ইউজিচিৰ নতুন নিয়মত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ, পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে প্ৰযোজ্য হ’ব ২০১২ চনৰ নিয়ম

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে নতুন নিয়ম অস্পষ্ট বুলি উল্লেখ কৰি কঠোৰ মন্তব্য কৰে । আদালতে কয় যে ইউজিচিৰ নতুন নিয়মৰ অপব্যৱহাৰ হ’ব পাৰে ।

উচ্চতম ন্যায়ালয়ে ইউজিচি (উচ্চ শিক্ষানুষ্ঠানত সমতা প্ৰসাৰ) নিয়মাৱলী, ২০২৬ক প্ৰত্যাহ্বান জনাই কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে । শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ইউজিচিৰ নতুন নিয়মাৱলী স্থগিতাদেশ জাৰি কৰে । এতিয়া পৰৱৰ্তী নিৰ্দেশ নিদিলৈকে ২০১২ চনৰ নিয়মাৱলী কাৰ্যকৰী হৈ থাকিব ।

পৰৱৰ্তী শুনানি ১৯ মাৰ্চত-

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে নতুন নিয়ম অস্পষ্ট বুলি উল্লেখ কৰি কঠোৰ মন্তব্য কৰে । আদালতে কয় যে ইউজিচিৰ নতুন নিয়মৰ অপব্যৱহাৰ হ’ব পাৰে । উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰি পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে ইউজিচিৰ নতুন নিয়ম কাৰ্যকৰী কৰাত স্থগিতাদেশ জাৰি কৰে । এই বিষয়ত পৰৱৰ্তী শুনানি ১৯ মাৰ্চত অনুষ্ঠিত হ’ব ।

কেন্দ্ৰ আৰু ইউজিচিৰ উত্তৰ বিচাৰিলে ন্যায়ালয়ে-

সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰে গঠিত বিচাৰপীঠে ৰিট আবেদনৰ শুনানি গ্ৰহণ কৰে । মুখ্য ন্যায়াধীশ সূৰ্য কান্তে প্ৰশ্ন কৰে যে আমি জাতিহীন সমাজৰ দিশে আগবাঢ়িব লাগে নে আমি পিছুৱাই গৈছো । ন্যায়াধীশ সূৰ্য্য কান্তে প্ৰশ্ন কৰে যে আমি বিপৰীত দিশত আগবাঢ়িছো নেকি ? যিসকলক সুৰক্ষাৰ প্ৰয়োজন তেওঁলোকৰ বাবে ব্যৱস্থাৰ প্ৰয়োজন । এই সন্দৰ্ভত তেওঁ কেন্দ্ৰ আৰু ইউজিচিৰ পৰা উত্তৰ বিচাৰে । তেওঁ কয় যে, এখন বিশেষ কিমিটও গঠন কৰা যাব পাৰে । তেওঁ নতুন নিয়মৰ ভাষা স্পষ্ট কৰাৰ বাবে বিশেষজ্ঞৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

দেশজুৰি ক্ষোভ-

২০২৬ চনৰ ২৩ জানুৱাৰীত ইউজিচি ৰেগুলেচনছ, ২০২৬ৰ বিষয়ে অৱগত কৰা হৈছিল, যাৰ ফলত দেশজুৰি ক্ষোভৰ সৃষ্টি হৈছিল । কেইবাজনো আবেদনকাৰীয়ে এই নিয়মক প্ৰত্যাহ্বান জনাই এই নিয়মক স্বেচ্ছাচাৰী, বৈষম্যমূলক আৰু সংবিধান আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ আইন, ১৯৫৬ উলংঘা কৰা বুলি অভিহিত কৰে । ইউজিচি ইকুইটি ৰেগুলেচনৰ বিৰুদ্ধে আবেদন দাখিল কৰে মৃত্যুঞ্জয় তিৱাৰী, অধিবক্তা বিনীত জিন্দাল আৰু ৰাহুল দেৱানে । আবেদনকাৰীসকলে যুক্তি আগবঢ়ায় যে এই নিয়মসমূহে সাধাৰণ শ্ৰেণীৰ বিৰুদ্ধে বৈষম্যক প্ৰসাৰিত কৰে ।

লগতে পঢ়ক : সদনত দাখিল অৰ্থনৈতিক সমীক্ষা : ২৭ বিত্তীয় বৰ্ষত ৭.২ শতাংশ বিকাশৰ হাৰৰ পূৰ্বানুমান, এইআইৰ ওপৰত গুৰুত্ব

