ৰাষ্ট্ৰসংঘত পুনৰ মুখথেকেচা পাকিস্তানৰ: কাশ্মীৰক লৈ মিছা আখ্যান ৰচনা কৰাৰ বাবে ভাৰতৰ উচিত প্ৰত্যুত্তৰ

ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে কয় যে পাকিস্তানে পুনৰবাৰ ৰাষ্ট্ৰসংঘৰ দৰে মৰ্যাদাপূৰ্ণ মঞ্চক নিজৰ ঠেক ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত (UNGA) পুনৰবাৰ জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰাক লৈ ভাৰতে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিছে । ভাৰতে স্পষ্ট শব্দত কৈছে যে জম্মু-কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয় আৰু পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহক মিছা আৰু ভুৱা আখ্যান প্ৰচাৰ কৰাৰ বাবে ব্যৱহাৰ কৰাটো বন্ধ কৰিব লাগে ।

এই বিতৰ্ক তেতিয়া পোহৰলৈ আহে যেতিয়া পাকিস্তানৰ স্থায়ী প্ৰতিনিধি আছিম ইফতিখাৰ আহমেদে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত নিৰাপত্তা পৰিষদৰ বাৰ্ষিক প্ৰতিবেদনৰ ওপৰত আলোচনা চলি থকাৰ সময়ত জম্মু-কাশ্মীৰৰ উল্লেখ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ স্থায়ী প্ৰতিনিধি পৰ্বতনেনী হৰিশে পাকিস্তানৰ এই মন্তব্যক “অপ্ৰয়োজনীয়” আৰু “বিভ্ৰান্তিকাৰী” বুলি অভিহিত কৰে ।

ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে কয় যে পাকিস্তানে পুনৰবাৰ ৰাষ্ট্ৰসংঘৰ দৰে মৰ্যাদাপূৰ্ণ মঞ্চক নিজৰ ঠেক ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে । তেওঁ স্পষ্টকৈ কয় যে জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংশ আছিল, আছে আৰু সদায় থাকিব। ইয়াৰ বিপৰীতে কৰা যিকোনো দাবী মিছা আৰু ই ইতিহাসৰ সৈতে অমিল ।

ভাৰতে পাকিস্তানক সোঁৱৰাই দিলে দায়িত্বৰ কথা-

ভাৰতে পাকিস্তানক এই কথাও সোঁৱৰাই দিয়ে যে বৰ্তমান সময়ত দেশসমূহে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু এয়া এক ডাঙৰ দায়িত্ব । ভাৰতীয় প্ৰতিনিধিয়ে কয় যে নিৰাপত্তা পৰিষদৰ সদস্যপদৰ উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা শক্তিশালী কৰা, কোনো পক্ষপাতিত্বমূলক আৰু মিছা আখ্যান বিয়পোৱা নহয় ।

ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে অভিযোগ কৰে যে পাকিস্তানে নিৰাপত্তা পৰিষদত নিজৰ উপস্থিতিকো অপব্যৱহাৰ কৰিছে আৰু ইতিমধ্যে বহু বিভ্ৰান্তিকাৰী তথা ভুল তথ্য সম্বলিত নথি-পত্ৰ বিতৰণ কৰিছে । তেওঁ কয় যে এই ধৰণৰ কাৰ্যকলাপ কেৱল অদায়িত্বহীনই নহয়, বৰঞ্চ ই গোলকীয় মঞ্চসমূহৰ গাম্ভীৰ্যকো হানি কৰে ।

পাকিস্তানৰ বিবৃতিবাজী আৰু ফোঁপোলা দাবী-

ভাৰতে পোনপটীয়াভাৱে কয় যে পাকিস্তানৰ বাগাড়ম্বৰ আৰু ফোঁপোলা দাবীয়ে মাটিৰ বাস্তৱ পৰিস্থিতিক সলনি কৰিব নোৱাৰে । ভাৰতীয় প্ৰতিনিধিয়ে কয় যে আন্তঃৰাষ্ট্ৰীয়িয়াছে সম্প্ৰদায়ে এই কথা ভালদৰে বুজি পায় যে জম্মু-কাশ্মীৰ ভাৰতৰ অংশ আৰু এই বিষয়ত পাকিস্তানৰ দাবীৰ কোনো ভিত্তি নাই ।

