পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ; ৪৮ ঘন্টাৰ ভিতৰত সকলো পাকিস্তানীক ভাৰত এৰি যাবলৈ নিৰ্দেশ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমটো এক্সন মোদী চৰকাৰৰ।বুধবাৰে প্ৰায় আঢ়ৈ ঘণ্টীয়া বৈঠকৰ পিছত কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে।

সংবাদমেলত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সিন্ধু নদীৰ জল সন্ধি বাতিল, আতাৰী চেক বৰ্ডাৰ বন্ধ কৰি দিলে ভাৰতে, ভাৰতত বন্ধ হ’ল পাকিস্তানী নাগৰিক এন্ট্ৰি।

১ মে’ৰ ভিতৰত  ভাৰতত থকা সকলো পাকিস্তানী উভতি যাব লাগিব। বন্ধ হ’ল পাকিস্তানী নাগৰিকৰ বাবে ভিছা। ৪৮ ঘন্টাৰ ভিতৰত পাকিস্তানৰ সকলো নাগৰিকে ভাৰত এৰিব লাগিব।

পাকিস্তান হাই কমিছনত থকা সামৰিক উপদেষ্টাসকলেও এসপ্তাহৰ ভিতৰত এৰিব লাগিব ভাৰত।ভাৰতে নিজৰ প্ৰতিৰক্ষা, নৌ আৰু বিমান উপদেষ্টাক ইছলামবাগৰ ভাৰতীয় উচ্চায়ুক্তৰ পৰা ওভতাই আনিব।

‘এয়া কেনেধৰণৰ যুঁজ, য’ত জীৱনৰ কোনো মূল্য নাই’; পহলগামৰ ঘটনাত ক্ষুব্ধ বেগী বলাৰ মহম্মদ ছিৰাজ

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে।এই ঘটনাক লৈ সমগ্ৰ দেশবাসী ক্ষোভিত হৈ আছে।

ক্ৰিকেটৰ তাৰকাসকলেও এই ঘটনাক লৈ শোক আৰু ক্ষোভ প্ৰকাশ কৰিছে। তাৰ মাজতে বেগী  বলাৰ মহম্মদ ছিৰাজে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।

মহম্মদ চিৰাজে ইনষ্টাগ্ৰামত এটা পোষ্টত লিখিছে যে, ‘পহলগামত সংঘটিত ভয়ানক আৰু চাঞ্চল্যকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে পঢ়িলো।ধৰ্মৰ নামত নিৰীহ লোকক লক্ষ্য কৰি হত্যা কৰাটো মানি লোৱা নহ’ব’।

‘কোনো কাৰণত, কোনো বিশ্বাস, কোনো মতাদৰ্শই কেতিয়াও এনে নিষ্ঠুৰতাক ন্যায্যতা প্ৰদান কৰিব নোৱাৰে।এয়া কেনেধৰণৰ যুঁজ…য’ত মানুহৰ জীৱনৰ কোনো মূল্য নাই’।

‘সেই পৰিয়ালবোৰৰ যন্ত্ৰণা আৰু দুখ মই কল্পনাও কৰিব পৰা নাই, যিসকলে এই ট্ৰেজেডীৰ মাজেৰে পাৰ হৈ গৈছে।ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তেওঁলোকক এই দুখক জয় কৰিবলৈ শক্তি দিয়ক’।

‘আশা কৰো এই নৃশংসতা সোনকালে শেষ হৈ যাব আৰু এই সন্ত্ৰাসবাদী সকলক কোনো দয়া নোহোৱাকৈ শাস্তি দিয়া হব’।

উল্লেখ্য য়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনত দুয়োটা দলৰ খেলুৱৈ আৰু আম্পায়াৰে ক’লা বেণ্ড পিন্ধিব আৰু এক মিনিটৰ মৌনতা অৱলম্বন কৰিব।

ইয়াৰ বাহিৰেও খেলৰ সময়ত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত কোনো ধৰণৰ আতচবাজী বা চিয়াৰলিডাৰৰ নৃত্য নাথাকিব।

