সন্ত্ৰাসবাদৰ আগত মূৰ নোদোৱাই ভাৰতে… পহলগাম আক্ৰমণৰ ভুক্তভোগীক সাক্ষাৎ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ২৬ জন লোকৰ পৰিয়াল আৰু আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলক সাক্ষাৎ কৰে । এই সময়ছোৱাত তেওঁক আৱেগিক যেন দেখা যায় । ইয়াৰ লগতে তেওঁ সন্ত্ৰাসবাদীকো সকীয়নি দিয়ে । তেওঁ কয় যে ভাৰতে সন্ত্ৰাসবাদৰ আগত মূৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ২৬ জন লোকৰ পৰিয়াল আৰু আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলক সাক্ষাৎ কৰে । এই সময়ছোৱাত তেওঁক আৱেগিক যেন দেখা যায় । ইয়াৰ লগতে তেওঁ সন্ত্ৰাসবাদীকো সকীয়নি দিয়ে । তেওঁ কয় যে ভাৰতে সন্ত্ৰাসবাদৰ আগত মূৰ নোদোৱাই । সন্ত্ৰাসবাদীৰ আক্ৰমণত আপোনজনক হেৰুৱাৰ বেদনা প্ৰতিজন ভাৰতীয়ই অনুভৱ কৰে । এই দুখক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰক্ষী নিয়ন্ত্ৰণ কক্ষত এক অনুষ্ঠানত এই আক্ৰমণত নিহত হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে গধুৰ হৃদয়েৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক শেষ শ্ৰদ্ধাঞ্জলি জনাইছো । এই সকলোৰে পৰিয়াল আৰু সমগ্ৰ ৰাষ্ট্ৰক আশ্বাস দিছো যে নিৰীহ লোকক হত্যা কৰা এই সন্ত্ৰাসবাদীক একেবাৰেই ৰেহাই দিয়া নহ’ব ।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই মঙলবাৰে নিশাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীনগৰত উপস্থিত হয় । ইয়াত তেওঁ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু সেনা আৰু প্ৰতিৰক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় । বুধবাৰে পুৱা তেওঁ পহলগামৰ বায়ছাৰণ উপত্যকাৰ ঘটনাস্থলীত উপস্থিত হয় । তেওঁ এই আক্ৰমণ সন্দৰ্ভত সম্পূৰ্ণ তথ্য লয় ।

শেহতীয়া প্ৰৱন্ধসমূহ