নিজৰ ভাষণত ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ দাবীও পুনৰবাৰ দোহাৰে । ভাৰতীয় প্ৰতিনিধিয়ে কয় যে নিৰাপত্তা পৰিষদৰ বৰ্তমানৰ গাঁথনিয়ে ১৯৪৫ চনৰ ভূ-ৰাজনৈতিক পৰিস্থিতিক প্ৰতিফলিত কৰে, আনহাতে বৰ্তমান বিশ্বখন বহু পৰিমাণে সলনি হৈছে । পৰিষদখনক অধিক প্ৰতিনিধিত্বমূলক আৰু কাৰ্যক্ষম কৰি তুলিবলৈ স্থায়ী আৰু অস্থায়ী দুয়োটা শ্ৰেণীতেই ইয়াৰ সম্প্ৰসাৰণ অপৰিহাৰ্য ।

ভাৰতে দীৰ্ঘদিন ধৰি নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ দাবী উত্থাপন কৰি আহিছে । ভাৰত, ব্ৰাজিল, জাৰ্মানী আৰু জাপানৰ G4 গোটৰ মতে, গোলকীয় শক্তিৰ সন্তুলন আৰু উন্নয়নশীল দেশসমূহৰ কণ্ঠস্বৰক উন্নত প্ৰতিনিধিত্ব প্ৰদান কৰিবলৈ পৰিষদৰ সদস্য সংখ্যা ২৫ বা ২৬ জনলৈ বৃদ্ধি কৰা উচিত ।

লগতে পঢ়ক : ভাৰত-ৰাছিয়াৰ সম্পৰ্ক ‘ভাতৃত্ববোধ আৰু বিশ্বাসৰ’: আমেৰিকাৰ চাপক নেওচি মোদীৰ নেতৃত্বক পুটিনৰ প্ৰশংসা

প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ গুলীচালনা, কথমপি প্ৰাণৰক্ষা

এই গুলীচালনা প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাক লক্ষ্য কৰি লোৱা হৈছিল বুলি বাতৰিত প্ৰকাশ

জম্মুৰ বৃহত্তৰ কৈলাশ অঞ্চলৰ হোটেল ৰয়েল পাৰ্কত অনুষ্ঠিত বিবাহ অনুষ্ঠানত এক গুলীচালনাৰ ঘটনা সংঘটিত হয় । এই অনুষ্ঠানত নেশ্যনেল কনফাৰেন্সৰ পৃষ্ঠপোষক ফাৰুক আব্দুল্লা, জম্মু-কাশ্মীৰৰ উপ-মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধুৰীকে ধৰি কেইবাজনো দলীয় নেতা উপস্থিত আছিল । এই গুলীচালনা ফাৰুক আব্দুল্লাক লক্ষ্য কৰি লোৱা হৈছিল বুলি বাতৰিত প্ৰকাশ ।

আৰক্ষীয়ে জনোৱা মতে, জম্মুৰ গ্ৰেটাৰ কৈলাশৰ ৰয়েল পাৰ্কত বিবাহ অনুষ্ঠানৰ সময়ত এই আক্ৰমণ সংঘটিত হয় । নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষী আৰু এন এছ জিৰ কমাণ্ডোৱে তৎক্ষণিকভাৱে এই আক্ৰমণ বিফল কৰে । অভিযুক্তক আটক কৰি গুলীচালনা কৰিবলৈ ব্যৱহাৰ কৰা বন্দুকটো জব্দ কৰা হৈছে । অভিযুক্তক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । অভিযুক্ত জম্মুৰ পুৰাণী মাণ্ডী অঞ্চলৰ বাসিন্দা কমল সিং বুলি জানিব পৰা গৈছে ।

