ৱাকফ আইনঃ ১৫ এপ্ৰিলত আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিব পাৰে উচ্চতম ন্যায়ালয়ে

১৫ এপ্ৰিলত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব পাৰে উচ্চতম ন্যায়ালয়ে । একে সময়তে কেন্দ্ৰীয় চৰকাৰে ৱাকফ (সংশোধনী) আইন, ২০২৫ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেভিয়েট দাখিল কৰিছে । চৰকাৰৰ হৈ ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ ওপৰত আদেশ গৃহীত কৰাৰ পূৰ্বে শুনানিৰ বাবে দাবী উত্থাপন কৰা হৈছে ।

উচচতম ন্যায়ালয়ত ৱাকফ আইনৰ বিৰুদ্ধে ৰাজনীতিবিদ, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ড আৰু জমিয়ত উলামা-ই-হিন্দৰ আৱেদনকে ধৰি মুঠ ১০খনতকৈও অধিক আবেদন দাখিল কৰিছে । এই আবেদনসমূহত নতুনকৈ নিৰ্মিত আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা হৈছে । আবেদন দাখিল কৰা অধিবক্তাসকলে জনোৱা মতে, ১৫ এপ্ৰিলত বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে এই আবেদনসমূহ তালিকাভুক্ত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।

কোনে কোনে দাখিল কৰিছে আবেদন-

দ্ৰাবিড় মুনেত্ৰ কাঝাগাম (ডি এম কে), কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ী আৰু মহম্মদ জাভেদ, এ আই এম আই এমৰ নেতা আছাদুদ্দিন ওৱেইছি, আৰ জে ডিৰ সাংসদ মনোজ ঝা আৰু ফায়াজ আহমেদ, আপৰ বিধায়ক অমানতুল্লাহ খানেও এই আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম আদালতত আবেদন দাখিল কৰিছে । যোৱা ৭ এপ্ৰিলত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত এখন বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তা কপিল ছিবালক আশ্বাস দিছিল যে আবেদনসমূহৰ তালিকাভুক্তকৰণৰ কথা বিবেচনা কৰা হ’ব । উল্লেখ্য যে কপিল ছিবাল জমিয়ত উলামা-ই-হিন্দৰ হৈ উচ্চতম ন্যায়ালয়ত হাজিৰ হৈছিল ।

কেভিয়েট কি ?

চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ত সতৰ্কবাণী দাখিল কৰাটো এক আইনী প্ৰক্ৰিয়া, য’ত কোনো ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে কোনো আদেশ গৃহীত হোৱাৰ পূৰ্বে নিজৰ পক্ষ দাখিল কৰাৰ সুযোগ প্ৰদান কৰা হয়, যাতে একপক্ষীয় সিদ্ধান্ত লোৱা নহয় ।

উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান; বেয়া ৰাস্তাত দুৰ্ঘটনাত পতিত হ’লেই চৰকাৰে কৰাব লাগিব বিনামূলীয়া চিকিৎসা

দেশত দিনে দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। তাৰ মাজতে উচ্চতম ন্যায়ালযে এক গুৰুত্বপূৰ্ণ ৰায়দান দিছে। এতিয়াৰে পৰা বেয়া ৰাস্তাত দুৰ্ঘটনাত পতিত হ’লেই চৰকাৰে কৰাব লাগিব বিনামূলীয়া চিকিতসা।

দুৰ্ঘটনা হোৱাৰ এঘন্টাৰ ভিতৰতে বিনামূলীয়া চিকিৎসা কৰাব লাগিব চৰকাৰে। ২০২২ৰ এক আঁচনিৰ ভিত্তিত এই ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।দুৰ্ঘটনাগ্ৰস্ত লোকৰ বীমাৰ বাবে আঁচনি ৰূপায়ন কৰাৰো নিৰ্দেশ দিছে।

দুৰ্ঘটনাৰ ক্ষতিপূৰণৰ ব্যৱস্থাৰ বাবে ১৪ মাৰ্চৰ ভিতৰত মুকলি কৰিব লাগিব পৰ্টেল।ন্যায়াধীশ অভয় এছ ৱকাৰৰ নেতৃত্বত বিচাৰপীঠে দিছে এই ৰায়।