কাৰাগাৰতে থাকিব উমৰ খালিদ-শ্বাৰ্জিল ইমাম; উচ্চতম ন্যায়ালয়ে মঞ্জুৰ নকৰিলে জামিন

দিল্লীৰ ঘটনাৰ অভিযোক্ত উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ।

২০২০ চনৰ দিল্লী দাঙ্গা ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত ছাত্ৰ কৰ্মী উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন সোমবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰে।

উচ্চতম ন্যায়ালয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনশৃংখলা ব্যৱস্থাৰ বিবেচনা,বিচাৰ আৰম্ভ হোৱাৰ আগতে অভিযুক্তক দীৰ্ঘদিন কাৰাগাৰত ৰখাতকৈ বিষয়বোৰ বহুত বেছি গুৰুত্বপূৰ্ণ।

একে সময়তে আদালতে আন পাঁচজন অভিযুক্ত গুলফিছা ফাতিমা, মীৰাণ হাইদৰ, শ্বিফা উৰ ৰেহমান, মহম্মদ চেলিম খান আৰু ছাদাব আহমেদৰ জামিন মঞ্জুৰ কৰিছে।ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন ভি আঞ্জৰীয়াৰে গঠিত বিচাৰপীঠে ৰায়দান কৰে।

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে অভিযুক্ত উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ দি জামিন দিবলৈ অস্বীকাৰ কৰে।

ৰায়দানৰ পিছত এতিয়া দুয়োজন ছাত্ৰ কৰ্মী জেলত থাকিব আৰু বাকী অভিযুক্তক জামিনত মুকলি কৰি দিয়া হ’ব।

বিচাৰত পলম হোৱা আৰু তেওঁলোকৰ বিৰুদ্ধে সুনিৰ্দিষ্ট প্ৰমাণৰ অভাৱৰ কথা উল্লেখ কৰি অভিযুক্তসকলে জামিন বিচাৰিছিল।

শুনানিৰ সময়ত আদালতে স্পষ্ট কৰি দিয়ে যে ইউএপিএৰ ধাৰা ৪৩ডি(৫)ৰ অধীনত জামিনৰ কঠোৰ ব্যৱস্থা আছে। উল্লেখ্য যে, এই আটাইকেইজন অভিযুক্তই দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল,য’ত তেওঁক বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত জামিনৰ পৰা বঞ্চিত কৰা হৈছিল।

লগতে পঢ়ক: ‘যদি একনায়কত্ববাদীসকলৰ সৈতে এনেদৰে…’; মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত জেলেনস্কিৰ প্ৰথম প্ৰতিক্ৰিয়া

অসম আৰক্ষীক ভর্ৎসনা ছুপ্রিম ক’ৰ্টৰ, চার্জশ্বীট অবিহনে ধৃতক দুবছৰ বন্দী

চার্জশ্বীট দাখিল নকৰাকৈ দুবছৰৰো অধিক কাল এজন জনগোষ্ঠীয় লোকক নিজৰ জিম্মাত ৰাখি উচ্চতম ন্যায়ালয়ৰ ভর্ৎসনাৰ সন্মুখীন হ’ল অসম আৰক্ষী

বেআইনী কার্যকলাপ প্রতিৰোধ আইন (ইউএপিএ)ৰ অধীনত গ্রেপ্তাৰ কৰি চার্জশ্বীট দাখিল নকৰাকৈ দুবছৰৰো অধিক কাল এজন জনগোষ্ঠীয় লোকক নিজৰ জিম্মাত ৰাখি উচ্চতম ন্যায়ালয়ৰ ভর্ৎসনাৰ সন্মুখীন হ’ল অসম আৰক্ষী ৷ ন্যায়াধীশ বিক্রম নাথ আৰু সন্দীপ মেহতাৰে গঠিত খণ্ড বিচাৰপীঠে অসম আৰক্ষীৰ এনে কার্যক ভয়ংকৰ বুলি অভিহিত কৰিছে ৷ ইউএপিএ যিমানেই কঠোৰ নহওক কিয়, এজন ব্যক্তিক উক্ত আইনৰ ধাৰাত গ্রেপ্তাৰ কৰি অভিযোগনামা দাখিল নকৰাকৈ দুবছৰলৈকে কেনেকৈ বন্দী কৰি ৰাখিব পাৰে সেই বিষয়ত ন্যায়ালয়ে পোনপটীয়াকৈ প্রশ্ণ উত্থাপন কৰে ৷

অসম আৰক্ষীৰ এনে কার্যক উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠখনে সম্পূর্ণ বেআইনী বুলি অভিহিত কৰি ৰাজ্য চৰকাৰক প্রতিনিধিত্ব কৰা অধিবক্তা শুভদীপ ৰায়ৰ উদ্দেশ্যে ন্যায়াধীশ মেহতাৰ প্ৰশ্ন– অসম আৰক্ষীক দেশৰ সর্বশ্রেষ্ঠ তদন্তকাৰী সংস্থা বুলি ভাবে নেকি ?