খবৰ অনুসৰি, অনুষ্ঠানৰ সময়ত এজন লোকে গুলীচালনা কৰে । অৱশ্যে ঘটনাস্থলীত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰীক আটক কৰিবলৈ সক্ষম হয় । উপ-মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধুৰী সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আনহাতে ফাৰুক আব্দুল্লাৰ কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ১২ মাহত ১৩ বাৰ ৰিচাৰ্জ কিয় ? মোবাইল ৰিচাৰ্জৰ বিষয়ত সংসদত সৰৱ ৰাঘৱ চাড্ডা

ভয়ংকৰ দুৰ্ঘটনা; ২০০ ফুট দ’ খাৱৈত পৰিল সেনা জোৱানৰ বাহন

জম্মু-কাশ্মীৰৰ ডোডা জিলাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।দ’ খাৱৈত বাগৰি পৰিল দেশ মাতৃৰ সেৱাত নিয়োজিত সেনা জোৱানৰ বাহন।

জম্মু-কাশ্মীৰৰ ডোডাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে জোৱান কঢ়িয়াই নিয়া এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ২০০ ফুট দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাটোত ১০ জন জোৱান শ্বহীদ হোৱাৰ লগতে কেইবাজনো জোৱান গুৰুতৰ ভাৱে আহত হৈছে।

সেনা বিষয়াসকলে জনোৱা মতে, বৃহস্পতিবাৰে ১৭ জন জোৱান কঢ়িয়াই অনা সেনাৰ এখন বাহন পাহাৰৰ দুৰ্গম এটা অঞ্চলত অৱস্থিত এটা পোষ্টৰ ফালে গৈ আছিল, তেতিয়াই ডোডাৰ ভদৰৱাহ-চাম্বা আন্তঃৰাজ্যিক পথ এলেকাত অৱস্থিত খানি টপৰ ওচৰত সেনাৰ এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০০ ফুট দ’ খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে সেনা আৰু আৰক্ষীৰ যৌথ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে।স্থানীয় লোকেও আৰক্ষী আৰু উদ্ধাৰকাৰী দলক সহায় কৰিবলৈ  আগবাঢ়ি আহে।

উদ্ধাৰ অভিযানত ১০ জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হয়।আহত জোৱানকেইজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আন কেইজন জোৱানৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক: অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনা, ১০০০ ফুট তললৈ বাগৰিল শ্ৰমিক কঢ়িওৱা ডাম্পাৰ

শ্বহীদ পুত্ৰৰ প্ৰতিমূৰ্তি কম্বলেৰে ঢাকিলে মাতৃয়ে, দৃশ্য দেখিলে চকুলো টুকিব আপুনিও

এয়া পুত্ৰ স্নেহত বিগলিত এগৰাকী মাতৃ আৰু দেশৰ বাবে সৰ্বোচ্চ বলিদান এগৰাকী সাহসী জোৱানৰ কাহিনী । শ্বহীদ পুত্ৰৰ প্ৰতিমূৰ্তিৰ কাষত এইগৰাকী মাতৃয়ে কৰা কামে চকু সেমেকাই তুলিব আপোনাৰ…

বাহিৰত বৰফৰ বতাহ বলিছে আৰু পাৰাস্তম্ভও দ্ৰুতগতিত অৱনমিত হৈছে । এই হাড় কঁপোৱা জাৰতো জম্মুৰ আৰ্নিয়াত দেখা গ’ল এক হৃদয়স্পৰ্শী দৃশ্য । মাতৃৰ মমতাই যে কোনো বাধা নামানে তাৰেই প্ৰতিফলন ঘটিল এই দৃশ্যত । ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’ই চকু সেমেকাই তুলিছে প্ৰতিজনৰে ।

এয়া শ্বহীদ গুৰনাম সিং আৰু তেওঁৰ মাতৃ যশৱন্ত কৌৰৰ কাহিনী । এগৰাকী মাতৃ যাৰ বাবে পুত্ৰৰ মৃত্যু হোৱা নাই, বৰঞ্চ কেৱল সীমান্তৰ পৰা উভতি আহি শিলৰ মূৰ্তিলৈ ৰূপান্তৰিত হৈছে ।

