‘মই কাকো অনুৰোধ নকৰোঁ, আদেশ দিছো, ক্ষমা খুজিব লাগিব…’; দিগন্ত ভাৰতীক কৰা দুৰ্ব্যৱহাৰক লৈ জুবিন গাৰ্গৰ মন্তব্য

চানমাৰি পূব গুৱাহাটী বিহু সন্মিলনত জনপ্ৰিয় কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপমান কৰা ঘটনাৰ পিছতেই সৰব হৈ পৰিছে শিল্পী সমাজ। সকলো শিল্পীয়েই চানমাৰি পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিয়ে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক ক্ষমা খোজাৰ বাবে দাবী কৰিছে। তাৰ মাজতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে চানমাৰি পূব গুৱাহাটী বিহু সমিতিক

চানমাৰি পূব গুৱাহাটী বিহু সন্মিলনত জনপ্ৰিয় কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপমান কৰা ঘটনাৰ পিছতেই সৰব হৈ পৰিছে শিল্পী সমাজ।

সকলো শিল্পীয়েই চানমাৰি পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিয়ে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক ক্ষমা খোজাৰ বাবে দাবী কৰিছে। তাৰ মাজতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে চানমাৰি পূব গুৱাহাটী বিহু সমিতিক দিছে এটা আদেশ।

বৃহস্পতিবাৰে নিশা নলবাৰীৰ হেলচাত সংগীতানুষ্ঠানত জুবিন গাৰ্গে কয় যে,‘‘কালি এটা ঘটনা হ’ল, দিগন্ত ভাৰতীক চানমাৰি বিহু কমিটীৰ কেইজনমানে অপমান কৰিছে, গতিকে মই বেছিকৈ নকওঁ, বেছিকৈ ক’লেটো মই গালি দিওঁ”।

“সেইটো হ’ব নাপায় আৰ্টিষ্টৰ লগত। তেওঁ অনুষ্ঠান চাবলৈ গৈছিল, তেওঁক মাতি নিছিল। মাতি নি অপমান কৰিছে। গতিকে তেওঁলোকে ক্ষমা খুজিব লাগিব। মই কাকো অনুৰোধ নকৰো, মই আদেশ দিছো ক্ষমা খুজিব লাগিব’’।

উল্লেখ্য যে দিগন্ত ভাৰতীৰ বহু গীতত কণ্ঠদান কৰিছে  জুবিন গাৰ্গে।  

শেহতীয়া প্ৰৱন্ধসমূহ