আমি উচ্চতম ন্যায়ালয়লৈ যাম… এ পি এছ চি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আমি উচ্চতম ন্যায়ালয়লৈ যাম

ৰাজ্য কঁপোৱা এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত শনিবাৰে এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ‘কেছ ফৰ জব’ কেলেংকাৰীত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ৫২জন ৰাজপত্ৰিত বিষয়াক পুনৰ নিযুক্তিৰ নিৰ্দেশ দিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয়লৈ যাব বুলি কয় তেওঁ । এই সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে কেৱল যোগ্যতাৰ ভিত্তিতহে নিযুক্তি নিশ্চিত কৰাৰ দিশত কাম কৰি আছে ।

শনিবাৰে বাক্সা জিলাত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত সংবাদ মাধ্যমৰ আগত তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে তেওঁ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত পঢ়া নাই, কিন্তু সংবাদ মাধ্যমৰ বাতৰি যদি শুদ্ধ হয় তেন্তে সেয়া অতি দুৰ্ভাগ্যজনক । আমি উচ্চতম ন্যায়ালয়ত আবেদন কৰিম আৰু শেষ মুহূৰ্তলৈকে চেষ্টা কৰিম যে বক্ৰ পথেৰে চাকৰি পোৱাসকলে পুনৰ নিযুক্তি লাভ নকৰে । ২০১৬ চনত পোহৰলৈ অহা এই কেলেংকাৰীত তেতিয়াৰ এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ পালকে ধৰি ৭০ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছিল নিৰ্দেশ-

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৩ আৰু ২০১৪ বেটছৰ ৫২ গৰাকী বিষয়াক ৫০ দিনৰ ভিতৰত পুনৰ নিযুক্তিৰ নিৰ্দেশ দিয়ে । আদালতে লগতে কয় যে চৰকাৰে ইচ্ছা কৰিলে পুনৰ নিযুক্তি পোৱা বিষয়াসকলক ৩০ দিনৰ বাবে কোনো কৰ্তব্য নিদিয়াকৈ তদন্ত কৰিব পাৰে । স্বচ্ছতাৰ নতুন মানদণ্ডৰে চৰকাৰী চাকৰিত নিযুক্তি দি থকাৰ সময়ত চৰকাৰৰ বাবে এই নিৰ্দেশ আহিছে ।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ডাঙৰ ঘোষণা-

ইফালে মুখ্যমন্ত্রী ড০ শর্মাই মানস ৰাষ্ট্রীয় উদ্যানক এক প্রধান পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ কথাও ঘোষণা কৰে ৷ তেওঁ কয় যে বড়োলেণ্ড অঞ্চলত শান্তি ঘূৰি অহাৰ পিছত এই অঞ্চলটো এতিয়া নিৰাপদ আৰু আকৰ্ষণীয় হৈ পৰিছে, যাৰ ফলত পৰ্যটনৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে । এতিয়া ইয়াত শান্তি আৰু উন্নয়নৰ পৰিৱেশ আছে বুলি মন্তব্য কৰে তেওঁ ।

লগতে পঢ়ক : ‘নামঘৰ-মন্দিৰৰ ৫ কিঃমিঃ ভিতৰত কুৰবাণী নিষিদ্ধ’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘দুটা শ্বিফ্টত নহ’ব পৰীক্ষা’; NEET PG 2025 পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ আদেশ

দুটা শ্বিফ্টত নহ’ব পৰীক্ষা

উচ্চতম ন্যায়ালয়ে NEET PG 2025 পৰীক্ষা সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে কৈছে যে NEET PG 2025 পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত কৰিব নালাগে।

নিজৰ আদেশৰ সন্দৰ্ভত আদালতে কয় যে যদি দুটা শ্বিফ্টত পৰীক্ষা কৰা হয় তেন্তে ই বিভিন্ন মাত্ৰাৰ স্বেচ্ছাচাৰীতা আৰু অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

কেৱল এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডক স্পষ্টকৈ জনাইছে আদালতে।

ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডে NEET PG 2025 পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই কথা প্ৰকাশ কৰে।