২০২১ চনত আৰ্নিয়াত কনিষ্টবল গুৰনাম সিঙৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল, তেতিয়া ই আছিল বিশ্ববাসীৰ বাবে গৌৰৱৰ প্ৰতীক । কিন্তু তেওঁৰ মাতৃ যশৱন্ত কৌৰৰ বাবে মৰমৰ পুত্ৰই হৈ আছে যিয়ে ঠাণ্ডাত কঁপিব পাৰে । ২০২২ চনৰ পৰা প্ৰতিটো শীতকালতে জম্মুত প্ৰথম শীত লহৰৰ লগে লগে যশৱন্ত কৌৰে গধুৰ উলৰ কম্বল লৈ প্ৰতিমূৰ্তিৰ কাষ চাপে । তেওঁ মৰমেৰে প্ৰতিমূৰ্তিটোৰ কান্ধত কম্বলখন মেৰিয়াই দিয়ে । প্ৰত্যক্ষদৰ্শীৰ চকু চকুলোৰে ভৰি পৰে, কিন্তু মাতৃগৰাকীৰ মুখখনে কঢ়িয়াই লৈ ফুৰে এক অদ্ভুত সন্তুষ্টিৰ অনুভূতি, যেন পুত্ৰক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিছে ।

শ্বহীদ মাতৃগৰাকীয়ে স্মৰণ কৰে যে, ২৬ বছৰীয়া গুৰনামক শেষবাৰৰ বাবে দেখাৰ সময়ত তেওঁৰ বিয়াৰ সপোন দেখিছিল । তেওঁ কল্পনা কৰিছিল যে পিছৰবাৰ তেওঁৰ মৰমৰ পুত্ৰই ছুটী লৈ উভতি আহিলে ঘৰখন বিয়াৰ আনন্দ-উলাহেৰে ভৰি পৰিব । কিন্তু গুৰনামৰ মনত আন কিবাহে আছিল । তেওঁৰ “প্ৰথম প্ৰেম” আছিল তেওঁৰ ইউনিফৰ্ম আৰু তেওঁৰ দেশ ।

উল্লেখ্য যে, ২১ অক্টোবৰ, ২০১৬ত হিৰানগৰ খণ্ডত অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীৰ বাবে গুৰনাম হৈ পৰিছিল দুঃস্বপ্ন । তেওঁ এটা সন্ত্ৰাসবাদীক হত্যা কৰি যুদ্ধবিৰতিৰ প্ৰতিশোধ লয় । ২২ অক্টোবৰ, ২০১৬ত গুলীৰে থকা-সৰকা হোৱাৰ পিছতো গুৰনাম পিছহুহকি নাযায় আৰু শেষত ভাৰত মাতৃৰ কোলাত শেষ নিশ্বাস ত্যাগ কৰে ।

বি এছ এফৰ ১৭৩ নং বেটেলিয়নৰ এইগৰাকী সাহসী জোৱান এতিয়া মাতৃৰ কোলাত সুৰক্ষিত হৈ আছে । যশৱন্ত কৌৰৰ ত্যাগ আৰু প্ৰেমে আমাক সোঁৱৰাই দিয়ে যে এজন সৈনিকে কেৱল সীমান্তত নিজৰ প্ৰাণ আহুতি নিদিয়ে; তেওঁৰ সমগ্ৰ পৰিয়ালে প্ৰতিদিনে এক নতুন শ্বহীদ হোৱাৰ অভিজ্ঞতা লাভ কৰে । এই কম্বলখন কেৱল উলৰ টুকুৰা নহয়, মাতৃৰ প্ৰেমৰ উষ্ণতা যিটো কোনো গুলী বা শত্ৰুৱে কেতিয়াও ভেদিব নোৱাৰে ।

লগতে পঢ়ক : অন্ত পৰিব পথ দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ চিন্তা ; কেন্দ্ৰীয় পৰিৱহণ মন্ত্ৰীৰ ডাঙৰ ঘোষণা