উল্লেখ্য যে টনলং কন্যাক নামৰ এজন যুৱকক অসম ৰাইফলছে ২০২৩ চনৰ ২৩ জুলাইত নাগালেণ্ডৰ ম্যানমাৰ সীমান্তত ৩,২৫,০০০ টকাৰ সৈতে গ্রেপ্তাৰ কৰিছিল ৷ ৪৩ বছৰীয়া কন্যাকৰ বিৰুদ্ধে আলফাৰ সৈতে সম্পর্ক থকা ম্যানমাৰৰ বাসিন্দা বুলি অভিযোগেৰে পৰৱর্তী সময়ত অসমত গোচৰ ৰুজু কৰা হয় ৷ ন্যায়ালয়ত অসম চৰকাৰক প্রতিনিধিত্ব কৰা অধিবক্তা ৰায়ৰ বক্তব্য– কন্যাক হৈছে ম্যানমাৰৰ নাগৰিক তথা তেওঁৰ পৰা ভাৰতীয় জাল মুদ্রা জব্দ কৰা হৈছিল ৷

এনেক্ষেত্রত ইউএপিএৰ ৪৩ডি(৭) ধাৰা অনুসৰি বেআইনীভাৱে প্রৱেশ কৰা অনা–ভাৰতীয় এজন নাগৰিকক উক্ত আইনৰ অধীনত গ্রেপ্তাৰ কৰা হ’লে তেওঁক জামিন দিব নোৱাৰি ৷ ইয়াৰ পৰিপ্রেক্ষিতত ন্যায়াধীশ মেহতাই স্পষ্ট কৰি দিয়ে যে ইউএপিএৰ ধাৰা যিমানেই কঠোৰ নহওক কিয় এই আইনৰ অধীনত অবৈধ জিম্মাৰ কোনো অৱকাশ নাই ৷ এয়া ভয়ংকৰ৷ ন্যায়িক নির্দেশ অবিহনে ১৮০ দিনতকৈ বেছি ইউএপিএৰ অধীনত কোনো অভিযুক্তক বন্দী কৰি ৰাখিব নোৱাৰি৷ ইয়াৰ পিছত খণ্ড বিচাৰপীঠে কন্যাকক ডিফল্ট (নিজাববীয়া) জামিন প্রদান কৰে ৷

উল্লেখ্য যে ইয়াৰ পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়েও ২০২৪ চনৰ ২০ ডিচেম্বৰত কন্যাকৰ অবৈধভাৱে ভাৰতত প্রৱেশ কৰাৰ অভিযোগত জামিন আবেদন খাৰিজ কৰিছিল ৷ পিছে উচ্চতম ন্যায়ালয়ত কন্যাকৰ হৈ যুক্তি আগবঢ়োৱা অধিবক্তা এছ আলমে কয় যে অভিযুক্ত ব্যক্তিজন হৈছে দৰাচলতে ম্যানমাৰ সীমান্তৱর্তী নাগালেণ্ডৰ কন্যাক জনজাতিৰ এজন খিলঞ্জীয়া ভাৰতীয় নাগৰিক ৷ ভাৰত–ম্যানমাৰৰ মুক্ত বিচৰণ অঞ্চলৰ পৰা তেওঁক গ্রেপ্তাৰ কৰা হৈছিল তথা তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ কোনো প্রমাণ অসম আৰক্ষীয়ে এতিয়ালৈকে দিব পৰা নাই ৷

চলিত বছৰৰ ৩১ জুলাইত অসম আৰক্ষীয়ে যি অভিযোগনামা দাখিল কৰিছিল তাতো কোনো উপযুক্ত প্রমাণ নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত খণ্ড বিচাৰপীঠে কন্যাকক জামিন দিবলৈ আনুষ্ঠানিক নির্দেশনা জাৰি কৰে৷ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে নাগৰিকত্বৰ প্রশ্ণত এজন ব্যক্তিক জামিন লাভৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি৷ যথোপযুক্ত কাৰণ অবিহনে ব্যক্তিগত স্বাধীনতা আমি কেতিয়াও কর্তন কৰিব নোৱাৰিম বুলি উচ্চতম ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ, কেতিয়া দাখিল হ’ব চাৰ্জশ্বীট ?