এই ৰায়ৰ অনুসৰি দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিয়ে GOLDEN HOURৰ ভিতৰত লাভ কৰিব লাগিব চিকিৎসা। সংবিধানৰ ২১নং অনুচ্ছেদৰ আধাৰত ১২৬ নং ধাৰাত প্ৰস্তুত কৰিব লাগিব আঁচনি।

বাধ্যতামলূকভাৱে চৰকাৰে মানিব লাগিব সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়।১৪ মাৰ্চৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে।

২৪ মাৰ্চৰ পৰৱৰ্তি শুনানিৰ পূৰ্বে কেন্দ্ৰই গ্ৰহণ কৰিব লাগিব পদক্ষেপ ।ইয়াৰ লগতে হিট এণ্ড ৰানৰ গোচৰত দুৰ্ঘটনাত পতিত লোকক চৰকাৰে দিব লাগিব ২ লাখকৈ টকা।  

বিদায় ২০২৪: বিলকিছ বানু, নিৰ্বাচনী বণ্ডৰ পৰা বুলডজাৰ ন্যায়লৈকে; নজিৰ সৃষ্টি কৰিলে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তসমূহে

২০২৪ বৰ্ষটো বহু দিশত বিশেষ হৈছে । এফালে দেশ আৰু বিশ্বই বহুতো ডাঙৰ ডাঙৰ সাফল্য লাভ কৰিলে আৰু আনফালে এইবাৰ উচ্চতম ন্যায়ালয়ে এনে বহু সিদ্ধান্ত দিলে যিবোৰ সমাজৰ বাবে দৃষ্টান্ত হৈ পৰিল । বিলকিছ বানুৰ দোষীৰ শাস্তি ক্ষমা বাতিল কৰাৰ পৰা আৰম্ভ কৰি বুলডজাৰ জাষ্টিচলৈকে আৰু শিশু পৰ্ণগ্ৰাফীক ৰোধ কৰাৰ পৰা কেইবাটাও ঐতিহাসিক সিদ্ধান্তই সমাজৰ বাবে এক নতুন দিশ প্ৰতিষ্ঠা কৰিলে । কাৰাগাৰত জাতিগত বৈষম্যক লৈ উচ্চতম ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে উৎকোচ গোচৰত এজন সাংসদ আৰু বিধায়কক জেললৈ পঠোৱাৰ সিদ্ধান্ত দি ৰাজনীতিৰ স্তৰত ভাৰসাম্য ৰক্ষাৰ চেষ্টাও কৰিছিল । ইয়াৰ বাহিৰেও এইবাৰ আদালতে বহু গুৰুত্বপূৰ্ণ গোচৰ নিষ্পত্তি কৰে ।

বিলকিছ বানু গোচৰৰ দোষীৰ ক্ষমা বাতিল-

বছৰৰ আৰম্ভণিতে জানুৱাৰী মাহতেই উচ্চতম ন্যায়ালয়ে বিলকিছ বানু গোচৰত গুজৰাট চৰকাৰৰ সিদ্ধান্ত বাতিল কৰি দোষীৰ শাস্তিৰ ক্ষমা বাতিল কৰে । উচ্চতম ন্যায়ালয়ে ৰায়দানত কয় যে অপৰাধীৰ বিচাৰ আৰু শাস্তি দিয়া ৰাজ্যখনে দোষীক ক্ষমাৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰে । উচচতম ন্যায়ালয়ে কয় যে দোষীৰ শাস্তি ৰেহাইৰ সিদ্ধান্ত গুজৰাট চৰকাৰে ল’ব নোৱাৰে কিন্তু মহাৰাষ্ট্ৰ চৰকাৰে সিদ্ধান্ত ল’ব ৷ ২০২২ চনত ক্ষমা নীতিৰ অধীনত গুজৰাট চৰকাৰে বিলকিছ বানুৰ দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সাতজন সদস্যক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা দোষীক ক্ষমা কৰি জেলৰ পৰা মুকলি কৰি দিছিল ।