অপাৰেশ্যন পিম্পলঃ কুপৱাৰাত সেনাৰ অভিযানত নিহত দুই দুধৰ্ষ সন্ত্ৰাসবাদী

সেনাৰ অভিযানত নিহত দুধৰ্ষ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সফলতা লাভ কৰিছে । জম্মু-কাশ্মীৰৰ কুপৱাৰাত শনিবাৰে পুৱা অপাৰেচন পিম্পলত নিৰাপত্তাৰক্ষীয়ে দুটাকৈ সন্ত্ৰাসবাদীক হত্যা কৰে । কুপৱাৰাৰ কেৰাণ খণ্ডত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে গোপন তথ্য লাভ কৰি শুকুৰবাৰে নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে । ভাৰতীয় সেনাৰ চিনাৰ কৰ্পে নিজৰ এক্স একাউণ্টত পোষ্ট কৰিছে যে ২০২৫ চনৰ ৭ নৱেম্বৰত অঞ্চলটোত অনুপ্ৰৱেশৰ চেষ্টা সন্দৰ্ভত সংস্থাসমূহৰ পৰা তথ্য লাভ কৰিছিল ।

এই তথ্যৰ ভিত্তিত কুপৱাৰাৰ কেৰণ খণ্ডত যৌথ অভিযান আৰম্ভ কৰা হয় । সেনা বাহিনীয়ে সন্দেহজনক কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি সন্ত্ৰাসবাদীক প্ৰত্যাহ্বান জনায় । সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে সেনা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে । সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰাৰ পিছতে সংঘৰ্ষৰ সৃষ্টি হয় । নিৰাপত্তা বাহিনীয়ে প্ৰত্যুত্তৰ দিয়াত দুটাকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হয় । অৱশ্যে এই অভিযান অব্যাহত আছে ।

উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে গোপন তথ্য লাভ কৰাৰ পিছত ভাৰতীয় সেনাৰ সহযোগত জম্মু-কাশ্মীৰ আৰক্ষীয়ে চত্ৰু ​​অঞ্চলত যৌথ অভিযান আৰম্ভ কৰে । পুৱাৰ ভাগত তালাচী অভিযান আৰম্ভ হোৱাৰ পিছতে এই সংঘৰ্ষ আৰম্ভ হয় । তালাচী অভিযানৰ সময়তে নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে আৰু এই সংঘৰ্ষত দুটাকৈ সন্ত্ৰাসবাদী নিহত হয় ।

লগতে পঢ়ক : ‘লালুৰ শাসন কালত লুণ্ঠন আৰু হত্যাৰ উদ্যোগ আছিল…’; অমিত শ্বাহ

জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত ধ্বংসলীলা; ১৫ জনতকৈ অধিক লোকৰ মৃত্যু

জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত ধ্বংসলীলা

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰৰ মচাইল মট্টা যাত্ৰাৰ পথত পদ্দেৰ মহকুমাৰ চিশোটি গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।ডাৱৰ বিস্ফোৰণৰ ফলত পানীৱে বুৰাই পেলাইছে চিশোটি গাওঁখন ।

ডাৱৰ বিস্ফোৰণৰ ফলত ১৫ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।উপায়ুক্ত কিষ্টৱাৰে ১২-১৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।

সাহায্য আৰু উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সন্দেহ কৰা হৈছে।  

এই দুৰ্ঘটনাক লৈ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে কিষ্টৱাৰৰ ডাৱৰ বিস্ফোৰণত মই অতি দুখী।

শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।অসামৰিক, আৰক্ষী, সেনা, এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ বিষয়াসকলক উদ্ধাৰ আৰু সাহায্য অভিযান অধিক ক্ষিপ্ৰতাৰে কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে।

বানপানীৰ পিছত ৰাইজ আৰু তীৰ্থযাত্ৰীক সহায় কৰিবলৈ এটা কন্ট্ৰল ৰুম-কম-হেল্প ডেস্ক স্থাপন কৰা হৈছিল। জম্মু-কাশ্মীৰৰ এই ঘটনাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা… কেলিস্পেল চিটি বিমানবন্দৰত অঘটন