অনুপ্রৱেশকাৰীক লৈ কঠোৰ স্থিতি উচ্চতম ন্যায়ালয়ৰ

অনুপ্রৱেশকাৰীক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে ।

ভাৰতত থকা ৰহিংগ্যাসকলক লৈ উত্থাপিত এটা গোচৰ সন্দর্ভত উচ্চতম ন্যায়ালয়ে কাঢ়া সুৰত প্রশ্ন তুলি কয়– ‘অনুপ্রৱেশকাৰীসকল বাবে আমি ৰঙা দলিচা পাৰি দিয়া উচিত নেকি?’ স্পষ্ট ভাষাত উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা জনাই দিয়া হৈছে যে ৰহিংগ্যায়াসকলৰ আইনী মর্যাদা নির্ধাৰণ নকৰাকৈ তেওঁলোকৰ অধিকাৰক লৈ কোনো ধৰণৰ আলোচনা কৰা নহ’ব ৷

এই প্রসংগতে ন্যায়ালয়ে প্রশ্ন তোলে– ‘ভাৰত চৰকাৰে কেতিয়াবা ৰহিংগ্যাসকলক শৰণার্থী হিচাপে ঘোষণা কৰিছে নেকি?’ কাৰাবন্দী হৈ থকা ৰহিংগ্যাসকলে পলায়ন কৰিছে৷ তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাই৷

এনে ধৰণৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল এটা গোচৰ৷ আবেদনকাৰীসকলৰ দাবী আছিল ৰহিংগ্যাসকলক যদি ভাৰতৰ পৰা বাহিৰ কৰি দিয়া হয় তেন্তে সেয়া আইন অনুযায়ী হোৱা উচিত৷ আবেদনত অভিযোগ কৰা হয় যে যোৱা মে’ মাহত দিল্লী আৰক্ষীয়ে কিছুসংখ্যক ৰহিংগ্যাক আটক কৰিছিল৷

তাৰ পিছৰ পৰাই তেওঁলোকৰ কোনো সন্ধান নাই৷ এই আবেদনখনক লৈয়েই মঙলবাৰে শুনানি চলিছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগছীৰ বিচাৰপীঠত৷ শুনানিৰ আৰম্ভণিতে এই বিষয়ত ন্যায়াধীশে প্রশ্ন কৰে– ‘ভাৰত চৰকাৰৰ এনে কোনো নির্দেশ আছে নেকি য’ত ৰহিংগ্যাসকলক শৰণার্থী হিচাপে ঘোষণা কৰা হৈছে?

যদি কোনোবাই ইয়াত অবৈধভাৱে প্রৱেশ কৰে তেনেহ’লে তেওঁলোকক ইয়াত ৰখাৰ বাবে আমাৰ কিবা বাধ্যবাধকতা আছে নেকি? যদি তেওঁলোকৰ ভাৰতত থকাৰ অধিকাৰেই নাথাকে আৰু তেওঁলোক অনুপ্রৱেশকাৰী হয়, তেন্তে সেইবোৰ অনুপ্রৱেশকাৰীক আদৰণি জনোৱাৰ বাবে আমি ৰঙা দলিচা পাৰি দিয়া উচিত নেকি?’

আবেদনকাৰী পক্ষৰ অধিবক্তাই কয় যে ৰহিংগ্যাসকলৰ বাবে শৰণার্থীৰ মর্যাদা তেওঁলোকে বিচৰা নাই৷ মাথোঁ আইন অনুযায়ী বিতাৰণ প্রক্রিয়া হোৱাটোহে বিচাৰিছে৷

উল্লেখযোগ্য যে অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে ইয়াৰ পূর্বেও উচ্চতম ন্যায়ালয়ে কঠোৰ স্থিতি গ্রহণ কৰিছিল৷ এই বছৰৰ আৰম্ভণিতে শ্রীলংকাৰ তামিল শৰণার্থী সন্দর্ভত ন্যায়ালয়খনে মন্তব্য কৰিছিল যে ভাৰত সমগ্র বিশ্বৰ শৰণার্থীসকলৰ আশ্রয়স্থল হ’ব নোৱাৰে ৷

লগতে পঢ়ক : ২০২৭ৰ লোকপিয়লত আনিব সম্পূৰ্ণ নতুন পদ্ধতি, গৃহ মন্ত্ৰালয়ৰ সদৰী

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ সূৰ্যকান্তৰ

মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ সূৰ্যকান্তৰ

আজি দেশে লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশ । ন্যায়াধীশ সূৰ্যকান্তে ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক শপত বাক্য পাঠ কৰোৱাই । দেওবাৰে সন্ধিয়া ন্যায়াধীশ বি আৰ গাভাইৰ অৱসৰৰ পিছতে সূৰ্যকান্তক দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে । কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে সাতখন দেশৰ মুখ্য ন্যায়াধীশেও তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

