৰ্কৰ সৃষ্টি হৈছে।ইয়াক লৈ ভাৰতৰ মুখ্য ন্যায়াধীশে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

দেশৰ শিক্ষা ব্যৱস্থা আৰু ন্যায়পালিকাৰ সন্দৰ্ভত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে। বুধবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে NCRTৰ নতুন অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান গ্ৰন্থৰ কিছু অংশক লৈ তীব্ৰ আপত্তি প্ৰকাশ কৰে।

গ্ৰন্থখনত উল্লেখ কৰা ধৰণে “ন্যায়পালিকাত দুৰ্নীতি”ৰ বিষয়টো অতি গুৰুতৰ বুলি আদালতে বিবেচনা কৰিছিল। এই বিষয়টো তেতিয়া আলোচনালৈ আহিছিল যেতিয়া জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে আদালতত কয় যে কম বয়সীয়া ছাত্ৰ-ছাত্ৰীক ন্যায়পালিকাৰ দুৰ্নীতিৰ দৰে বিষয় শিকোৱা হৈছে,যিটো চিন্তাৰ বিষয়। তেওঁ কয় যে এই বিষয়ত সমগ্ৰ বাৰ (অধিবক্তা সমাজ) অশান্তিত পৰিছে।

বাৰ এণ্ড বেঞ্চত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি,এই বিষয়ত উত্তৰ দি ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে স্পষ্টকৈ এই কথা কয় এই বিষয়ত আদালতে suo motu cognizance লৈছে।

তেওঁ কয় যে, “বাৰ আৰু বেঞ্চ দুয়োখনেই বিচলিত হৈ আছে। এই বিষয়টোক লৈ তেওঁ অহৰহ ফোন আৰু মেছেজ লাভ কৰি আছে। আনকি উচ্চ ন্যায়ালয়ৰ কেইবাজনো ন্যায়াধীশেও উদ্বেগ প্ৰকাশ কৰিছে। CJI এ স্পষ্টকৈ কৈছে যে মই কাকো ন্যায়পালিকাৰ অখণ্ডতাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ বা বদনাম কৰিবলৈ অনুমতি নিদিওঁ। আইনে নিজৰ কাম কৰিব। এই বিষয়টো মই নিজেই চাম।

উল্লেখ্য যে, NCRTৰ নতুন কিতাপ “আমাৰ সমাজত ন্যায়পালিকাৰ ভূমিকা” অধ্যায়ত ন্যায় ব্যৱস্থাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে।ইয়াত ন্যায়পালিকাৰ বিভিন্ন স্তৰৰ দুৰ্নীতি, বিচাৰধীন গোচৰৰ গধুৰ বোজা, ন্যায়াধীশৰ অভাৱ, জটিল আইনী প্ৰক্ৰিয়া আৰু দুৰ্বল আন্তঃগাঁথনিৰ দৰে সমস্যাৰ ওপৰত আলোকপাত কৰা হৈছে।

লগতে পঢ়ক: ‘আমাৰ দেশ বহুত শক্তিশালী,আমি আকৌ জয় কৰিম’; আমেৰিকাৰ কংগ্ৰেছত ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য