সন্ত্ৰাসবাদৰ আগত মূৰ নোদোৱাই ভাৰতে… পহলগাম আক্ৰমণৰ ভুক্তভোগীক সাক্ষাৎ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ২৬ জন লোকৰ পৰিয়াল আৰু আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলক সাক্ষাৎ কৰে । এই সময়ছোৱাত তেওঁক আৱেগিক যেন দেখা যায় । ইয়াৰ লগতে তেওঁ সন্ত্ৰাসবাদীকো সকীয়নি দিয়ে । তেওঁ কয় যে ভাৰতে সন্ত্ৰাসবাদৰ আগত মূৰ নোদোৱাই । সন্ত্ৰাসবাদীৰ আক্ৰমণত আপোনজনক হেৰুৱাৰ বেদনা প্ৰতিজন ভাৰতীয়ই অনুভৱ কৰে । এই দুখক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰক্ষী নিয়ন্ত্ৰণ কক্ষত এক অনুষ্ঠানত এই আক্ৰমণত নিহত হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে গধুৰ হৃদয়েৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক শেষ শ্ৰদ্ধাঞ্জলি জনাইছো । এই সকলোৰে পৰিয়াল আৰু সমগ্ৰ ৰাষ্ট্ৰক আশ্বাস দিছো যে নিৰীহ লোকক হত্যা কৰা এই সন্ত্ৰাসবাদীক একেবাৰেই ৰেহাই দিয়া নহ’ব ।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই মঙলবাৰে নিশাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীনগৰত উপস্থিত হয় । ইয়াত তেওঁ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু সেনা আৰু প্ৰতিৰক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় । বুধবাৰে পুৱা তেওঁ পহলগামৰ বায়ছাৰণ উপত্যকাৰ ঘটনাস্থলীত উপস্থিত হয় । তেওঁ এই আক্ৰমণ সন্দৰ্ভত সম্পূৰ্ণ তথ্য লয় ।

পহলগাম ঘটনাত জড়িত সন্ত্ৰাসবাদীৰ স্কেটছ প্ৰকাশ…

জম্মু-কাশ্মীৰ আৰক্ষীয়ে পহলগাম আক্ৰমণৰ সৈতে জড়িত তিনিটা সন্দেহজনক সন্ত্ৰাসবাদীৰ স্কেচ্চ প্ৰকাশ কৰিছে । সন্দেহজনক এই সন্ত্ৰাসবাদী কেইটা আছিফ ফুজি, চুলেইমান শ্বাহ আৰু আবু তল্হা বুলি চিনাক্ত কৰা হৈছে ।

এই স্কেচবোৰ অঞ্চলটোত ব্যাপকৰূপত প্ৰচাৰ কৰা হৈছে যাতে মানুহে সন্দেহযুক্ত সন্ত্ৰাসবাদী কেইটাক চিনাক্ত কৰাত সহায় হয় । এই সন্দেহযুক্ত লোকসকলৰ আত্মগোপন আৰু যোগাযোগৰ তদন্তত এতিয়া ব্যস্ত হৈ পৰিছে তদন্তকাৰী সংস্থা । চোৰাংচোৱা সংস্থাৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীয়ে পীৰ পাঞ্জল পাহাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ পিছত ৰাজৌৰীৰ পৰা চত্ৰু, তাৰ পিছত ৱাধৱনৰ পৰা পহলগামলৈ যাত্ৰা কৰিছিল ।

এই অঞ্চলটো ৰিয়াছি আৰু উধমপুৰ জিলাৰ ওচৰত অৱস্থিত, য’ত গুজ্জৰ আৰু বাকৰৱাল জনগোষ্ঠীৰ বৃহৎ জনসংখ্যা আছে । সন্ত্ৰাসবাদীয়ে হয়তো এই পথটো বাছি লৈছিল যাতে সাধাৰণ মানুহৰ আৱৰণত গোপনে যাত্ৰা কৰিব পাৰে আৰু কোনেও সন্দেহ নকৰে ।