উচ্চতম ন্যায়ালয়ত তেওঁৰ কাৰ্যকালৰ সময়ত ন্যায়াধীশ সূৰ্যকান্ত ৩৭০ নং অনুচ্ছেদ আঁতৰোৱা, বিহাৰ আৰু পেগাছাছ স্পাইৱেৰ গোচৰৰ, বিহাৰৰ ভোটাৰ তালিকাৰ পৰিৱৰ্তনকে ধৰি বহুতো গুৰুত্বপূৰ্ণ সাংবিধানিক সিদ্ধান্তৰ সৈতে জড়িত আছিল ।

৩০ অক্টোবৰত ন্যায়াধীশ সূৰ্যকান্তক চিজিআই-ডেজিগনেট নিযুক্তি দিয়া হয় । তেওঁ এই পদত প্ৰায় ১৫ মাহ ধৰি থাকিব আৰু ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত ৬৫ বছৰ সম্পূৰ্ণ হ’লে পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব ।

কোন হয় ন্যায়াধীশ সূৰ্যকান্ত ?

১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ হিছাৰ জিলাৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ন্যায়াধীশ কান্ত সৰু চহৰৰ প্ৰেকটিচনাৰ হিচাপে বাৰৰ পৰা দেশৰ সৰ্বোচ্চ ন্যায়িক পদলৈকে ওলাই আহিছিল । বছৰ বছৰ ধৰি তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সাংবিধানিক সিদ্ধান্তৰ অংশ হৈ আহিছে । ২০১১ চনত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে, য’ত তেওঁ ‘প্ৰথম শ্ৰেণীৰ প্ৰথম’ স্থান লাভ কৰে ।

ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৫ অক্টোবৰৰ পৰা হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ন্যায়াধীশ কান্তে । তাৰ পূৰ্বে তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিছিল ।

লগতে পঢ়ক : সলনি হ’ব পাৰে ভাৰত-পাকিস্তানৰ সীমান্তঃ ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য

এন আৰ চি প্ৰক্ৰিয়া চূড়ান্ত কৰাৰ বাবে কেন্দ্ৰ আৰু অসম চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

অসম চৰকাৰক স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ, অসম চৰকাৰ আৰু নাগৰিক পঞ্জীয়ন মহাপঞ্জীয়কলৈ জাননী জাৰি কৰি ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত লোকক পৰিচয় পত্ৰ প্ৰদানৰ নিৰ্দেশনা বিচৰা আবেদনৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কয় । এক বাতৰি অনুসৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ, অসম চৰকাৰ আৰু নাগৰিক পঞ্জীয়নৰ মহাপঞ্জীয়কক জাননী জাৰি কৰি ৰাজ্যখনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত লোকক পৰিচয় পত্ৰ প্ৰদানৰ নিৰ্দেশনা বিচৰা আবেদন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কয় ।

জমিয়ত উলেমা-ই-হিন্দ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অংশ হিচাপে এই সন্দৰ্ভত শীঘ্ৰেই আইনী পদক্ষেপ ল’বলৈ নিৰ্দেশ বিচাৰি আদালতৰ কাষ চাপিছিল ।

ইয়াৰ ভিতৰত তালিকাত থকাসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰাৰ লগতে তালিকাৰ পৰা বাদ পৰাসকলৰ বাবে প্ৰত্যাখ্যান আদেশ জাৰি কৰা আৰু আবেদন আৰম্ভ কৰাও অন্তৰ্ভুক্ত বুলি বাতৰিত প্ৰকাশ পাইছে । আবেদনকাৰীসকলে যুক্তি দিছে যে যিসকলে পৰিচয় পত্ৰ লাভ কৰিছে তেওঁলোকে পৰিচয় পত্ৰ লাভ কৰাৰ পিছতহে আদালতত আবেদন কৰাৰ অধিকাৰ লাভ কৰিব ।

আবেদনকাৰীসকলে আলোকপাত কৰে যে ২০১৯ চনৰ পৰা ৬ বছৰতকৈ অধিক সময় ধৰি বাকী থকা এই পদক্ষেপসমূহে এন আৰ চিৰ অনুশীলন অসম্পূৰ্ণ, “অসাংবিধানিক, স্বেচ্ছাচাৰী আৰু সংবিধানৰ ১৪ আৰু ২১ অনুচ্ছেদ উলংঘা” কৰিছে ।

ৰাজ্যত বসবাস কৰা ভাৰতীয় নাগৰিকক নথি-পত্ৰবিহীন প্ৰব্ৰজনকাৰীৰ পৰা পৃথক কৰাৰ লক্ষ্যৰে ২০১৯ চনৰ ৩১ আগষ্টত অসমে প্ৰকাশ কৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী । তালিকাত অন্তৰ্ভুক্ত হ’বলৈ তেওঁলোকৰ পূৰ্বজ ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পূৰ্বে অসমত প্ৰৱেশ কৰা বুলি বাসিন্দাসকলে প্ৰমাণ কৰিব লাগিছিল ।