এই আবেদন ইউনাইটেড ডাক্তৰচ ফ্ৰণ্টে দাখিল কৰিছে।আৱেদনখনত কোৱা হৈছে যে এই পৰীক্ষা সমগ্ৰ দেশতে একক অধিবেশনত অনুষ্ঠিত কৰিব লাগে।

যোৱা শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰি উত্তৰ বিচাৰিছিল। অহা ১৫ জুনত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা।

লগতে পঢ়ক: ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ বন্ধ হোৱা নাই…;’অপাৰেচন সিন্দূৰক লৈ প্ৰধানমন্ত্ৰীৰ মন্তব্য

ভাৰত ধৰ্মশালা নহয়… শ্ৰীলংকাৰ তামিল শৰণাৰ্থীৰ আবেদন নাকচ কৰি ক’লে উচ্চতম ন্যায়ালয়ে

সোমবাৰে উচ্চতম ন্যায়ালয়ে শ্ৰীলংকাৰ নাগৰিকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । য’ত আবেদনকাৰীয়ে শাস্তি সম্পূৰ্ণ হোৱাৰ পিছত দেশৰ পৰা বিতাড়িত কৰাটোক প্ৰত্যাহ্বান জনাইছিল । আদালতে স্পষ্ট কৰি দিয়ে যে ভাৰত এনে এখন ‘ধৰমশালা’ নহয় য’ত সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক আশ্ৰয় দিব পাৰি ।

ন্যায়াধীশ দিপাংকৰ দত্ত আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰৰ বিচাৰপীঠে কয়, ভাৰতবৰ্ষই সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক আশ্ৰয় দিব নেকি ? আমি ইতিমধ্যে ১৪০ কোটি জনসংখ্যাৰে সংগ্ৰাম কৰি আছো । এইখন কোনো ধৰ্মশালা নহয় য’ত আমি সকলো ঠাইৰ পৰা অহা বিদেশী নাগৰিকক ঠাই দিব পাৰো ।

উচ্চতম ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এখন আবেদনৰ শুনানি গ্ৰহণ কৰে । ইয়াত কোৱা হৈছে যে শ্ৰীলংকাৰ তামিল নাগৰিকগৰাকীয়ে ইউ এ পি এ গোচৰত সাত বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰি ভাৰত এৰি যাব লাগে । আবেদনকাৰীৰ অধিবক্তাই বিচাৰপীঠক জনোৱা মতে, শ্ৰীলংকাৰ তামিল যুৱকজন ভিছা লৈ ইয়ালৈ আহিছে । নিজৰ দেশতে বিপদত পৰিছে তেওঁৰ জীৱন । কোনো বিতাড়ন প্ৰক্ৰিয়া নোহোৱাকৈ তিনি বছৰ ধৰি আটক কৰি ৰাখিছে তেওঁক ।

ন্যায়াধীশ দিপাংকৰ দত্তই অধিবক্তাক সোধে, ইয়াত থিতাপি লোৱাৰ কি অধিকাৰ আছে ? অধিবক্তাজনে কয় যে আবেদনকাৰীজন শৰণাৰ্থী আৰু তেওঁৰ পত্নী আৰু সন্তানসকলে ভাৰতত বসতি স্থাপন কৰিছে । এই সন্দৰ্ভত ন্যায়াধীশ দত্তই কয় যে ২১ নং দফা উলংঘা হোৱা নাই । তেওঁৰ স্বাধীনতা কাঢ়ি লোৱা হৈছে । কিন্তু ১৯ নং অনুচ্ছেদ অনুসৰি ভাৰতত বসতি স্থাপন কৰাৰ মৌলিক অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰহে আছে । অধিবক্তাই যেতিয়া আবেদনকাৰীৰ জীৱন বিপদত পৰিছে বুলি ক’লে ন্যায়াধীশ দত্তই তেওঁক আন কোনোবা দেশলৈ যাবলৈ কয় ।