পৰ্যটনস্থলীত নিৰাপত্তা বৃদ্ধি-

বিশেষকৈ গুৰুত্বপূৰ্ণ পৰ্যটন স্থানসমূহত সমগ্ৰ উপত্যকাটোত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে । শ্ৰীনগৰত অধিকাংশ দোকান, ইন্ধন কেন্দ্ৰ আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ হৈ আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । সমগ্ৰ চহৰখনত কেৱল অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকানসমূহহে খোলা থাকে । ৰাজহুৱা পৰিবহণ বন্ধ যদিও ব্যক্তিগত বাহনসমূহ স্বাভাৱিকভাৱে চলি আছে । বিষয়াসকলে জনোৱা মতে, উপত্যকাটোত ব্যক্তিগত বিদ্যালয়সমূহ বন্ধ আছে যদিও চৰকাৰী বিদ্যালয়সমূহ খোলা আছে । এই বন্ধৰ প্ৰভাৱ উপত্যকাৰ অন্যান্য জিলা সদৰতো দেখা গৈছে ।

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ ঘন্টাও পাৰ নহওতেই বাৰামুল্লাত অনুপ্ৰৱেশৰ চেষ্টা কৰে সন্ত্ৰাসবাদীয়ে । কিন্তু ভাৰতীয় সেনাই শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি দুটাকৈ সন্ত্ৰাসবাদীক হত্যা কৰি অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত ভাৰতীয় সেনাৰ চাইনাৰ কৰ্পছে কয় যে বাৰামুল্লাৰ অ’ পি টিক্কাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ সংঘৰ্ষ হয় য’ত দুটা সন্ত্ৰাসবাদী নিহত হয় । চলি থকা অভিযানত নিৰাপত্তা বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিছে । সন্ত্ৰাসবাদীৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে । এতিয়াও অব্যাহত আছে সেনাৰ অভিযান ।

ইয়াৰ পূৰ্বে চিনাৰ কৰ্পছৰ এক্স হেণ্ডেলৰ পৰা খবৰ পোৱা গৈছিল যে বাৰামুল্লাৰ উৰি নল্লাৰ সাধাৰণ এলেকা চাৰ্জিৱানৰ মাজেৰে প্ৰায় ২-৩টা অচিনাক্ত সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল । কিন্তু নিয়ন্ত্ৰণ ৰেখাত থকা সতৰ্ক টি পি এছে প্ৰত্যাহ্বান জনাই এই প্ৰচেষ্টা ব্যৰ্থ কৰে । ইয়াৰ পিছত দুয়ো পক্ষৰ মাজত গুলীচালনা হয় । এতিয়া এটা নতুন টুইটত সেনাই এই হেণ্ডেলৰ জৰিয়তে জনাইছে যে এই গুলীচালনাত দুটা সন্ত্ৰাসবাদী নিহত হৈছে ।

উল্লেখযোগ্য যে পহলগাম আক্ৰমণৰ পিছৰে পৰা জম্মু অঞ্চলক হাই এলাৰ্টত ৰখা হৈছে । আক্ৰমণৰ লগে লগে ভাৰতীয় সেনাই সন্ত্রাসবাদীক বিচাৰি উলিয়াবলৈ আৰু নিঃশেষ কৰিবলৈ সক্ৰিয় হৈ পৰে । পৰ্যটকৰ ওপৰত কৰা নৃশংস আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ অনন্তনাগৰ পহলগামৰ বৈশ্ৰণত যৌথ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে ।

কোনো সাৰি নাযাব… পহলগাম আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

দক্ষিণ কাশ্মীৰৰ প্ৰধান পৰ্যটনস্থলী পহলগামত মঙলবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কেইবাজনো লোক নিহত হোৱাৰ লগতে কমেও ২০ জন আহত হয় । এই আক্ৰমণক গৰিহণা দি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । ছচিয়েল মিডিয়াত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে- জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো । যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ । আহত লোকসকল অতি সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো । ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে ।

কুৎসিত এজেণ্ডা কেতিয়াও সফল নহ’বঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু লিখিছে– এই জঘন্য কাণ্ডৰ আঁৰত থকাসকলক ন্যায়ৰ কাঠগঢ়ালৈ অনা হ’ব… তেওঁলোকক ৰেহাই দিয়া নহ’ব ! তেওঁলোকৰ কুৎসিত এজেণ্ডা কেতিয়াও সফল নহ’ব । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্প অদম্য আৰু ই আৰু অধিক শক্তিশালী হৈ উঠিব ।

