সমগ্ৰ দেশৰ কৰ্মৰত মহিলা আৰু ছাত্ৰীৰ বাবে ‘পিৰিয়ড লিভ’ৰ আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।
সমগ্ৰ দেশৰ সকলো কৰ্মৰত মহিলা আৰু ছাত্ৰীৰ বাবে ঋতুস্ৰাৱ সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত ‘পিৰিয়ড লিভ’ক লৈ দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে।
বিষয়টো আদালতৰ সন্মুখত উত্থাপন কৰাৰ সময়ত চিজেআই ন্যায়াধীশ সূৰ্য কান্তে লক্ষ্য কয় যে যদি কোনো কোম্পানীয়ে ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীক স্বইচ্ছাৰে ছুটী দিছে, তেন্তে সেয়া এক উৎকৃষ্ট কথা।
তেওঁ লগতে কয়, যেতিয়াই ইয়াক আইন হিচাপে কঠোৰভাৱে বলবৎ কৰিব তেতিয়াই ইয়াৰ অন্যান্য দিশবোৰো বিবেচনা কৰিব লাগিব।
উদাহৰণস্বৰূপে, মহিলাসকলে কৰ্মসংস্থাপন লাভ কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে।তেওঁলোকক চৰকাৰী চাকৰি, ন্যায়পালিকাৰ, বা আন কোনো কামত নিযুক্তি নিদিব।
তেওঁ আৰু কয়, মহিলা সকলৰ কেৰিয়াৰ শেষ হৈ যাব। এনে পৰিস্থিতিত তেওঁলোকক কেৱল ঘৰতে থাকিবলৈ ক’ব।তদুপৰি, চিজেআইয়ে আবেদনকাৰীক কয় যে- আপুনি ইতিমধ্যে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ সন্মুখত আপোনাৰ গোচৰ দাখিল কৰিছে।চৰকাৰে সকলো পক্ষৰ লগত আলোচনা কৰি নীতি প্ৰণয়নৰ কথা চিন্তা কৰিব লাগে।