উল্লেখ্য যে, ২০১৫ চনত এল টি টি ইৰ কৰ্মী হোৱাৰ সন্দেহত আন দুজন লোকৰ সৈতে গ্ৰেপ্তাৰ হৈছিল আবেদনকাৰীগৰাকী । ইউ এ পি এৰ অধীনত বিচাৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি তিনি বছৰলৈ হ্ৰাস কৰিছিল । উচ্চ ন্যায়ালয়ে কৈছিল যে শাস্তি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ দেশ এৰি যাব লাগিব । ২০০৯ চনত এল টি টি ইৰ প্ৰাক্তন সদস্য হিচাপে শ্ৰীলংকা যুদ্ধত যুঁজিছিল আৰু তাৰ পৰাই তেওঁক বহিষ্কাৰ কৰা হৈছিল বুলি অধিবক্তাগৰাকীয়ে কয় । যদি তেওঁক উভতাই পঠিয়াই দিয়া হয় তেন্তে তেওঁৰ জীৱন বিপদত পৰিব । তেওঁ কয় যে তেওঁৰ পত্নী আৰু পুত্ৰ ৰোগত ভুগি আছে ।

‘মন্ত্ৰী হৈ কেনেধৰণৰ ভাষা ব্যৱহাৰ কৰে…’, কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমানৰ বাবে মন্ত্ৰীক ধমক সৰ্বোচ্চ ন্যায়ালয়ৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহক কৰ্ণেল ছফিয়া কুৰেশ্বীৰ সন্দৰ্ভত বিতৰ্কিত বক্তব্যৰ বাবে উচ্চতম ন্যায়ালয়ে ধমক দিয়ে । এই কথা কৈ উচ্চতম ন্যায়ালয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ স্থগিত ৰখা নাই ।

মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে বিজয় শ্বাহক ধমক দি প্ৰশ্ন কৰে যে আপুনি কেনেধৰণৰ বক্তব্য দিছে ? আপুনি এজন মন্ত্ৰী । মন্ত্ৰী হৈ কেনেধৰণৰ ভাষা ব্যৱহাৰ কৰি আছে ?  এজন মন্ত্ৰীৰ বাবে এই কথা যোগ্য নেকি ?

আদালতে কয় যে সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিৰ পৰা এনে বক্তব্য আশা কৰা নহয় । যেতিয়া দেশখন এনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈ আছে তেতিয়া দায়িত্বশীল পদত অধিষ্ঠিত ব্যক্তিৰ পৰা এনে বক্তব্য আশা কৰিব নোৱাৰি ।

মুখ্য ন্যায়াধীশে কয়, আপুনি কোন সেইটো জানে নহয়নে ? এই সন্দৰ্ভত বিজয় শ্বাহৰ অধিবক্তাই কয় যে তেওঁৰ ক্লায়েণ্টে ক্ষমা বিচাৰিছে । সংবাদ মাধ্যমে তেওঁৰ বক্তব্য বিকৃত কৰিছে । সংবাদ মাধ্যমে ইয়াক অতিমাত্ৰা প্ৰচাৰ কৰিলে । অধিবক্তাই কয় যে উচ্চ ন্যায়ালয়ে আদেশ দিয়াৰ আগতে আমাৰ শুনানি গ্ৰহণ কৰা নাছিল ।

মুখ্য ন্যায়াধীশে এই বিষয়টো কাইলৈ শুনানি অনুষ্ঠিত হ’ব বুলি কয় । লগতে ন্যায়ালয়ে বিজয় শ্বাহৰ বিৰুদ্ধে উত্থাপিত এফ আই আৰ স্থগিত ৰখাৰ আৱেদন স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে ।

উচ্চতম ন্যায়ালয়ক ১৪টা প্ৰশ্ন কৰিলে  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…