নিৰ্বাচনী বণ্ডৰ ওপৰত নিষেধাজ্ঞা-

ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিৰ ওপৰত নিষেধাজ্ঞা ঘোষণা কৰিছিল । আদালতে এই পৰিকল্পনাক অসাংবিধানিক বুলি ঘোষণা কৰে । আদালতে কয় যে এই আঁচনিখন নাগৰিকৰ তথ্যৰ অধিকাৰ আঁচনি উলংঘা কৰিছে । আদালতে বেংকসমূহক নিৰ্বাচনী বণ্ড জাৰি কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও কোনটো ৰাজনৈতিক দলে কিমান অনুদান লাভ কৰিছিল সেই সন্দৰ্ভতো সবিশেষ বিচাৰিছিল উচ্চতম ন্যায়ালয়ে । ইয়াৰ পিছত নিৰ্বাচন আয়োগে নিৰ্বাচনী বণ্ড দিয়া সকলৰ তালিকা প্ৰকাশ কৰিছিল ।

বাবা ৰামদেৱ আৰু পতঞ্জলিক বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে সমালোচনা-

এইবাৰ উচ্চতম ন্যায়ালয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত যোগগুৰু বাবা ৰামদেৱ আৰু পতঞ্জলি আয়ুৰ্বেদৰ মুৰব্বী আচাৰ্য বালকৃষ্ণক সমালোচনা কৰিছিল । দুয়োৰে বিৰুদ্ধে অৱমাননামূলক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছিল । ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে পতঞ্জলিক Covid টিকাকৰণ অভিযান আৰু আধুনিক চিকিৎসাৰ বিৰুদ্ধে বদনাম কৰাৰ অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল ।

শিশু পৰ্ণগ্ৰাফী অপৰাধ-

উচ্চতম ন্যায়ালয়ে শিশু পৰ্ণগ্ৰাফী সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিয়ে । উচ্চতম ন্যায়ালয়ে কয় যে POCSO আৰু IT Actৰ অধীনত শিশু পৰ্ণগ্ৰাফী ডাউনলোড, ৰখা আৰু চোৱাটো অপৰাধ । এই গোচৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে কেৱল শিশু পৰ্ণগ্ৰাফী ডাউনলোড কৰি চোৱাটো POCSO আইন আৰু তথ্য প্ৰযুক্তি আইন অনুসৰি অপৰাধ নহয় । এই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে বাতিল কৰে । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে সংসদক POCSO আইন সংশোধনৰ বাবে আইন প্ৰণয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । য’ত ‘শিশু পৰ্ণগ্ৰাফী’ শব্দটোৰ ঠাইত ‘শিশুৰ যৌন নিৰ্যাতন আৰু নিৰ্যাতনমূলক সামগ্ৰী’ ব্যৱহাৰ কৰিব লাগে ।

বুলডজাৰৰ ন্যায় গ্ৰহণযোগ্য নহয় বুলি ঘোষণা-

উচ্চতম ন্যায়ালয়ে বুলডজাৰৰ জৰিয়তে ন্যায়ৰ ধাৰাক তীব্ৰ গৰিহণা দিয়ে । সৰ্বোচ্চ ন্যায়ালয়ে কয় যে নাগৰিকৰ সম্পত্তি ধ্বংস কৰাৰ ভাবুকি দি কণ্ঠ দমন কৰিব নোৱাৰি আৰু আইনৰ শাসনৰ অধীনত ‘বুলডজাৰ ন্যায়’ গ্ৰহণযোগ্য নহয় । আদালতে কয় যে বুলডজাৰ ন্যায় কেৱল আইনৰ শাসনৰ বিৰুদ্ধে নহয়, ই মৌলিক অধিকাৰো খৰ্ব কৰে । চৰকাৰে আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি ব্যক্তিজনক তেওঁলোকৰ সম্পত্তি ভাঙি পেলোৱাৰ পূৰ্বে শুনানিৰ সুযোগ দিব লাগে ।

