ক্ষমা বিচাৰিলেই নহ’ব, এয়া মৰ্যাদা আঘাত কৰাৰ চেষ্টা : এনচিইআৰটিক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

ক্ষমা বিচাৰিলেই নহ’ব, এয়া মৰ্যাদা আঘাত কৰাৰ চেষ্টা : এনচিইআৰটিক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ বিতৰ্কিত অংশক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে । এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ বিতৰ্কিত অংশক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে । গ্ৰন্থখনত “ন্যায়পালিকাত দুৰ্নীতি” অংশটোক লৈ উদ্ভৱ হোৱা বিতৰ্কৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মল্য

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ বিতৰ্কিত অংশক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে ।

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ বিতৰ্কিত অংশক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে । গ্ৰন্থখনত “ন্যায়পালিকাত দুৰ্নীতি” অংশটোক লৈ উদ্ভৱ হোৱা বিতৰ্কৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মল্য বাগচি, ন্যায়াধীশ বিপুল পাঞ্চোলিৰ বিচাৰপীঠে । মুখ্য ন্যায়াধীশগৰাকীয়ে এই বিষয়ত এনচিইআৰটিৰ ক্ষমাপ্ৰাৰ্থনাই যথেষ্ট নহয় বুলি কয় । এনে কিতাপ ছাত্ৰ-ছাত্ৰীৰ মাজলৈ যাবলৈ দিয়াটো ভুল হ’ব বুলিও তেওঁ কয় । ন্যায়পালিকাৰ মৰ্যাদা বজাই ৰখাটো গুৰুত্বপূৰ্ণ । শিক্ষা সচিব আৰু এনচিইআৰটিক জাননী জাৰি কৰি উচ্চতম ন্যায়ালয়ে কয় যে আদালত সন্তুষ্ট নোহোৱালৈকে শুনানি অব্যাহত থাকিব ।

শুনানিৰ সময়ত এনচিইআৰটিয়ে বিনাচৰ্তে ক্ষমা খুজিবলৈ সাজু বুলি উল্লেখ কৰে । বিতৰ্কিত অংশবোৰো কিতাপখনৰ পৰা আঁতৰাই পেলোৱা হ’ব বুলি কয় তেওঁলোকে । মুখ্য ন্যায়াধীশে উত্তৰ দিয়ে যে কেৱল ক্ষমা খুজি কিতাপখনৰ পৰা আপত্তিজনক অংশবোৰ আঁতৰাই পেলোৱাটোৱেই যথেষ্ট নহয় । এনচিইআৰটিৰ সঞ্চালকে কাৰ্ণ দৰ্শাব লাগিব । এইটো আছিল ইচ্ছাকৃত পদক্ষেপ । এই গোচৰটোক কিয় অৱমাননা বুলি গণ্য কৰা উচিত নহয় বুলি আদালতে প্ৰশ্ন উত্থাপন কৰে । মুখ্য ন্যায়াধীশ সূৰ্য কান্তে অনলাইন কপি শীঘ্ৰে আঁতৰোৱাৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : ৰাজ্যসভাৰ ৩৭খন আসনৰ বাবে মনোনয়ন আৰম্ভ; ১৬ মাৰ্চত নিৰ্বাচন