গৃহমন্ত্ৰীৰ পৰা ল’লে তথ্য, কাশ্মীৰ যাবলৈ দিলে নিৰ্দেশ-

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত তথ্য বিচাৰে । ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে গৃহমন্ত্ৰীক অতি শীঘ্ৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পতাৰ অন্তত গৃহমন্ত্ৰী অমিত শ্বাহে এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰে য’ত জম্মু-কাশ্মীৰৰ বহু উচ্চপদস্থ বিষয়াক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সংযোগ কৰা হয় । তথ্য অনুসৰি এই বৈঠকৰ অন্তত গৃহমন্ত্ৰী অমিত শ্বাহ শ্ৰীনগৰলৈ ৰাওনা হৈছে ।

জম্মুৰ আখনূৰ ছেক্টৰত আই ই ডি বিস্ফোৰণ, ২ জোৱান শ্বহীদ…

মঙলবাৰে (১১ ফেব্ৰুৱাৰী, ২০২৫) জম্মু-কাশ্মীৰৰ আখনূৰ ছেক্টৰৰ এটা ফৰৱাৰ্ড পোষ্টৰ সমীপত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত এজন সেনা কেপ্তেইন আৰু এজন জোৱান শ্বহীদ হয় । অঞ্চলটোত বৰ্তমান অনুসন্ধান অভিযান  চলি আছে ।

সূত্ৰ অনুসৰি মঙলবাৰে নিশা প্ৰায় ৩:৫০ বজাত সংঘটিত হয় এই ঘটনা । সেনাৰ এটা টহলদাৰী দলে নিয়মীয়াকৈ টহল দি আছিল । এই সময়তে সীমান্তৰ সমীপত আই ই ডি বিস্ফোৰণ সংঘটিত হয়, য’ত এজন বিষয়াসহ তিনিজন জোৱান গুৰুতৰভাৱে আহত হয় । লগে লগে আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় ।

তথ্য অনুসৰি ভট্টাল অঞ্চলত জোৱানসকলে টহল দি থকাৰ সময়তে এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয় । প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে যে এটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণ ঘটিছে । ইয়াক সন্ত্ৰাসবাদীয়ে সংস্থাপন কৰা বুলি ধাৰণা কৰা হৈছে । বিষয়াসকলে জনোৱা মতে, বিস্ফোৰণৰ লগে লগে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হয় ।

আখনূৰ ছেক্টৰত উদ্ধাৰ হৈছে মৰ্টাৰৰ খোলা-

মঙলবাৰে (১১ ফেব্ৰুৱাৰী) জম্মু জিলাৰ আখনূৰ ছেক্টৰত উদ্ধাৰ হোৱা এটা মৰ্টাৰ শ্বেল বোমা নিষ্কাশন দলে নিষ্ক্ৰিয় কৰে । আৰক্ষীয়ে জনোৱা মতে, পুৱা প্ৰায় ১০ বজাত স্থানীয় একাংশ লোকে নমন্দৰ গাঁৱৰ সমীপৰ প্ৰতাপ খালত এটা মৰ্টাৰ শ্বেল দেখা পায় । এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হয় আৰু পিছত বোমা নিষ্কাশন দল উপস্থিত হৈ বিস্ফোৰক সামগ্ৰীসমূহ নিৰাপদে নিষ্ক্ৰিয় কৰে ।

শোকাৱহ; পাহাৰৰ পৰা তলত পৰিল সেনা জোৱানৰ বাহন, থিতাতে নিহত দুই

শনিবাৰে জম্মু আৰু কাশ্মীৰৰ বান্দিপোৰাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ এটা পাহাৰৰ পৰা তললৈ সেনাৰ এখন বাহন।

এই দুৰ্ঘটনাত দুজন সৈনিকৰ নিহত হোৱাৰ লগতে আন পাঁচজন গুৰুতৰভাৱে আহত হৈছে।জানিব পৰা মতে সেনা বাহিনীৰ বাহনখনে বান্দিপোৰাৰ সদৰ কুট পাইন অঞ্চলৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই। যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। এটা টাৰ্ণিঙত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল বাহনখন।

দুৰ্ঘটনাটোৰ পিছত ততাতৈয়াকৈ সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।ঘটনাস্থলীত নিৰাপত্তা বাহিনী আৰু আৰক্ষী কৰ্মী উপস্থিত হয়। যোৱা ২০ দিনত এইটো তৃতীয় ঘটনা সেনাৰ বাহন দুৰ্ঘটনাত পতিত হোৱা।