লগতে পঢ়ক : বহুবিবাহ কৰিলেই জেল নিশ্চিত! ২৫নৱেম্বৰত উত্থাপন হ’ব বিধেয়ক

বনতাৰালৈ ক্লীনশ্বিট… উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে ক’লে- নিয়ম সম্পূৰ্ণৰূপে পালন কৰা হৈছে

বনতাৰালৈ ক্লীনশ্বিট

উচ্চতম ন্যায়ালয়ে গঠন কৰা এছ আই টিয়ে গুজৰাটৰ জামনগৰত অৱস্থিত বন্যপ্ৰাণী আৰু পুনৰ্বাসন কেন্দ্ৰ ‘বনতাৰা’ক ক্লীনশ্বিট প্ৰদান কৰি ডাঙৰ সকাহ দিছে । বনতাৰাত নিয়ম আৰু নিয়ন্ত্ৰণ ব্যৱস্থা মানি চলাত সন্তুষ্টি প্ৰকাশ কৰে এছ আই টিৰ বিষয়াসকলে । ন্যায়াধীশ পংকজ মিত্তল আৰু ন্যায়াধীশ পি বি ভাৰালেৰ বিচাৰপীঠে প্ৰতিবেদনখন ৰেকৰ্ডত লৈ কয় যে বনতাৰাত কম্প্লাইয়েন্স আৰু নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়টোত বিষয়াসকলে সন্তুষ্টি প্ৰকাশ কৰিছে ।

এই অভিযোগ উত্থাপিত হৈছে বনতাৰাৰ বিৰুদ্ধে-

শুকুৰবাৰে এই প্ৰতিবেদন দাখিল কৰা হয় আৰু সোমবাৰে উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰত অধ্যয়ন কৰে । উচ্চতম ন্যায়ালয়ে এই প্ৰতিবেদন অধ্যয়ন কৰি বিতং নিৰ্দেশ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে । উচ্চতম ন্যায়ালয়ত দুখন পি আই এল দাখিল কৰা হৈছিল, য’ত বনতাৰাত আইন মানি চলা নাই বুলি অভিযোগ উত্থাপন কৰাৰ লগতে বিদেশৰ পৰা জীৱ-জন্তু বিশেষকৈ হাতী অধিগ্ৰহণ কৰাৰ অভিযোগো উত্থাপন কৰা হৈছিল । এই আবেদনসমূহৰ শুনানি গ্ৰহণ কৰাৰ সময়ত আৰু বিভিন্ন সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে অভিযোগসমূহৰ তদন্তৰ বাবে এছ আই টি গঠন কৰে । ২৫ আগষ্টত এই এছ আই টি গঠন কৰা হৈছিল আৰু ন্যায়াধীশ জে চেলামেশ্বৰক এই এছ আই টিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল ।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনত বনতাৰাত অবৈধভাৱে জীৱ-জন্তু ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপনৰ নামত হাতী, চৰাই আৰু অন্যান্য সংৰক্ষিত প্ৰজাতিৰ বনতাৰালৈ চোৰাংভাৱে অনাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

এই বিষয়সমূহৰ তদন্ত কৰি এছ আই টিয়ে প্ৰতিবেদন দাখিল কৰে-

-ভাৰত আৰু বিদেশৰ পৰা জীৱ-জন্তু বিশেষকৈ হাতী অধিগ্ৰহণ ।

-বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ আৰু ইয়াৰ অধীনত চিৰিয়াখানাৰ বাবে নিৰ্ধাৰিত নিয়ম মানি চলা ।

-উদ্ভিদ আৰু প্ৰাণীৰ বিপন্ন প্ৰজাতিৰ বাণিজ্য সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চুক্তি (CITES) আৰু আমদানি/ৰপ্তানি আইন আৰু জীয়াই থকা প্ৰাণীৰ আমদানি/ৰপ্তানিৰ সৈতে জড়িত অন্যান্য বিধিগত প্ৰয়োজনীয়তাসমূহ মানি চলা ।

-পশুপালন, পশু চিকিৎসা, পশু কল্যাণ, মৃত্যুৰ হাৰ আৰু ইয়াৰ কাৰণসমূহৰ মানদণ্ড পালন কৰা ।

-জলবায়ুৰ পৰিস্থিতিৰ সৈতে জড়িত অভিযোগ আৰু ঔদ্যোগিক অঞ্চলৰ ওচৰত থকাৰ অভিযোগ ।

-ভ্যানিটি বা ব্যক্তিগত সংগ্ৰহ, প্ৰজনন, সংৰক্ষণ কাৰ্যসূচী আৰু জৈৱ বৈচিত্ৰ্য সম্পদৰ ব্যৱহাৰৰ সৈতে জড়িত অভিযোগ ।

