বনতাৰালৈ ক্লীনশ্বিট

বনতাৰালৈ ক্লীনশ্বিট… উচ্চতম ন্যায়ালয়ৰ কমিটীয়ে ক’লে- নিয়ম সম্পূৰ্ণৰূপে পালন কৰা হৈছে

বনতাৰালৈ ক্লীনশ্বিট উচ্চতম ন্যায়ালয়ে গঠন কৰা এছ আই টিয়ে গুজৰাটৰ জামনগৰত অৱস্থিত বন্যপ্ৰাণী আৰু পুনৰ্বাসন কেন্দ্ৰ ‘বনতাৰা’ক ক্লীনশ্বিট প্ৰদান কৰি ডাঙৰ সকাহ দিছে । বনতাৰাত নিয়ম আৰু নিয়ন্ত্ৰণ ব্যৱস্থা মানি চলাত সন্তুষ্টি প্ৰকাশ কৰে এছ আই টিৰ বিষয়াসকলে । ন্যায়াধীশ পংকজ মিত্তল আৰু ন্যায়াধীশ পি

বনতাৰালৈ ক্লীনশ্বিট

উচ্চতম ন্যায়ালয়ে গঠন কৰা এছ আই টিয়ে গুজৰাটৰ জামনগৰত অৱস্থিত বন্যপ্ৰাণী আৰু পুনৰ্বাসন কেন্দ্ৰ ‘বনতাৰা’ক ক্লীনশ্বিট প্ৰদান কৰি ডাঙৰ সকাহ দিছে । বনতাৰাত নিয়ম আৰু নিয়ন্ত্ৰণ ব্যৱস্থা মানি চলাত সন্তুষ্টি প্ৰকাশ কৰে এছ আই টিৰ বিষয়াসকলে । ন্যায়াধীশ পংকজ মিত্তল আৰু ন্যায়াধীশ পি বি ভাৰালেৰ বিচাৰপীঠে প্ৰতিবেদনখন ৰেকৰ্ডত লৈ কয় যে বনতাৰাত কম্প্লাইয়েন্স আৰু নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়টোত বিষয়াসকলে সন্তুষ্টি প্ৰকাশ কৰিছে ।

এই অভিযোগ উত্থাপিত হৈছে বনতাৰাৰ বিৰুদ্ধে-

শুকুৰবাৰে এই প্ৰতিবেদন দাখিল কৰা হয় আৰু সোমবাৰে উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰত অধ্যয়ন কৰে । উচ্চতম ন্যায়ালয়ে এই প্ৰতিবেদন অধ্যয়ন কৰি বিতং নিৰ্দেশ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে । উচ্চতম ন্যায়ালয়ত দুখন পি আই এল দাখিল কৰা হৈছিল, য’ত বনতাৰাত আইন মানি চলা নাই বুলি অভিযোগ উত্থাপন কৰাৰ লগতে বিদেশৰ পৰা জীৱ-জন্তু বিশেষকৈ হাতী অধিগ্ৰহণ কৰাৰ অভিযোগো উত্থাপন কৰা হৈছিল । এই আবেদনসমূহৰ শুনানি গ্ৰহণ কৰাৰ সময়ত আৰু বিভিন্ন সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে অভিযোগসমূহৰ তদন্তৰ বাবে এছ আই টি গঠন কৰে । ২৫ আগষ্টত এই এছ আই টি গঠন কৰা হৈছিল আৰু ন্যায়াধীশ জে চেলামেশ্বৰক এই এছ আই টিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল ।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনত বনতাৰাত অবৈধভাৱে জীৱ-জন্তু ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপনৰ নামত হাতী, চৰাই আৰু অন্যান্য সংৰক্ষিত প্ৰজাতিৰ বনতাৰালৈ চোৰাংভাৱে অনাৰ অভিযোগ উত্থাপন কৰা হৈছে ।

এই বিষয়সমূহৰ তদন্ত কৰি এছ আই টিয়ে প্ৰতিবেদন দাখিল কৰে-

-ভাৰত আৰু বিদেশৰ পৰা জীৱ-জন্তু বিশেষকৈ হাতী অধিগ্ৰহণ ।

-বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ আৰু ইয়াৰ অধীনত চিৰিয়াখানাৰ বাবে নিৰ্ধাৰিত নিয়ম মানি চলা ।

-উদ্ভিদ আৰু প্ৰাণীৰ বিপন্ন প্ৰজাতিৰ বাণিজ্য সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চুক্তি (CITES) আৰু আমদানি/ৰপ্তানি আইন আৰু জীয়াই থকা প্ৰাণীৰ আমদানি/ৰপ্তানিৰ সৈতে জড়িত অন্যান্য বিধিগত প্ৰয়োজনীয়তাসমূহ মানি চলা ।

-পশুপালন, পশু চিকিৎসা, পশু কল্যাণ, মৃত্যুৰ হাৰ আৰু ইয়াৰ কাৰণসমূহৰ মানদণ্ড পালন কৰা ।

-জলবায়ুৰ পৰিস্থিতিৰ সৈতে জড়িত অভিযোগ আৰু ঔদ্যোগিক অঞ্চলৰ ওচৰত থকাৰ অভিযোগ ।

-ভ্যানিটি বা ব্যক্তিগত সংগ্ৰহ, প্ৰজনন, সংৰক্ষণ কাৰ্যসূচী আৰু জৈৱ বৈচিত্ৰ্য সম্পদৰ ব্যৱহাৰৰ সৈতে জড়িত অভিযোগ ।

-পানী আৰু কাৰ্বন ক্ৰেডিটৰ অপব্যৱহাৰৰ সৈতে জড়িত অভিযোগ ।

-আৰ্থিক অনুসৰণ, ধন সৰবৰাহ আদি বিষয়ৰ সৈতে জড়িত অভিযোগ ।

লগতে পঢ়ক : ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ অন্তৰ্ৱতীকালীন ৰায়দান… কোনবোৰ বিধানত লাগিল স্থগিতাদেশ