যোৱা মাহত উচ্চতম ন্যায়ালয়ে এটা ডাঙৰ সিদ্ধান্ত লৈছিল । তামিলনাডুৰ ৰাজ্যপালৰ গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্যপালে বিধেয়কসমূহ অনিৰ্দিষ্টকাললৈ ধৰি ৰাখিব নোৱাৰে । উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ইয়াৰ উত্তৰত তেওঁ উচ্চতম ন্যায়ালয়ক ১৪টা প্ৰশ্ন কৰিছে । এই প্ৰশ্নসমূহ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ সৈতে জড়িত ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ত সোধা প্ৰশ্নসমূহ সংবিধানৰ ২০০, ২০১, ৩৬১, ১৪৩, ১৪২, ১৪৫(৩) আৰু ১৩১ নং অনুচ্ছেদৰ সৈতে জড়িত । ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশ্ন কৰিছে যে যেতিয়া ৰাজ্যপালৰ ওচৰলৈ কোনো বিধেয়ক আহে তেতিয়া ৰাজ্যপালৰ হাতত কি বিকল্প থাকে আৰু ৰাজ্যপালগৰাকীয়ে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মানি চলাটো বাধ্যতামূলক নেকি ? একেদৰে ৰাষ্ট্ৰপতিগৰাকীয়ে মুঠ ১৪টা প্ৰশ্ন কৰিছে ।

এই বিষয়টো আৰম্ভ হৈছিল তামিলনাডুৰ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা বিবাদৰ পিছত । ৰাজ্য চৰকাৰৰ বিল ৰাখি দিছিল ৰাজ্যপালে । ৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ৰাজ্যপালৰ কোনো ভেটো ক্ষমতা নাই । ৰাজ্যপালে প্ৰেৰণ কৰা বিধেয়কখনৰ সন্দৰ্ভত ৩ মাহৰ ভিতৰত ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত ল’ব লাগিব বুলি আদালতে জানিবলৈ দিয়ে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে এই প্ৰশ্নসমূহ উচ্চতম ন্যায়ালয়ক সুধিছে-

-বিধেয়ক অহাৰ পিছত ৰাজ্যপালৰ হাতত কি কি সাংবিধানিক বিকল্প আছে ?

-সিদ্ধান্ত লোৱাৰ সময়ত ৰাজ্যপালে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাধ্যতামূলক নেকি ?

-ৰাজ্যপালৰ সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাব পাৰিনে

-৩৬১ নং অনুচ্ছেদে ৰাজ্যপালৰ সিদ্ধান্তৰ ন্যায়িক পৰ্যালোচনাত বাধা দিব পাৰিবনে ?

-সংবিধানত যদি ৰাজ্যপালৰ কোনো সময়সীমা নাই তেন্তে আদালতে সিদ্ধান্ত ল’ব পাৰিবনে ?

-ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাব পাৰিনে ?

-আদালতে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ সময়সীমা নিৰ্ধাৰণ কৰিব পাৰিবনে ?

-ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাটো বাধ্যতামূলক নেকি ?

-১৪২ নং অনুচ্ছেদৰ সৈতে জড়িত এটা প্ৰশ্ন উত্থাপন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশ্ন কৰে যে ১৪২ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ সাংবিধানিক কাৰ্য্য আৰু আদেশ সলনি কৰিব পাৰি নেকি ?

ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব বি আৰ গাভাই… ১৪ মে’ত গ্ৰহণ কৰিব কাৰ্যভাৰ

ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই । মঙলবাৰে ৰাষ্ট্ৰপতিয়ে এই সিদ্ধান্তত অনুমোদন জনায় । ১৪ মে’ত তেওঁ মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰিব । ইফালে ১৩ জুনত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ সঞ্জীৱ খান্নাই । ন্যায়াধীশ গাভাই দেশৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ ।

ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ গাভাইক নিযুক্তি সন্দৰ্ভত আইন মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছে । নিৰ্ধাৰিত পদ্ধতি অনুসৰি ১৬ এপ্ৰিলত চি জে আই খান্নাই তেওঁৰ নাম কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ হিচাপে প্ৰেৰণ কৰিছিল । ন্যায়াধীশ গাভাইৰ কাৰ্যকাল ছমাহ আৰু ৬৫ বছৰ বয়সত ২৩ ডিচেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিব ।

ভাৰতৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ-

ন্যায়াধীশ গাভাই হ’ব দেশৰ দ্বিতীয়গৰাকী দলিত মুখ্য ন্যায়াধীশ । তেওঁৰ পূৰ্বে ন্যায়াধীশ কে জি বালকৃষ্ণন ভাৰতৰ মুখ্য ন্যায়াধীশ হৈছিল । ন্যায়াধীশ বালকৃষ্ণন ২০০৭ চনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ।