সাংসদ আৰু বিধায়কক বিচাৰৰ পৰা ৰেহাই পোৱা নাই-

২০২৪ চনৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে যদি কোনো সাংসদ বা বিধায়কে বিধায়িনী দলত ভোট বা ভাষণৰ বাবে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হয় তেন্তে তেওঁ বিচাৰৰ পৰা ৰক্ষাকৱচ দাবী কৰিব নোৱাৰে । সীতা ছোৰেন বনাম ভাৰত সংঘ (২০২৪) গোচৰত আদালতে ৰায় দিছিল যে উৎকোচ লোৱাটো এটা মুকলি অপৰাধ আৰু ইয়াৰ লগত বিধায়কজনে সংসদ বা বিধানসভাৰ ভিতৰত যি ক’লে বা কৰিলে তাৰ কোনো সম্পৰ্ক নাই । সাতজনীয়া বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে পি ভি নৰসিংহ ৰাওৰ গোচৰ খাৰিজ কৰি কয় যে সাংসদসকলে ১০৫(২) আৰু ১৯৪(২) অনুচ্ছেদৰ অধীনত উৎকোচৰ পৰা সংসদীয় ৰক্ষাকৱচ লাভ নকৰে ।

মছজিদত ‘জয় শ্ৰী ৰাম’ শ্লোগান দিয়াটো অপৰাধ নহয়! উচ্চতম ন্যায়ালয়ে কৰিলে ডাঙৰ মন্তব্য

১৩ ছেপ্টেম্বৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে মছজিদত জয় শ্ৰী ৰাম শ্লোগান দিয়াৰ বাবে দুজন লোকৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা বাতিল কৰিছিল। ইয়াৰ পিছত অভিযোগকাৰীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল। য’ত দুজন ব্যক্তিয়ে মছজিদত জয় শ্ৰী ৰামৰ শ্লোগান দি উত্তাল কৰি তোলে। ইয়াৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। পিছত ১৩ ছেপ্টেম্বৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে দুয়োজনৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা বাতিল কৰে। ইয়াৰ পিছত অভিযোগকাৰীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল। এতিয়া এই বিষয়ত উচ্চতম ন্যায়ালয়ে ডাঙৰ মন্তব্য কৰিছে।
১৬ ডিচেম্বৰত এই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছে যে ‘জয় শ্ৰী ৰাম’ শ্লোগান উত্থাপন কৰাটো কেনেকৈ অপৰাধমূলক কাৰ্য? ন্যায়াধীশ পংকজ মিঠাল আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে। এই আবেদনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনোৱা হৈছিল, য’ত ১৩ ছেপ্টেম্বৰত মছজিদৰ ভিতৰত জয়শ্ৰী ৰাম শ্লোগান দিয়াৰ অভিযোগত দুজন লোকৰ বিৰুদ্ধে চলি থকা গোচৰ বাতিল কৰা হৈছিল।

আবকাৰী নীতিৰ গোচৰত মনীষ ছিছ’দিয়ালৈ সকাহ, জামিনৰ চৰ্ত শিথিল কৰিছে উচ্চতম ন্যায়ালয়ে

দিল্লী আবকাৰী নীতিৰ গোচৰত আপ নেতা মনীষ ছিছ’দিয়াক উচ্চতম ন্যায়ালয়ে ডাঙৰ সকাহ দিছে । উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিনৰ চৰ্ত শিথিল কৰিছে । জামিনৰ চৰ্ত অনুসৰি দুৰ্নীতি আৰু ধন সৰবৰাহৰ সৈতে জড়িত গোচৰত তেওঁ সপ্তাহত দুবাৰকৈ তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলগীয়া হৈছিল । এতিয়া উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ বি আৰ গাৱৈ আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে এইটো প্ৰয়োজনীয় নহয় । আদালতত গোচৰৰ শুনানিত তেওঁ নিয়মিতভাৱে উপস্থিত থাকিব ।

২২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে জামিনৰ চৰ্তত শিথিলতা বিচাৰি আম আদমি পাৰ্টিৰ নেতা মনীষ ছিছ’দিয়াৰ আবেদনৰ শুনানিৰ বাবে অনুমোদন জনাইছিল । আদালতে চি বি আই আৰু বলবৎকাৰী সঞ্চালকালয় (ইডি)ক জাননী জাৰি কৰি তেওঁলোকৰ সঁহাৰি বিচাৰিছিল । ইয়াৰ পূৰ্বে ৯ আগষ্টত উচ্চতম ন্যায়ালয়ে আবকাৰী নীতিৰ সৈতে জড়িত দুৰ্নীতি আৰু ধন সৰবৰাহৰ গোচৰত ছিছ’দিয়াক জামিন প্ৰদান কৰিছিল ।

