উচ্চতম ন্যায়ালয়ত বাঢ়িব ন্যায়াধীশৰ সংখ্যা : ২০২৬ চনৰ সংশোধনী বিধেয়কত কেন্দ্ৰীয় কেবিনেটৰ মোহৰ

উচ্চতম ন্যায়ালয়ত বাঢ়িব ন্যায়াধীশৰ সংখ্যা : ২০২৬ চনৰ সংশোধনী বিধেয়কত কেন্দ্ৰীয় কেবিনেটৰ মোহৰ

কেন্দ্ৰীয় কেবিনেটে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ জনৰ পৰা ৩৭ জনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ভাৰতৰ বিচাৰ ব্যৱস্থাক অধিক ক্ষিপ্ৰ আৰু গতিশীল কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা

কেন্দ্ৰীয় কেবিনেটে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ জনৰ পৰা ৩৭ জনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে

ভাৰতৰ বিচাৰ ব্যৱস্থাক অধিক ক্ষিপ্ৰ আৰু গতিশীল কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৰ্তমানৰ ৩৩ জনৰ পৰা ৩৭ জনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ।

মুখ্য নিৰ্ণয় আৰু আইনী সংশোধন-

চৰকাৰে জনোৱা অনুসৰি, ১৯৫৬ চনৰ উচ্চতম ন্যায়ালয় (ন্যায়াধীশৰ সংখ্যা) আইন সংশোধনৰ বাবে সংসদত ‘উচ্চতম ন্যায়ালয় (ন্যায়াধীশৰ সংখ্যা) সংশোধনী বিধেয়ক, ২০২৬’ উত্থাপন কৰা হ’ব । এই বৃদ্ধিৰ ফলত মুখ্য ন্যায়াধীশক বাদ দি উচ্চতম ন্যায়ালয়ত মুঠ ৩৭ জন ন্যায়াধীশ থাকিব ।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সিদ্ধান্তৰ সন্দৰ্ভত কয় যে ন্যায়াধীশৰ সংখ্যা বৃদ্ধিয়ে উচ্চতম ন্যায়ালয়ৰ কাম-কাজ অধিক কাৰ্যক্ষম কৰিব আৰু দেশত দ্ৰুত ন্যায়দান নিশ্চিত কৰিব । উল্লেখযোগ্য যে এই নতুন ন্যায়াধীশ আৰু সহায়ক কৰ্মচাৰীসকলৰ দৰমহা তথা অন্যান্য সা-সুবিধাৰ ব্যয় ভাৰতৰ সঞ্চিত নিধিৰ পৰা বহন কৰা হ’ব ।

এক ঐতিহাসিক যাত্ৰা : ১৯৫০ চনৰ পৰা ২০২৬ লৈ

ভাৰতীয় সংবিধানৰ ১২৪ (১) অনুচ্ছেদ অনুসৰি সংসদক ন্যায়াধীশৰ সংখ্যা নিৰ্ধাৰণ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে । উচ্চতম ন্যায়ালয়ৰ সদস্য সংখ্যাৰ পৰিৱৰ্তনৰ ইতিহাস তলত উল্লেখ কৰা হ’ল :

১৯৫০: মূল সংবিধানত এজন মুখ্য ন্যায়াধীশ আৰু ৭ জন অন্য ন্যায়াধীশৰ ব্যৱস্থা আছিল ।

১৯৫৬: প্ৰথমবাৰৰ বাবে আইন প্ৰণয়ন কৰি এই সংখ্যা ১০ জনলৈ বৃদ্ধি কৰা হয় ।

১৯৬০: ন্যায়াধীশৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি কৰা হয় ।

১৯৭৭: এই সংখ্যা ১৭ জনলৈ বৃদ্ধি কৰা হয় ।

১৯৮৬: ন্যায়াধীশৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি কৰা হয় ।

২০০৮: এই সংখ্যা ৩০ জনলৈ বৃদ্ধি কৰা হয় ।

২০১৯: শেষবাৰৰ বাবে ন্যায়াধীশৰ সংখ্যা ৩০ জনৰ পৰা ৩৩ জনলৈ বৃদ্ধি কৰা হৈছিল।

২০২৬: বৰ্তমানৰ প্ৰস্তাৱ অনুসৰি এই সংখ্যা ৩৭ জনলৈ বৃদ্ধি পাব ।

লগতে পঢ়ক : ১৫ দিনৰ বাবে টোল ফ্ৰী হ’ব গংগা এক্সপ্ৰেছৱে, চৰকাৰৰ বৃহৎ সিদ্ধান্ত