-পানী আৰু কাৰ্বন ক্ৰেডিটৰ অপব্যৱহাৰৰ সৈতে জড়িত অভিযোগ ।

-আৰ্থিক অনুসৰণ, ধন সৰবৰাহ আদি বিষয়ৰ সৈতে জড়িত অভিযোগ ।

লগতে পঢ়ক : ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱতীকালীন ৰায়দান… কোনবোৰ বিধানত লাগিল স্থগিতাদেশ

ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱতীকালীন ৰায়দান… কোনবোৰ বিধানত লাগিল স্থগিতাদেশ

ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱতীকালীন ৰায়দান

ৱাকফ (সংশোধনী) আইনক প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন ৰায়দান । সমগ্ৰ আইনখন নিষিদ্ধ কৰিবলৈ আদালতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে । কিন্তু কিছুমান ধাৰাত স্থগিতাদেশ আৰোপ কৰা হৈছে, যাৰ ওপৰত বহু মুছলমান নেতাই সুখ প্ৰকাশ কৰিছে ।

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিৰ বিচাৰপীঠে আজি অন্তৱৰ্তীকালীন আদেশ গৃহীত কৰে । আদালতে স্বীকাৰ কৰে যে সমগ্ৰ সংশোধনী স্থগিত ৰখাৰ কোনো গোচৰ নাই যদিও কিছুমান বিধান স্থগিত ৰখা হৈছে । ইয়াৰ ভিতৰত ৩(গ), ৩(ঘ), ৩(ঙ) ধাৰা অন্তৰ্ভুক্ত আছে ।

এই বিধানসমূহৰ ওপৰত স্থগিতাদেশ-

-উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন ২০২৫ৰ সেই বিধানৰ ওপৰত স্থাগিতাদেশ জাৰি কৰিছে যি নিয়ম অনুসৰি ৱাকফ সৃষ্টি কৰিবলৈ এজন ব্যক্তিয়ে ৫ বছৰ ইছলামৰ অনুগামী হ’ব লাগিছিল । কোনো ব্যক্তি ইছলামৰ অনুগামী নে নহয় সেইটো নিৰ্ণয় কৰিবলৈ ৰাজ্য চৰকাৰে নিয়ম প্ৰণয়ন নকৰালৈকে এই ব্যৱস্থা স্থগিত ৰখা হ’ব ।

-ন্যায়ালয়ে নিৰ্দেশ দিছে যে যিমানদূৰ সম্ভৱ ৱাকফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া মুছলমান হ’ব লাগে । এই সন্দৰ্ভত আদালতে কোনো নিৰ্দেশ দিয়া নাই । বৰঞ্চ ই নিজৰ পৰামৰ্শ দিছে ।

-ইয়াৰ লগতে ব’ৰ্ডৰ মুঠ ১১ জন সদস্যৰ ভিতৰত ৩ জনতকৈ অধিক অমুছলমান সদস্য নাথাকিব । ইয়াকো সকাহৰ সিদ্ধান্ত বুলি গণ্য কৰা হৈছে । আনহাতে পৰিষদত ৪ জন অমুছলমান সদস্য থকাৰ অনুমোদন দিয়া হৈছে ।

-উচ্চতম ন্যায়ালয়ে ৱাকফৰ সম্পত্তিৰ বাধ্যতামূলক পঞ্জীয়ন নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছে, কাৰণ পূৰ্বৰ আইনসমূহতো এই দিশটো উপস্থিত আছিল । আদালতে নিজৰ আদেশত এই দিশটো লক্ষ্য কৰি লোৱা বুলি জানিবলৈ দিয়ে ।

-উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্তত স্পষ্ট কৰি দিছে যে সংগ্ৰাহক বা কাৰ্যবাহীক সম্পত্তিৰ অধিকাৰৰ সিদ্ধান্ত ল’বলৈ দিয়া হোৱা নাই । আদালতে কয় যে ৱাকফৰ সম্পত্তিৰ চূড়ান্ত সিদ্ধান্ত ৱাকফ ন্যায়াধিকৰণ আৰু উচ্চ ন্যায়ালয়ে ধাৰা ৩(গ)ৰ অধীনত নোলোৱালৈকে ৱাকফক সম্পত্তিৰ পৰা উচ্ছেদ কৰা নহ’ব । ইয়াৰ লগতে আদালতৰ সিদ্ধান্ত নোপোৱালৈকে ৰাজহ ৰেকৰ্ডত কোনো ধৰণৰ হস্তক্ষেপ নহ’ব । অৰ্থাৎ এতিয়া সংগ্ৰাহকৰ সিদ্ধান্তই প্ৰমাণ নকৰে যে সম্পত্তিটো ৱাকফ বা নহয় ।