‘ক্ষমা খুজিবলৈ মোৰ কোনো শব্দ নাই’… বিধানসভাত পহলগাম আক্ৰমণ সন্দৰ্ভত ক’লে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই

জম্মু-কাশ্মীৰ বিধানসভাত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই থিয় হৈ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে দাখিল কৰা প্ৰস্তাৱৰ সমৰ্থনত ভাষণ দিয়ে । এই সময়ছোৱাত তেওঁ আক্ৰমণত নিহত হোৱা সকলো লোকৰ নামো লয় । ওমৰ আব্দুল্লাই কয় যে, “মই বিশ্বাস কৰিব নোৱাৰো যে মাত্ৰ কেইদিনমানৰ আগতে আমি এই সদনত উপস্থিত আছিলো, বাজেট আৰু আন বহু বিষয়ৰ ওপৰত বিতৰ্ক হৈছিল । কোনে ভাবিব যে জম্মু-কাশ্মীৰত এনে পৰিস্থিতিৰ সৃষ্টি হ’ব, এই পৰিৱেশত আমি ইয়াত পুনৰ লগ হ’ব লাগিব । পহলগাম আক্ৰমণৰ পিছত যেতিয়া মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছিল, তেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে আমি ৰাজ্যপালক এদিনীয়া অধিৱেশন আহ্বান কৰিবলৈ অনুৰোধ কৰিম ।”

বিধানসভাত আৱেগিক হৈ পৰা ওমৰ আব্দুল্লাই কয় যে এই আক্ৰমণে আমাক অত্যন্ত ব্যৰ্থিত কৰিছে । সেই নৌসেনাৰ বিষয়াৰ পত্নীক, দেউতাকক তেজেৰে তিতা দেখি থকা সেই সৰু ল’ৰাটোক মই কি উত্তৰ দিম ।

‘ক্ষমা খুজিবলৈ মোৰ শব্দ নাই…’

ওমৰ আব্দুল্লাই কয়, “পূৰ্বতে আমি কাশ্মীৰী পণ্ডিত আৰু শিখ সম্প্ৰদায়ৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ দেখিবলৈ পাইছো । বহুদিনৰ মূৰত এনে আক্ৰমণ সংঘটিত হৈছে । ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলৰ ওচৰত ক্ষমা খুজিবলৈ মোৰ কোনো শব্দ নাই । মই আইন-শৃংখলাৰ দায়িত্বত নাই, কিন্তু মই পৰ্যটকসকলক কাশ্মীৰ ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিলো । তেওঁলোকৰ আতিথ্য হিচাপে তেওঁলোকৰ যত্ন লোৱা আৰু সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব । ক্ষমা খুজিবলৈ মোৰ কোনো শব্দ নাই ।”

তেওঁ কয় যে, মাত্ৰ কেইদিনমান আগতে বিয়া হোৱা নৌসেনাৰ বিষয়া জনৰ পত্নীক মই কি কওঁ ? তেওঁলোকক সান্ত্বনা দিবলৈ মোৰ কোনো শব্দ নাই । ভুক্তভোগীৰ পৰিয়ালৰ বহু সদস্যই মোক সুধিছিল যে তেওঁলোকৰ অপৰাধ কি ?  মোৰ কোনো উত্তৰ নাছিল ।

‘২৬ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে…’

মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয়, “২৬ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত আক্ৰমণৰ পিছত এনেকৈ মানুহ ওলাই অহা দেখিলোঁ । কাঠুৱাৰ পৰা শ্ৰীনগৰলৈ মানুহ ওলাই আহি মুকলিকৈ ক’লে যে কাশ্মীৰীয়ে এই আক্ৰমণ নিবিচাৰে । মোৰ নামত নহয়… প্ৰতিজন কাশ্মীৰীয়ে এই কথা কৈছে ।”

