২০২৬ৰ ফিফা বিশ্বকাপত ইতিহাস ৰচনাৰ দিশে ভাৰতৰ তাহচিন মহম্মদ জামছিদ

২০২৬ৰ ফিফা বিশ্বকাপত ইতিহাস ৰচনাৰ দিশে ভাৰতৰ তাহচিন মহম্মদ জামছিদ

২০২৬ চনৰ ফিফা বিশ্বকাপ ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে অধিক বিশেষ হ’বলৈ গৈ আছে ১২ জুনৰ পৰা অনুষ্ঠিত হ’ব ফিফা ফুটবল বিশ্বকাপ । অৱশ্যে এই প্ৰতিযোগিতাত আনুষ্ঠানিকভাৱে ভাৰতৰ দল নাই যদিও সমগ্ৰ দেশতে ফুটবল বিশ্বকাপক লৈ এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । ক্ৰিকেট উন্মাদনাৰ মাজতে চাহ দোকানৰ

২০২৬ চনৰ ফিফা বিশ্বকাপ ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে অধিক বিশেষ হ’বলৈ গৈ আছে


১২ জুনৰ পৰা অনুষ্ঠিত হ’ব ফিফা ফুটবল বিশ্বকাপ । অৱশ্যে এই প্ৰতিযোগিতাত আনুষ্ঠানিকভাৱে ভাৰতৰ দল নাই যদিও সমগ্ৰ দেশতে ফুটবল বিশ্বকাপক লৈ এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । ক্ৰিকেট উন্মাদনাৰ মাজতে চাহ দোকানৰ পৰা কাৰ্যালয়লৈকে এই সময়ছোৱাত কেৱল ফুটবলৰেই চৰ্চা চলে । কিন্তু এইবাৰৰ, ২০২৬ চনৰ ফিফা বিশ্বকাপ ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে অধিক বিশেষ হ’বলৈ গৈ আছে । ভাৰতীয় মূলৰ, বিশেষকৈ কেৰেলা আৰু তামিলনাডুৰ সৈতে সম্পৰ্ক থকা দুজন প্ৰতিভাশালী যুৱ ফুটবলাৰে এইবাৰ বিশ্বমঞ্চত ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে ।

কাটাৰৰ দলত কেৰেলাৰ তাহচিন : এক ঐতিহাসিক যাত্ৰা

কাটাৰৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক হুলেন লোপেটেগুইয়ে ঘোষণা কৰা ২৬ জনীয়া বিশ্বকাপ দলত স্থান লাভ কৰিছে ভাৰতীয় মূলৰ ১৯ বছৰীয়া তৰুণ ফুটবলাৰ তাহচিন মহম্মদ জামছিদে । তাহচিনৰ এই নিৰ্বাচনে কেৰেলাৰ ফুটবল অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে । যদি তেওঁ খেলপথাৰত নামিবলৈ সুযোগ পায়, তেন্তে তেওঁ হ’ব ফিফা বিশ্বকাপৰ মূল পৰ্বত খেলা কেৰেলাৰ শিপা থকা তথা ভাৰতীয় মূলৰ সৰ্বপ্ৰথম খেলুৱৈ ।

কান্নুৰৰ পৰা দোহালৈ :

তাহচিনৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল দোহাত । তেওঁৰ পিতৃ জামছিদ কেৰেলাৰ থলাছেৰীৰ আৰু মাতৃ শ্বাইমা কান্নুৰ জিলাৰ ভালা পট্টনমৰ বাসিন্দা । ১৯৯৬ চনতে তেওঁলোকৰ পৰিয়ালটো কাটাৰলৈ স্থানান্তৰিত হৈছিল ।

এচ্পায়াৰ একাডেমীৰ উৎপাদন :

কাটাৰৰ বিখ্যাত ‘এচ্পায়াৰ একাডেমী’ৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত তাহচিনে ইতিমধ্যে কাটাৰৰ ১৭ বছৰ আৰু ১৯ বছৰ অনুৰ্ধ দলক প্ৰতিনিধিত্ব কৰিছে । ইয়াৰ উপৰি, তেওঁ দেশখনৰ শীৰ্ষ ফুটবল লীগ ‘কাটাৰ ষ্টাৰ্ছ লীগ’ত অল দুহাইল (Al Duhail) দলৰ হৈ খেলি ইতিহাস সৃষ্টি কৰিছিল ।

খেলৰ শৈলী :

বাওঁ উইংগাৰ (Left Winger) হিচাপে খেলা তাহচিন তেওঁৰ দ্ৰুত গতি আৰু উৎকৃষ্ট ড্ৰিবলিং ক্ষমতাৰ বাবে পৰিচিত । আফগানিস্তানৰ বিৰুদ্ধে বিশ্বকাপ কোৱালিফায়াৰ মেচত তেওঁৰ জ্যেষ্ঠ দলত অভিষেক ঘটিছিল ।

দৌৰত আছে অষ্ট্ৰেলিয়াৰ নিশান ভেলুপিল্লাইও-

কেৰেলাৰ তাহচিনৰ সমান্তৰালভাৱে ভাৰতীয় মূলৰ আন এজন খেলুৱৈয়ো এইবাৰ বিশ্বকাপৰ মঞ্চ কঁপাবলৈ সাজু হৈছে । অষ্ট্ৰেলিয়াৰ ২৬ জনীয়া বিশ্বকাপ দলত স্থান লাভ কৰিছে মেলবৰ্ণ ভিক্টৰীৰ ২৫ বছৰীয়া গতিশীল উইংগাৰ নিশান ভেলুপিল্লাই । নিশানৰ পূৰ্বপুৰুষৰ শিপা কেৰেলাৰ চুবুৰীয়া ৰাজ্য তামিলনাডুৰ সৈতে জড়িত ।

ঐতিহাসিক মুহূৰ্তৰ অপেক্ষা-

যদিও ভাৰতীয় ফুটবল দলটোৱে ৪৮ টা দলৰ এই বৰ্ধিত বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে, তথাপিও তাহচিন আৰু নিশানৰ দৰে খেলুৱৈৰ জৰিয়তে ভাৰতৰ নাম বিশ্বমঞ্চত উচ্চাৰিত হ’ব । এতিয়া ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসুকতা বৃদ্ধি পাইছে যে তহচিন নে নিশান, কোনে প্ৰথমে বিশ্বকাপৰ মূল খেলপথাৰত ভৰি দি ইতিহাসৰ স্বৰ্ণিল পৃষ্ঠাত নাম লিপিৱদ্ধ কৰিব ?  তাৰ বাবে এতিয়া সমগ্ৰ ক্ৰীড়া বিশ্বই অপেক্ষা কৰিব লাগিব ।

লগতে পঢ়ক : “বিশ্ব অভিযান”ৰ বাবে সাজু ক্ৰিষ্টিয়ানো ৰোনাল্ডো; ষষ্ঠবাৰৰ বাবে খেলিব বিশ্বকাপ

শেহতীয়া প্ৰৱন্ধসমূহ