আমেৰিকাত বন্ধ হৈ গ’ল টিকটক, নিষেধাজ্ঞাৰ পিছতে আতঁৰোৱা হ’ল প্লে ষ্ট’ৰৰ পৰাও

আমেৰিকাত বন্ধ হৈ গ’ল টিকটক, নিষেধাজ্ঞাৰ পিছতে আতঁৰোৱা হ’ল প্লে ষ্ট’ৰৰ পৰাও

শনিবাৰে সন্ধিয়াৰ পৰা আমেৰিকাত বন্ধ হৈ আছে টিকটক এপ । আচলতে আমেৰিকাত টিকটক নিষিদ্ধ কৰা হৈছে, তাৰ পিছত এই আইন কাৰ্যকৰী হোৱাৰ আগতেই আমেৰিকাত টিকটকৰ কাম-কাজ বন্ধ হৈ গৈছে । ব্যৱহাৰকাৰীয়ে এপটোত ভিডিঅ’ চাব পৰা নাই । ব্যৱহাৰকাৰীসকলে এপটোত এটা বাৰ্তা দেখিছে, য’ত তেওঁলোকক এপটোৰ

শনিবাৰে সন্ধিয়াৰ পৰা আমেৰিকাত বন্ধ হৈ আছে টিকটক এপ । আচলতে আমেৰিকাত টিকটক নিষিদ্ধ কৰা হৈছে, তাৰ পিছত এই আইন কাৰ্যকৰী হোৱাৰ আগতেই আমেৰিকাত টিকটকৰ কাম-কাজ বন্ধ হৈ গৈছে । ব্যৱহাৰকাৰীয়ে এপটোত ভিডিঅ’ চাব পৰা নাই । ব্যৱহাৰকাৰীসকলে এপটোত এটা বাৰ্তা দেখিছে, য’ত তেওঁলোকক এপটোৰ ওপৰত নিষেধাজ্ঞাৰ বিষয়ে অৱগত কৰা হৈছে । যি কি নহওক বাৰ্তাটোত কোৱা হৈছে আমাৰ সৈতে সংযুক্ত হৈ থাকক । এনে পৰিস্থিতিত অতি সোনকালে ই পুনৰ কাৰ্ক্ষম হৈ উঠিব পাৰে বুলি আশা কৰা হৈছে ।

প্ৰধান প্লে ষ্ট’ৰৰ পৰা আঁতৰোৱা হ’ল এপ-

প্ৰধান প্লে ষ্ট’ৰৰ পৰাও আঁতৰাই দিয়া হৈছে টিকটক । এপল আৰু গুগল প্লে ষ্ট’ৰত দৃশ্যমান হোৱা নাই টিকটক এপ । শেহতীয়াকৈ আমেৰিকা চৰকাৰে আইন প্ৰণয়ন কৰি টিকটক নিষিদ্ধ কৰিছিল । আমেৰিকাৰ উচ্চতম ন্যায়ালয়েও টিকটকৰ মূল কোম্পানী বাইটেডেন্সক আমেৰিকাত এই এপটো চলোৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে । অৱশ্যে এইটোও কোৱা হৈছে যে যদি কোনো আমেৰিকান কোম্পানীয়ে বাইটডান্সৰ শ্বেয়াৰ ক্ৰয় কৰি টিকটক চলায় তেন্তে আমেৰিকাত এই এপটোৱে কাম কৰি যাব পাৰে । এই আইন অনুসৰি ১৯ জানুৱাৰীৰ পৰা আমেৰিকাত টিকটক নিষিদ্ধ কৰা হৈছে । অৱশ্যে আমেৰিকাৰ এটা কোম্পানীক বাইটডান্সৰ শ্বেয়াৰ বিক্ৰী কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ।

ট্ৰাম্পে অব্যাহত ৰখাৰ ইংগিত দিয়ে-

পূৰ্বে ড’নাল্ড ট্ৰাম্পে টিকটক নিষিদ্ধ কৰাৰ পক্ষত আছিল যদিও এতিয়া তেওঁ আমেৰিকাত টিকটক অব্যাহত ৰাখিব পাৰিব বুলি ইংগিত দিছে । সংবাদ মাধ্যমৰ বাতৰিতো দাবী কৰা হৈছে যে ইলন মাস্কে বাইটডান্সৰ শ্বেয়াৰ ক্ৰয় কৰিব পাৰে, কিন্তু এই কথা এতিয়াও নিশ্চিত হোৱা নাই । নিৰাপত্তাজনিত চিন্তাৰ বাবে আমেৰিকাত নিষিদ্ধ কৰা হৈছে টিকটক । আমেৰিকাৰ অভিযোগ যে চীনে টিকটক ব্যৱহাৰকাৰীৰ তথ্য সংগ্ৰহ কৰি আছে । আমেৰিকাত টিকটকৰ ১৭ কোটি ব্যৱহাৰকাৰী আছে ।