ওমৰ আব্দুল্লাই কয়, “জম্মু-কাশ্মীৰ বিধানসভাৰ দৰে পহলগামৰ ২৬ জন লোকৰ যন্ত্ৰণা সংসদ বা এই দেশৰ আন কোনো বিধানসভাই বুজি নাপায় । আপোনাৰ সন্মুখত বহি থকা মানুহে নিজৰ ঘনিষ্ঠ আত্মীয়ক হেৰুৱাইছে । ইমানবোৰ আক্ৰমণ কৰা হৈছে যে আমি সেইবোৰ গণনা কৰি ভাগৰি পৰিম । ২০০১ চনৰ অক্টোবৰ মাহত শ্ৰীনগৰ আক্ৰমণত ৪০ জন লোকে প্ৰাণ হেৰুৱাইছিল । গতিকে পহলগাম আক্ৰমণত মৃত্যুৰ দুখ এই বিধানসভাৰ বাহিৰে আন কোনোৱে বুজি নাপাই ।“

‘আমাৰ মানুহ আমাৰ লগত আছে…’

ওমৰ আব্দুল্লাই কয় যে মানুহে নিজেই প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল, বেনাৰ/পোষ্টাৰ প্ৰদৰ্শন কৰিছিল আৰু শ্লোগান দিছিল । মানুহ যদি আমাৰ লগত থাকে তেন্তে আমি সন্ত্ৰাসবাদক পৰাস্ত কৰিব পাৰো । এয়াই আৰম্ভণি । আমি এনে কোনো পদক্ষেপ লোৱা উচিত নহয় যিয়ে মানুহক বিচ্ছিন্ন কৰি ৰাখিব । মানুহে বুজি পাইছে যে সন্ত্ৰাসবাদ ভাল নহয় । আমি বন্দুকৰ শক্তিৰে সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিব পাৰো ।

তেওঁ আৰু কয়, “মানুহ যদি আমাৰ লগত থাকে তেন্তে আমি সন্ত্ৰাসবাদক পৰাস্ত কৰিব পাৰো । মই ভাবো এতিয়া মানুহ আমাৰ লগত আছে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সমগ্ৰ কাশ্মীৰৰ মছজিদসমূহত এক মুহূৰ্ত মৌনতা অৱলম্বন কৰা হয় । এইটো এটা অতি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথা ।”

পাকিস্তানে পুনৰ উলংঘা কৰিলে যুদ্ধবিৰতি… নিশা LoC ত গুলীচালনা, ভাৰতীয় সেনাই দিলে প্ৰত্যুত্তৰ

শনিবাৰে নিশা জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত টুটমাৰী গলি আৰু ৰামপুৰ ছেক্টৰৰ বিপৰীতে অৱস্থিত ভাৰতীয় চকীলৈ লক্ষ্য কৰি পাকিস্তানী সেনাই গুলীচালনা কৰে । লগে লগে ভাৰতীয় সেনাইও এই গুলীচালনাৰ প্ৰত্যুত্তৰ দিয়ে । ভাৰতীয় সেনাৰ তথ্য অনুসৰি এই ঘটনাত কোনো লোক আহত হোৱা নাই ।

২২ এপ্ৰিলত পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতৰ মাজতে এই ঘটনা সংঘটিত হৈছে । এই আক্ৰমণৰ বাবে পাকিস্তান সমৰ্থিত উগ্ৰপন্থীক দোষাৰোপ কৰা হৈছে যদিও পাকিস্তানে কোনো ধৰণৰ জড়িততা অস্বীকাৰ কৰি স্বতন্ত্ৰ তদন্তৰ দাবী জনাইছে । এই আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনাবাহিনীয়ে অবিৰতভাৱে তৎপৰতা অব্যাহত ৰাখিছে আৰু তালাচী অভিযান অব্যাহত ৰাখিছে । শেহতীয়াকৈ কুলগাম জিলাৰ টাংমাৰ্গ অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছিল । অৱশ্যে সন্ত্ৰাসবাদী দলটো পলায়ন কৰিবলৈ সক্ষম হয় ।

কাশ্মীৰত সন্ত্ৰাসবাদী আৰু সমৰ্থকৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা-