ন্যায়াধীশ বি আৰ গাভাইৰ ডাঙৰ সিদ্ধান্ত

ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষীক মুক্তি- ২০২২

ন্যায়াধীশ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে তামিলনাডু চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাজ্যপালগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৩০ বছৰতকৈও অধিক সময় কাৰাগাৰত থকা দোষীসকলক মুকলি কৰি দিয়াৰ বাবে অনুমোদন জনায় ।

ৱানিয়াৰ সংৰক্ষণক অসাংবিধানিক ঘোষণা- ২০২২

তামিলনাডু চৰকাৰে ৱানিয়াৰ সম্প্ৰদায়ক বিশেষ সংৰক্ষণ প্ৰদানৰ সিদ্ধান্তক আন পিছপৰা শ্ৰেণীৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱস্থা লোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে অসাংবিধানিক বুলি ঘোষণা কৰে ।

বিমুদ্ৰাকৰণক বৈধতা প্ৰদান কৰা- ২০২৩

ন্যায়াধীশ গাভাইয়ে ২০১৬ চনৰ বিমুদ্ৰাকৰণ পৰিকল্পনাক ৪:১ সংখ্যাগৰিষ্ঠতাৰে সমৰ্থন কৰি কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে আৰু ই “সমানুপাতিকতাৰ পৰীক্ষা” পূৰণ কৰিছে ।

ইডি সঞ্চালকৰ কাৰ্যকাল অবৈধ বৃদ্ধি- ২০২৩

২০২৩ চনৰ জুলাই মাহত ন্যায়াধীশ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে বলবৎকাৰী সঞ্চালকালয়ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল বৃদ্ধি কৰাটো অবৈধ বুলি ঘোষণা কৰি ২০২৩ চনৰ ৩১ জুলাইৰ ভিতৰত পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ।

বুলডজাৰৰ একচনত নিষেধাজ্ঞা- ২০২৪

২০২৪ চনত ন্যায়াধীশ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কেৱল অভিযুক্ত বা দোষী সাব্যস্ত হোৱাৰ ভিত্তিত কাৰোবাৰ সম্পত্তি ভাঙি পেলোৱাটো অসাংবিধানিক বুলি ৰায় দিছিল । আইনী প্ৰক্ৰিয়া অবিহনে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি, যদি হয় তেন্তে সংশ্লিষ্ট বিষয়া দায়ী হ’ব ।

‘ৱাকফ আইনত যদি কোনো ভুল পোৱা যায় তেন্তে মই পদত্যাগ কৰিম…’;  উচ্চতম ন্যায়ালয়ে দিয়া যুক্তিক লৈ জেপিচিৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

ৱাকফ আইনত কেন্দ্ৰীয় চৰকাৰে কৰা সংশোধনীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আৱেদন দাখিল কৰা হৈছে, যাক লৈ আজি একেৰাহে দ্বিতীয় দিনাও শুনানি হয়।

এই সংশোধনীৰ বিভিন্ন দিশ সন্দৰ্ভত আৱেদনসমূহত প্ৰশ্ন উত্থাপন হৈছে। তাৰ মাজতে, ৱাকফ আইনক লৈ প্ৰশ্ন উত্থাপন কৰা সকলৰ বাবে সংসদীয় সংযুক্ত সমিতিৰ অধ্যক্ষ জগদম্বিকা পালে কয় যে, যদি আইনখনত এটাও ভুল পোৱা যায়, তেনেহলে তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰিব।

এটা সাক্ষাৎকাৰত জেপিচিৰ অধ্যক্ষ জগদম্বিকা পালে কয় যে ৰাজনৈতিক দলসমূহে ভোট বেংকৰ ৰাজনীতি কৰিছে আৰু মুছলমান তুষ্টিকৰণৰ ৰাজনীতি ঠিক নহয়।

