চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ৰান চেজ সম্পূৰ্ণ কৰিলে অষ্ট্ৰেলিয়াই

জোছ ইংলিছৰ সন্মুখত অসহায় ইংৰাজ বাহিনী… চেম্পিয়নছ ট্ৰফীৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ৰান চেজ সম্পূৰ্ণ কৰিলে অষ্ট্ৰেলিয়াই

অষ্ট্ৰেলিয়া দলে জয়েৰে আৰম্ভ কৰিছে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অভিযান । ২২ ফেব্ৰুৱাৰী (শনিবাৰ) লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰে । অষ্ট্ৰেলিয়াই জয়ী হ’বলৈ ৩৫২ ৰানৰ লক্ষ্য লাভ কৰিছিল, যিটো ৪৮ অভাৰতে উপনীত হয় । চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত এইটোৱেই আছিল

অষ্ট্ৰেলিয়া দলে জয়েৰে আৰম্ভ কৰিছে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অভিযান । ২২ ফেব্ৰুৱাৰী (শনিবাৰ) লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰে । অষ্ট্ৰেলিয়াই জয়ী হ’বলৈ ৩৫২ ৰানৰ লক্ষ্য লাভ কৰিছিল, যিটো ৪৮ অভাৰতে উপনীত হয় । চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত এইটোৱেই আছিল আটাইতকৈ ডাঙৰ ৰান চেজ । লগতে, আই চি চিৰ এদিনীয়া প্ৰতিযোগিতাত এইটোৱেই আটাইতকৈ সফল ৰান চেজ ।

অষ্ট্ৰেলিয়ান দলৰ জয়ৰ নায়ক আছিল উইকেটৰক্ষক জোছ ইংলিছ । ইংলিছে অপৰাজিত শতকীয় ইনিংছ খেলে । ইংলিছে ৮৬টা বলত ১২০ ৰান সংগ্ৰহ কৰে, য’ত ৮টা চাৰি আৰু ৬টা ছয় আছিল । ইংলিছ আৰু এলেক্স কেৰীয়ে পঞ্চম উইকেটৰ বাবে ১৪৬ ৰান সংগ্ৰহ কৰি মেচখনৰ গতিপথ সলনি কৰে । কেৰীয়ে ৮টা চাৰিৰ সহায়ত ৬৩টা বলত ৬৯ ৰান সংগ্ৰহ কৰে ।

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ইংলেণ্ডে ৮ উইকেটত ৩৫১ ৰান সংগ্ৰহ কৰে । ইংলেণ্ডৰ হৈ অ’পেনাৰ বেন ডাকেটে ১৬৫ ৰান সংগ্ৰহ কৰে, য’ত ১৭টা চাৰি আৰু তিনিটা ছয় আছিল । ডাকেটৰ উপৰিও জো ৰুটে চাৰিটা চাৰিৰ সহায়ত ৭৮টা বলত ৬৮ ৰানৰ ইনিংছ খেলে । অষ্ট্ৰেলিয়াৰ হৈ বেগী বলাৰ বেন ড্ৱাৰ্শ্বুইছে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে স্পীন বলাৰ মাৰ্নাছ লাবুশ্বান আৰু আডাম জাম্পাই দুটাকৈ সফলতা লাভ কৰে ।

বেন ডাকেটে নিজৰ শতকীয় ইনিংছৰ সময়ছোৱাত ইতিহাসৰ সৃষ্টি কৰে । চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত সৰ্ববৃহৎ ইনিংছ খেলা বেটছমেন হিচাপে পৰিগণিত হয় ডাকেট । ডাকেটে নাথান এষ্টল (নিউজীলেণ্ড) আৰু এণ্ডি ফ্লাৱাৰ (জিম্বাবুৱে)ৰ অভিলেখ ভংগ কৰে । ২০০৪ চনৰ চেম্পিয়নছ ট্ৰফীত আমেৰিকাৰ বিৰুদ্ধে অপৰাজিত ১৪৫ ৰান সংগ্ৰহ কৰিছিল নাথান এষ্টলে । আনহাতে এণ্ডি ফ্লাৱাৰে ২০০২ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ বিৰুদ্ধে ১৪৫ ৰানৰ ইনিংছ খেলিছিল ।

এই প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াৰ দলটোৱে দুবাৰকৈ জয়লাভ কৰিছে যদিও শেহতীয়া ইতিহাস ভাল নহয় । ২০১৩ আৰু ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত অষ্ট্ৰেলিয়াৰ দলটোৱে এখনো মেচত জয়ী হ’ব পৰা নাছিল । অষ্ট্ৰেলিয়াৰ দলটোৰ বৰ্তমানৰ ফৰ্মো বিশেষ উন্নত নহয় । শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত কেংগাৰু দলটোৱে ০-২ ব্যৱধানত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।