অনুপ্রৱেশকাৰীক লৈ কঠোৰ স্থিতি উচ্চতম ন্যায়ালয়ৰ

অনুপ্রৱেশকাৰীক লৈ কঠোৰ স্থিতি উচ্চতম ন্যায়ালয়ৰ

অনুপ্রৱেশকাৰীক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে । ভাৰতত থকা ৰহিংগ্যাসকলক লৈ উত্থাপিত এটা গোচৰ সন্দর্ভত উচ্চতম ন্যায়ালয়ে কাঢ়া সুৰত প্রশ্ন তুলি কয়– ‘অনুপ্রৱেশকাৰীসকল বাবে আমি ৰঙা দলিচা পাৰি দিয়া উচিত নেকি?’ স্পষ্ট ভাষাত উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা জনাই দিয়া হৈছে যে ৰহিংগ্যায়াসকলৰ আইনী

অনুপ্রৱেশকাৰীক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে ।

ভাৰতত থকা ৰহিংগ্যাসকলক লৈ উত্থাপিত এটা গোচৰ সন্দর্ভত উচ্চতম ন্যায়ালয়ে কাঢ়া সুৰত প্রশ্ন তুলি কয়– ‘অনুপ্রৱেশকাৰীসকল বাবে আমি ৰঙা দলিচা পাৰি দিয়া উচিত নেকি?’ স্পষ্ট ভাষাত উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা জনাই দিয়া হৈছে যে ৰহিংগ্যায়াসকলৰ আইনী মর্যাদা নির্ধাৰণ নকৰাকৈ তেওঁলোকৰ অধিকাৰক লৈ কোনো ধৰণৰ আলোচনা কৰা নহ’ব ৷

এই প্রসংগতে ন্যায়ালয়ে প্রশ্ন তোলে– ‘ভাৰত চৰকাৰে কেতিয়াবা ৰহিংগ্যাসকলক শৰণার্থী হিচাপে ঘোষণা কৰিছে নেকি?’ কাৰাবন্দী হৈ থকা ৰহিংগ্যাসকলে পলায়ন কৰিছে৷ তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাই৷

এনে ধৰণৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল এটা গোচৰ৷ আবেদনকাৰীসকলৰ দাবী আছিল ৰহিংগ্যাসকলক যদি ভাৰতৰ পৰা বাহিৰ কৰি দিয়া হয় তেন্তে সেয়া আইন অনুযায়ী হোৱা উচিত৷ আবেদনত অভিযোগ কৰা হয় যে যোৱা মে’ মাহত দিল্লী আৰক্ষীয়ে কিছুসংখ্যক ৰহিংগ্যাক আটক কৰিছিল৷

তাৰ পিছৰ পৰাই তেওঁলোকৰ কোনো সন্ধান নাই৷ এই আবেদনখনক লৈয়েই মঙলবাৰে শুনানি চলিছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগছীৰ বিচাৰপীঠত৷ শুনানিৰ আৰম্ভণিতে এই বিষয়ত ন্যায়াধীশে প্রশ্ন কৰে– ‘ভাৰত চৰকাৰৰ এনে কোনো নির্দেশ আছে নেকি য’ত ৰহিংগ্যাসকলক শৰণার্থী হিচাপে ঘোষণা কৰা হৈছে?

যদি কোনোবাই ইয়াত অবৈধভাৱে প্রৱেশ কৰে তেনেহ’লে তেওঁলোকক ইয়াত ৰখাৰ বাবে আমাৰ কিবা বাধ্যবাধকতা আছে নেকি? যদি তেওঁলোকৰ ভাৰতত থকাৰ অধিকাৰেই নাথাকে আৰু তেওঁলোক অনুপ্রৱেশকাৰী হয়, তেন্তে সেইবোৰ অনুপ্রৱেশকাৰীক আদৰণি জনোৱাৰ বাবে আমি ৰঙা দলিচা পাৰি দিয়া উচিত নেকি?’

আবেদনকাৰী পক্ষৰ অধিবক্তাই কয় যে ৰহিংগ্যাসকলৰ বাবে শৰণার্থীৰ মর্যাদা তেওঁলোকে বিচৰা নাই৷ মাথোঁ আইন অনুযায়ী বিতাৰণ প্রক্রিয়া হোৱাটোহে বিচাৰিছে৷

উল্লেখযোগ্য যে অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে ইয়াৰ পূর্বেও উচ্চতম ন্যায়ালয়ে কঠোৰ স্থিতি গ্রহণ কৰিছিল৷ এই বছৰৰ আৰম্ভণিতে শ্রীলংকাৰ তামিল শৰণার্থী সন্দর্ভত ন্যায়ালয়খনে মন্তব্য কৰিছিল যে ভাৰত সমগ্র বিশ্বৰ শৰণার্থীসকলৰ আশ্রয়স্থল হ’ব নোৱাৰে ৷

লগতে পঢ়ক : ২০২৭ৰ লোকপিয়লত আনিব সম্পূৰ্ণ নতুন পদ্ধতি, গৃহ মন্ত্ৰালয়ৰ সদৰী