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে কৰ্তৃপক্ষই কাশ্মীৰত উগ্ৰপন্থী আৰু সমৰ্থকৰ বিৰুদ্ধে ব্যাপক দমন চলাই তেওঁলোকৰ ঘৰ ভাঙি, আত্মগোপন কৰা স্থানত অভিযান চলাই আৰু শতাধিক সন্ত্ৰাসবাদী সহায়কক সোধা-পোছাৰ বাবে আটক কৰি ৰাখিছে ।

সিন্ধু জল সন্ধি স্থগিত, ভিছা নিষিদ্ধ… চি চি এছৰ বৈঠকত পাকিস্তানৰ বিৰুদ্ধে এই ৫ টা কঠোৰ সিদ্ধান্ত

২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেট কমিটীৰ নিৰাপত্তা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত পাকিস্তানৰ বিৰুদ্ধে পাঁচটা কঠোৰ সিদ্ধান্ত লোৱা হয় ।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত এজন নেপালী নাগৰিককে ধৰি ২৬ জন লোক নিহত হোৱাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক আহত হয় । ইয়াৰ পিছত চি চি এছৰ এখন সভা আহ্বান কৰা হয় । এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, এন এছ এ অজিত ডোভাল, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ উপস্থিত থাকে ।

ইয়াৰ পিছত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে বৈঠকত লোৱা সিদ্ধান্ত সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰে । ইয়াত তেওঁ এই সিদ্ধান্তসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে । প্ৰথম সিদ্ধান্ত লোৱা হয় ভাৰত আৰু পাকিস্তানৰ মাজত থকা আটাৰী সীমান্ত চেক প’ষ্ট বন্ধ কৰা হ’ব । এইটো এটা ডাঙৰ পদক্ষেপ যিয়ে দুয়োখন দেশৰ মাজত সীমিত গতিবিধিকো বন্ধ কৰি দিব ।

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰে কঠোৰ ব্যৱস্থা-

দ্বিতীয় সিদ্ধান্ত হ’ল পাকিস্তানত থকা ভাৰতীয় দূতাবাস এতিয়া বন্ধ থাকিব । ই কূটনৈতিক সম্পৰ্কৰ এক বৃহৎ পৰিৱৰ্তন বুলি বিবেচিত হৈছে । ইয়াৰ সমান্তৰালকৈ ভাৰতে তৃতীয়টো কঠিন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সিন্ধু জল সন্ধিও বন্ধ কৰি দিছে । ইয়াৰ ফলত পাকিস্তানত বৃহৎ পৰিসৰত প্ৰভাৱ পৰিব ।

চতুৰ্থ সিদ্ধান্ত হ’ল ভাৰতত উপস্থিত থকা সকলো পাকিস্তানী কূটনীতিবিদক ৪৮ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু পঞ্চম আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল এতিয়া পাকিস্তানীসকলে ভাৰতীয় ভিছা নাপাব ।

পাকিস্তানী নাগৰিকক ভাৰতলৈ আহিবলৈ দিয়া নহয়-

ইয়াৰ বাহিৰেও চাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰতলৈ আহিবলৈ দিয়া নহ’ব । ইতিমধ্যে প্ৰদান কৰা ভিছা বাতিল কৰা হৈছে আৰু ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰিব লাগিব পাকিস্তানী নাগৰিকে । নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ প্ৰতিৰক্ষা, নৌসেনা আৰু বায়ুসেনাৰ উপদেষ্টাসকলক ব্যক্তিগত নন গ্ৰেটা বুলি ঘোষণা কৰা হৈছে । এসপ্তাহৰ ভিতৰতে তেওঁলোকে দেশ এৰি যাব লাগিব ।

ভাৰত আৰু পাকিস্তানৰ উচ্চায়ুক্তৰ কৰ্মচাৰীৰ সংখ্যা ৫৫ৰ পৰা ৩০লৈ হ্ৰাস কৰা হ’ব । এই পৰিৱৰ্তন ১ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’ব । চি চি এছে নিৰাপত্তা বাহিনীক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে আৰু এই আক্ৰমণৰ দোষীক শাস্তি প্ৰদান কৰা হ’ব বুলিও জনাইছে ।