বিজেপি নেতাগৰাকীয়ে স্পষ্টকৈ কয় যে তেওঁ কোনো ধৰণৰ ৰাজনীতিৰ দ্বাৰা অনুপ্ৰাণিত নহয় আৰু সম্পূৰ্ণ নিৰপেক্ষতাৰে কাম কৰি আছে।

জগদম্বিকা পালে কয় যে এই বিষয়ত জেপিচিয়ে ৩৮খন বৈঠক অনুষ্ঠিত কৰিছে আৰু আৰু দাবী কৰিছিল যে সকলো প্ৰশ্ন ভিত্তিহীন।

তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ মতে, ৱাকফ ব’ৰ্ড হৈছে এটা আইনী সংস্থা, ই কোনো ধৰ্মীয় অনুষ্ঠান নহয়।

ৱাকফ সংশোধনী আইন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে দিব পাৰে অন্তৱৰ্তীকালীন আদেশ…

উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন আদেশৰ জৰিয়তে ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ কিছুমান মূল বিধান স্থগিত ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছে । উচ্চতম ন্যায়ালয়ে আদালতে ৱাকফ হিচাপে ঘোষণা কৰা সম্পত্তিৰ ডিন’টিফিকেশন, পদমৰ্যাদাৰ সদস্যৰ বাহিৰে আন অমুছলমান সদস্যক ৱাকফত অন্তৰ্ভুক্ত কৰা আৰু সংগ্ৰাহকসকলে পৰিদৰ্শনৰ সময়ত সম্পত্তিক অৱাকফ বুলি ঘোষণা কৰাৰ বিধানসমূহত স্থগিতাদেশ দিয়াৰ প্ৰস্তাৱ আগবঢ়ায় ।

এই আইনৰ বিৰুদ্ধে আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে । কিন্তু তাৎক্ষণিকভাৱে এই আইনখন কাৰ্যকৰী কৰাত কোনো ধৰণৰ বাধা আৰোপ কৰা নাই । এই বিষয়ত সংঘটিত হিংসাত্মক ঘটনাক লৈ উচ্চতম ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰে । একে সময়তে কেন্দ্ৰীয় চৰকাৰে এই বিধান নিষিদ্ধ কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি কয় যে কোনো নিৰ্দেশনা জাৰি কৰাৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানি গ্ৰহণ কৰিব লাগে ।

মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কেভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে, আমাৰ অন্তৱৰ্তীকালীন আদেশে অংশটোৰ ভাৰসাম্য ৰক্ষা কৰিব । প্ৰথমে আমি আদেশত ক’ম যে আদালতে ৱাকফ হিচাপে ঘোষণা কৰা যিকোনো সম্পত্তি ডিন’টিফাইড নহ’ব, অৰ্থাৎ ইয়াক অৱাকফ হিচাপে গণ্য কৰা নহ’ব, সেয়া ব্যৱহাৰকাৰীয়ে ৱাকফ কৰাই হওক বা দলিলৰ জৰিয়তে হওক । দ্বিতীয়তে, সংগ্ৰাহকে যিকোনো সম্পত্তিৰ সন্দৰ্ভত নিজৰ তদন্তৰ কাৰ্য্যবিধি অব্যাহত ৰাখিব পাৰে, কিন্তু কাৰ্য্যবিধিৰ সময়ত সম্পত্তিটোক নন-ৱাকফ বুলি গণ্য কৰা উচিত বুলি আইনৰ ব্যৱস্থা কাৰ্যকৰী নহ’ব । তৃতীয়তে, ব’ৰ্ড আৰু কাউন্সিলত পদমৰ্যাদাৰ সদস্য নিযুক্তি দিব পাৰি, কিন্তু বাকী সকলো সদস্য মুছলমান হ’ব লাগিব ।

