জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ, কেতিয়া দাখিল হ’ব অভিযোগনামা ?

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ, কেতিয়া দাখিল হ’ব চাৰ্জশ্বীট ?

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া । এতিয়া আদালতত চাৰ্জশ্বীট দাখিল কৰিবলৈ সাজু হৈছে এছ আই টি । শনিবাৰে অভিযোগনামা দাখিল সন্দৰ্ভত সদৰী কৰিলে মুন্না প্ৰসাদ গুপ্তাই । প্ৰায় সম্পূৰ্ণ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত । বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া । এতিয়া আদালতত চাৰ্জশ্বীট দাখিল কৰিবলৈ সাজু হৈছে এছ আই টি । শনিবাৰে অভিযোগনামা দাখিল সন্দৰ্ভত সদৰী কৰিলে মুন্না প্ৰসাদ গুপ্তাই ।

প্ৰায় সম্পূৰ্ণ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত । বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ তদন্তৰ সময়সীমা ওচৰ চাপি অহাৰ লগে লগে শনিবাৰে অপৰাধ তদন্ত বিভাগৰ আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই সংবাদমেলযোগে কয় যে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত “প্ৰায় সম্পূৰ্ণ” হৈছে আৰু এতিয়ালৈকে ৩০০ৰো অধিক সাক্ষীৰ সাক্ষ্য লোৱা হৈছে ।

শনিবাৰে সম্বোধন কৰা এক সংবাদমেলত মুন্না প্ৰসাদ গুপ্তাই কয়,”সবিশেষ অভিযোগনামাত দিয়া হ’ব । ১২ ডিচেম্বৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব । বৰ্তমানলৈকে তিনিশৰো অদিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু ৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।“

চাৰ্জশ্বীট দাখিল কৰাৰ পিছতহে অধিক জনোৱা হ’ব বুলি উল্লেখ কৰি তেওঁ অধিক তথ্য দিবলৈ অস্বীকাৰ কৰে । তেওঁ লগতে কয় যে এতিয়াৰ বাবে ১৮/২০২৫ নং গোচৰৰ অধীনত মাত্ৰ এখন চাৰ্জশ্বীটহে দাখিল কৰা হ’ব ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই গোচৰৰ সৈতে জড়িত ৩৫০০ পৃষ্ঠাৰ নথি প্ৰস্তুত কৰা বুলি উল্লেখ কৰিছিল । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, “এছ আই টিয়ে তদন্ত সম্পূৰ্ণ কৰি প্ৰায় ৩৫০০ পৃষ্ঠাৰ নথি প্ৰস্তুত কৰিছে । পৰৱৰ্তী পদক্ষেপসমূহ চূড়ান্ত কৰিবলৈ এডভোকেট জেনেৰেলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰা হয় ।” তেওঁ লগতে কয় যে সময়মতে চাৰ্জশ্বীট দাখিল কৰাটো অতি প্ৰয়োজনীয় ।

মুখ্যমন্ত্ৰীয়ে কয়, “আমি ১৮ ডিচেম্বৰৰ পূৰ্বে নথি-পত্ৰ লাভ কৰিব লাগিব;অন্যথা বৰ্তমান জেলত থকা অভিযুক্তসকল জামিনৰ যোগ্য হ’ব ।”

ড০ শৰ্মাই ইয়াৰ পূৰ্বে ২৫ নৱেম্বৰত বিধানসভাত জুবিন গাৰ্গৰ মৃত্যু হত্যাৰ গোচৰ বুলি কৈছিল আৰু ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এছ আই টিৰ তদন্তৰ তৃতীয় দিনাই চৰকাৰে এই সিদ্ধান্তত উপনীত হোৱা বুলি কয় ।

উল্লেখ্য যে, এই ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে বি এন এছৰ ৬১, ১০৫ আৰু ১০৬ ধাৰাত গোচৰ ৰুজু কৰি চৰকাৰে গৌহাটী উচ্চ ন্যায়ালয়ক ১০৩ ধাৰা (পূৰ্বৰ আই পি চি ৩০২ৰ সমতুল্য) সংযোজন কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : ৰাজ্যৰ নহয়, দেশৰ সকলোতকৈ সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শেহতীয়া প্ৰৱন্ধসমূহ