বিৰাট কোহলীৰ পিছত এতিয়া এদিনীয়া শৃংখলাৰ পৰা বঞ্চিত হ’ব নেকি ৰোহিত শৰ্মা?

 বিৰাট কোহলীৰ পিছত এতিয়া এদিনীয়া শৃংখলাৰ পৰা বঞ্চিত হ’ব নেকি ৰোহিত শৰ্মা?

বিৰাট কোহলীৰ পিছতে আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ পৰা ৰোহিত শৰ্মা বাহিৰ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। আই পি এল ২০২৬ সমাপ্ত হোৱাৰ লগে লগে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ চকু ১৩ জুনত আৰম্ভ হ’বলগীয়া আফগানিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাত নিৱদ্ধ হৈ আছে। অৱশ্যে এদিনীয়া শৃংখলা আৰম্ভ

বিৰাট কোহলীৰ পিছতে আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ পৰা ৰোহিত শৰ্মা বাহিৰ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

আই পি এল ২০২৬ সমাপ্ত হোৱাৰ লগে লগে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ চকু ১৩ জুনত আৰম্ভ হ’বলগীয়া আফগানিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাত নিৱদ্ধ হৈ আছে। অৱশ্যে এদিনীয়া শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেও টিম ইণ্ডিয়াই কেৱল এটাই নহয়, দুটা ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হোৱা যেন দেখা গৈছে।প্ৰথমে খবৰ আহিছিল যে হেমষ্ট্ৰিং আঘাতৰ বাবে বিৰাট কোহলী দলৰ পৰা বাদ পৰিছে। এতিয়া তাৰকা বেটছমেন তথা প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ ফিটনেছেও ভাৰতীয় দলৰ উদ্বেগ বৃদ্ধি কৰিছে।

আফগানিস্তান এদিনীয়া শৃংখলাৰ বাবে ৰোহিত শৰ্মাৰ অংশগ্ৰহণ সন্দেহজনক।আই পি এল ২০২৬ৰ সময়ত হোৱা হেমষ্ট্ৰিঙৰ আঘাতৰ পৰা এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ৰোহিত শৰ্মা। উল্লেখ্য যে হেমষ্ট্ৰিং আঘাতৰ বাবেই ৰোহিতে আইপিএলৰ কেইখনমান মেচ খেলিব পৰা নাছিল। অৱশ্যে ‘হিটমেন’ক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু তেওঁ খেলিবনে নাই সেয়া ফিটনেছৰ ওপৰতহে নিৰ্ভৰ কৰিব।

অৱশ্যে মন কৰিবলগীয়া কথাটো হ’ল যে এতিয়ালৈকে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ আঘাত তথা ফিটনেছ আপডেট সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ বিচিচিআইৰ ফালৰ পৰা কোনো আনুষ্ঠানিক তথ্য প্ৰদান কৰা হোৱা নাই।

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে তাৰকা খেলুৱৈৰ অনুপস্থিতিত আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টিম ইণ্ডিয়া বিপদত পৰা দেখা যাব পাৰে। শৃংখলাটোৰ বাবে দুয়োগৰাকী খেলুৱৈৰ অভিজ্ঞতাই বহুত গুৰুত্ব বহন কৰিব। এতিয়া দুয়োজনে শৃংখলাটোত খেলিব পাৰিবনে নাই, সেয়া প্ৰশ্নবোধক হৈ পৰিছে।

লগতে পঢ়ক: ২০২৬ৰ ফিফা বিশ্বকাপত ইতিহাস ৰচনাৰ দিশে ভাৰতৰ তাহচিন মহম্মদ জামছিদ