এই সকলোবোৰ বিধানক লৈ আইনখন বলবৎ হোৱাৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি হৈছিল । এতিয়া উচ্চতম ন্যায়ালয়ে এইবোৰৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ দিয়াৰ লগে লগে মুছলমান পক্ষই ইয়াক সকাহ হিচাপে লৈছে ।

আনহাতে ৱাকফ আইন কাৰ্যকৰী হোৱাৰ লগে লগে বহু লোকে উচ্চতম ন্যায়ালয়ৰ দুৱাৰত টোকৰ মাৰে । ইয়াৰ লগতে আইনখনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন কৰা হয় । এই সন্দৰ্ভত সমগ্ৰ দেশতে প্ৰতিবাদো দেখা যায় । এই গোচৰৰ শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে । ইয়াৰ লগতে ই স্পষ্টভাৱে অস্বীকাৰ কৰিছে যে তেওঁলোকে এই আইনখনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে ।

লগতে পঢ়ক : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰধানমন্ত্ৰীয়ে স্মৃতিত মুকলি কৰিলে স্মাৰক মুদ্ৰা… ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল অসমবাসী

পদপথৰ কুকুৰৰ ওপৰত সলনি হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ! মুখ্য ন্যায়াধীশৰ মন্তব্যই কৰিছে আশাৰ সঞ্চাৰ

পদপথৰ কুকুৰৰ ওপৰত সলনি হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী এন চি আৰৰ পৰা পদপথৰ সমূহ কুকুৰ আঁতৰাই নিয়াৰ নিৰ্দেশ দিছিল । এই কাম সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনক ৮ সপ্তাহৰ সময়সীমা দিছিল আদালতে । ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত বহু লোকে প্ৰতিবাদত কৰাৰ বিপৰীতে বহু লোকে এই নিৰ্দেশক সমৰ্থন কৰিছে । ইয়াৰ পিছতেই এতিয়া মুখ্য ন্যায়াধীশে এই বিষয়টো পুনৰীক্ষণ কৰিবলৈ কৈছে ।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে বিতৰ্কৰ সৃষ্টি কৰিছে । একাংশই ইয়াক শুদ্ধ বুলি কোৱাৰ বিপৰীতে আন কোনোবাই ভুল আখ্যা দিছে । উচ্চতম ন্যায়ালয়ে পশু জন্ম নিয়ন্ত্ৰণ বিধি (ABC Rules)কো সমালোচনা কৰি কয় যে সমাজে নিৰাপদ অনুভৱ কৰাৰ অধিকাৰ আছে ।

ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বহু অভিনেতা-অভিনেত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ লগতে এই আদেশ বাতিল কৰিবলৈ দাবী জনাইছে । ইয়াৰ পিছতে এতিয়া এই বিষয়ত মুখ্য ন্যায়াধীশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

এই সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্য ন্যাধীশে বিষয়টো নিৰীক্ষণ কৰাৰ কথা উল্লেখ কৰে । চি জে আইৰ এই বক্তব্যৰ পিছত সকলো পশুপ্ৰেমীৰ মাজত আশাৰ সঞ্চাৰ হৈছে ।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আন এখন বিচাৰপীঠে ইতিমধ্যে পদপথৰ কুকুৰ সন্দৰ্ভত এক নিৰ্দেশ গৃহীত কৰিছে । ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱনৰ বিচাৰপীঠে সোমবাৰে কয় যে কুকুৰে কামোৰা কাণ্ডই অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সকলো পদপথৰ কুকুৰক অতি সোনকালে স্থায়ীভাৱে স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিছিল ।

কি আছিল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ?

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী-এন চি আৰত থকা পদপথৰ কুকুৰসমূহক আঠ সপ্তাহৰ ভিতৰত আশ্ৰয় গৃহলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ লগতে আদালতে স্পষ্টকৈ কৈছিল যে যদি কোনোবাই এই নিৰ্দেশৰ বিৰোধিতা কৰে তেন্তে তেওঁৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব । এই সমগ্ৰ কাম সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনক ২ মাহৰ সময় দিয়া হৈছিল । ইয়াৰ উপৰিও এতিয়ালৈকে কিমান কুকুৰক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে তাৰ ৰেকৰ্ড ৰখাৰ নিৰ্দেশ দিছে আদালতে ।

লগতে পঢ়ক : মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে জন আব্ৰাহামে… পদপথৰ কুকুৰ সন্দৰ্ভত লোৱা সিদ্ধান্তত অসন্তুষ্ট জাহ্নৱী-বৰুণ