শুনানিৰ শেষত বিচাৰপীঠে অন্তৱৰ্তীকালীন আদেশ গৃহীত কৰাৰ ইংগিত দিছিল যদিও কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ অনুৰোধত বৃহস্পতিবাৰেও বিষয়টো বিবেচনা কৰাৰ সিদ্ধান্ত লয় । উচ্চতম ন্যায়ালয়ে প্ৰস্তাৱ দিছিল যে বিভিন্ন উচ্চ ন্যায়ালয়ত ৱাকফ আইন, ১৯৯৫ক প্ৰত্যাহ্বান জনোৱাৰ সৈতে জড়িত আবেদনসমূহো উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰ কৰা উচিত ।

উচ্চতম ন্যায়ালয়ে আজি দিব পাৰে অন্তৱৰ্তীকালীন আদেশ-

আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা ৭২খনতকৈও অধিক আবেদনৰ গোট প্ৰায় দুঘণ্টা ধৰি শুনানি গ্ৰহণ কৰাৰ পিছত বুধবাৰে বিচাৰপীঠে এই সন্দৰ্ভত কোনো আদেশ প্ৰদান কৰা নাছিল । বৃহস্পতিবাৰে পুনৰ গোচৰৰ শুনানি গ্ৰহণ কৰি অন্তৱৰ্তীকালীন আদেশ গৃহীত কৰাৰ কথা বিবেচনা কৰিব বিচাৰপীঠে । বুধবাৰে কোনো পক্ষলৈ কোনো জাননী জাৰি কৰা হোৱা নাছিল ।

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ বি আৰ গাভাই, CJI সঞ্জীৱ খান্নাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে পৰামৰ্শ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জাষ্টিছ ভূষণ আৰ গাভাইৰ নাম ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে আইন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে । এই নামটো প্ৰেৰণ কৰিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই, যাৰ কাৰ্যকাল ১৩ মে’ত শেষ হ’ব ।

দৰাচলতে পৰম্পৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশে তেওঁৰ উত্তৰাধিকাৰীৰ নাম চৰকাৰলৈ প্ৰেৰণ কৰে । এইবাৰো একে প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে । আইন মন্ত্ৰালয়ে ন্যায়াধীশ খান্নাক আনুষ্ঠানিকভাৱে তেওঁৰ উত্তৰাধিকাৰীৰ নাম উল্লেখ কৰিবলৈ কৈছিল, যাৰ উত্তৰত তেওঁ ন্যায়াধীশ গাভাইৰ নাম আগবঢ়াইছে ।

যদিহে ৰাষ্ট্ৰপতি ভৱনৰ পৰা অনুমোদন লাভ কৰে তেন্তে ন্যায়াধীশ ভূষণ আৰ গাভাই হ’ব দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ । ন্যায়াধীশ গাভাই ১৪ মে’ত ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব পাৰে । কিন্তু ২০২৫ চনৰ নৱেম্বৰ মাহত অৱসৰ ল’বলগীয়া হোৱাৰ বাবে তেওঁৰ কাৰ্যকাল মাত্ৰ ছমাহৰ হ’ব ।

১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ আমৰাৱতীত জন্মগ্ৰহণ কৰা ন্যায়াধীশ গাভাইয়ে ২০১৯ চনৰ ২৪ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল । তেওঁ আৰ এছ গাভাইৰ পুত্ৰ, যি এগৰাকী বিশিষ্ট সমাজ কৰ্মী আৰু বিহাৰ আৰু কেৰালাৰ ৰাজ্যপাল হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল ।

২০০৩ চনৰ ১৪ নৱেম্বৰত বম্বে উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে ন্যায়িক জীৱন আৰম্ভ কৰা ন্যায়াধীশ গাভায়ে ২০০৫ চনৰ ১২ নৱেম্বৰত স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ ১৫ বছৰতকৈ অধিক সময় মুম্বাই, নাগপুৰ, ঔৰংগাবাদ আৰু পানাজীৰ বিভিন্ন বিচাৰপীঠত কাম কৰিছিল ।

এটা বিশেষ কথা হ’ল তেওঁ উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱা দ্বিতীয়জন অনুসূচিত জাতি (SC) ন্যায়াধীশ । ইয়াৰ পূৰ্বে ন্যায়াধীশ কে.জি. বালকৃষ্ণনে ২০১০ চনত অৱসৰ গ্ৰহণ কৰিছিল ।