এই সময়ছোৱাত আদালতে কৈছিল যে ছিছ’ডিয়াক ১৭ মাহ ধৰি জিম্মাত ৰখা হৈছে আৰু এতিয়াও বিচাৰ আৰম্ভ হোৱা নাই, যাৰ বাবে তেওঁ ক্ষিপ্ৰ বিচাৰৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল । শীৰ্ষ ন্যায়ালয়ৰ চৰ্ত অনুসৰি প্ৰতি সপ্তাহত সোমবাৰ আৰু বৃহস্পতিবাৰে পুৱা ১০ৰ পৰা ১১ বজাৰ ভিতৰত তেওঁ তদন্তকাৰী বিষয়াৰ ওচৰত ৰিপৰ্ট দিব লাগিব । ২২ নৱেম্বৰত অনুষ্ঠিত শুনানিৰ সময়ত মনীষ ছিছ’দিয়াৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভীয়ে কৈছিল যে আপ নেতাগৰাকীয়ে তদন্তকাৰী বিষয়াৰ সন্মুখত ৬০ বাৰ হাজিৰ হৈছিল ।

ঘটনাটো কি আছিল-

এতিয়া বাতিল কৰা দিল্লী আবকাৰী নীতি ২০২১-২২ প্ৰণয়নত জড়িত থকাৰ লগতে ইয়াৰ কাৰ্যকৰীকৰণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ছিছ’দিয়া । ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছিল তেওঁক । পিছলৈ বলবৎকাৰী সঞ্চালকালয় অৰ্থাৎ ইডিয়েও বহু ভিন্ন অভিযোগত ছিছ’দিয়াক চমন কৰিছিল । ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ দিল্লী কেবিনেটৰ পৰা পদত্যাগ কৰে । অৱশ্যে ছিছ’দিয়াই এই অভিযোগ অস্বীকাৰ কৰিছে ।

কৃষকৰ আন্দোলনৰ গোচৰ পালেগৈ উচ্চতম ন্যায়ালয়; ঘাইপথ খোলাৰ দাবী, কাইলৈ ​​হ’ব শুনানি

দিল্লীৰ শম্ভু সীমান্তত আছে প্ৰতিবাদী কৃষক । একে সময়তে কাইলৈ ​​অৰ্থাৎ সোমবাৰে কৃষকৰ প্ৰতিবাদৰ বিষয়টো উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব । প্ৰকৃততে কৃষকৰ বিক্ষোভ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থজনিত গোচৰ ৰুজু হৈছিল । এই আবেদনত পঞ্জাৱ-হাৰিয়ানাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ দাবী উত্থাপন কৰা হৈছে ।

ইয়াত উল্লেখ কৰা হৈছে যে ৰাজ্যৰ বিভিন্ন স্থানত কথিত কৃষক আৰু কৃষক সংঘৰ দ্বাৰা অবৈধ বেদখল আৰু বাধাৰ সৃষ্টি হৈছে । এয়া ৰাইজৰ মৌলিক অধিকাৰৰ বিৰুদ্ধে । ইয়াৰ উপৰিও বি এন এছৰ অধীনতো এয়া অপৰাধ । এনে পৰিস্থিতিত পঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰেও কৃষকসকলক ঘাইপথৰ পৰা আঁতৰাই নিব লাগে । লগতে আন্দোলনকাৰী কৃষকসকলে যাতে সকলো ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ অৱৰোধ নকৰে তাৰ বাবেও নিৰ্দেশনা বিচাৰিছে ।

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাৰ বাবে মসৃণ যাতায়ত সুনিশ্চিত কৰিব লাগে বুলি পি আই এলৰ নিৰ্দেশ বিচাৰিছে । ৯ ডিচেম্বৰত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ।