অপাৰেশ্যন পিম্পলঃ কুপৱাৰাত সেনাৰ অভিযানত নিহত দুই দুধৰ্ষ সন্ত্ৰাসবাদী

অপাৰেশ্যন পিম্পলঃ কুপৱাৰাত সেনাৰ অভিযানত নিহত দুই দুধৰ্ষ সন্ত্ৰাসবাদী

সেনাৰ অভিযানত নিহত দুধৰ্ষ সন্ত্ৰাসবাদী জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সফলতা লাভ কৰিছে । জম্মু-কাশ্মীৰৰ কুপৱাৰাত শনিবাৰে পুৱা অপাৰেচন পিম্পলত নিৰাপত্তাৰক্ষীয়ে দুটাকৈ সন্ত্ৰাসবাদীক হত্যা কৰে । কুপৱাৰাৰ কেৰাণ খণ্ডত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে গোপন তথ্য লাভ কৰি শুকুৰবাৰে নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে । ভাৰতীয়

সেনাৰ অভিযানত নিহত দুধৰ্ষ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে এক বৃহৎ সফলতা লাভ কৰিছে । জম্মু-কাশ্মীৰৰ কুপৱাৰাত শনিবাৰে পুৱা অপাৰেচন পিম্পলত নিৰাপত্তাৰক্ষীয়ে দুটাকৈ সন্ত্ৰাসবাদীক হত্যা কৰে । কুপৱাৰাৰ কেৰাণ খণ্ডত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে গোপন তথ্য লাভ কৰি শুকুৰবাৰে নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে । ভাৰতীয় সেনাৰ চিনাৰ কৰ্পে নিজৰ এক্স একাউণ্টত পোষ্ট কৰিছে যে ২০২৫ চনৰ ৭ নৱেম্বৰত অঞ্চলটোত অনুপ্ৰৱেশৰ চেষ্টা সন্দৰ্ভত সংস্থাসমূহৰ পৰা তথ্য লাভ কৰিছিল ।

এই তথ্যৰ ভিত্তিত কুপৱাৰাৰ কেৰণ খণ্ডত যৌথ অভিযান আৰম্ভ কৰা হয় । সেনা বাহিনীয়ে সন্দেহজনক কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি সন্ত্ৰাসবাদীক প্ৰত্যাহ্বান জনায় । সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে সেনা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে । সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰাৰ পিছতে সংঘৰ্ষৰ সৃষ্টি হয় । নিৰাপত্তা বাহিনীয়ে প্ৰত্যুত্তৰ দিয়াত দুটাকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হয় । অৱশ্যে এই অভিযান অব্যাহত আছে ।

উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে গোপন তথ্য লাভ কৰাৰ পিছত ভাৰতীয় সেনাৰ সহযোগত জম্মু-কাশ্মীৰ আৰক্ষীয়ে চত্ৰু ​​অঞ্চলত যৌথ অভিযান আৰম্ভ কৰে । পুৱাৰ ভাগত তালাচী অভিযান আৰম্ভ হোৱাৰ পিছতে এই সংঘৰ্ষ আৰম্ভ হয় । তালাচী অভিযানৰ সময়তে নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে আৰু এই সংঘৰ্ষত দুটাকৈ সন্ত্ৰাসবাদী নিহত হয় ।

লগতে পঢ়ক : ‘লালুৰ শাসন কালত লুণ্ঠন আৰু হত্যাৰ উদ্যোগ আছিল…’; অমিত শ্বাহ

শেহতীয়া প্ৰৱন্ধসমূহ