ফুটবল জগতৰ প্ৰায় সকলো সন্মানীয় খিতাপ বুটলি লোৱা ৰোনাল্ডোৰ কেৰিয়াৰত কেৱল এটাই অভাৱ- এটা বিশ্বকাপ ট্ৰফী
পৰ্তুগালৰ ফুটবল কিংবদন্তী ক্ৰিষ্টিয়ানো ৰোনাল্ডো আকৌ এবাৰ বিশ্ব জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে । আগন্তুক ফিফা বিশ্বকাপৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে ৪১ বছৰীয়া তাৰকা খেলুৱৈগৰাকীয়ে ইতিমধ্যে দলৰ সৈতে তীব্ৰ প্ৰশিক্ষণ আৰম্ভ কৰি দিছে ।
শেহতীয়াকৈ পৰ্তুগাল দলৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পৰা প্ৰশিক্ষণ শিবিৰৰ এখন বিশেষ ছবি শ্বেয়াৰ কৰা হৈছে, য’ত দলৰ খেলুৱৈসকলক অত্যন্ত উৎফুল্লিত আৰু হাঁহিমুখে প’জ দি থকা দেখা গৈছে । আনহাতে, স্বয়ং ৰোনাল্ডোৱেও নিজৰ প্ৰশিক্ষণৰ ছবি প’ষ্ট কৰি কেপচন দিছে- “বিশ্ব অভিযান আৰম্ভ হ’ল!” (The World Mission Begins!) ।
অভিলেখ সৃষ্টিকাৰী ষষ্ঠখন বিশ্বকাপ আৰু অলভ্য খিতাপৰ সন্ধান-
ফুটবল জগতৰ প্ৰায় সকলো সন্মানীয় খিতাপ বুটলি লোৱা ৰোনাল্ডোৰ কেৰিয়াৰত কেৱল এটাই অভাৱ- এটা বিশ্বকাপ ট্ৰফী । নিজৰ এই অন্তিম সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ৪১ বছৰীয়া ছুপাৰষ্টাৰগৰাকীয়ে চলিত বৰ্ষত অভিলেখ সৃষ্টিকাৰী ষষ্ঠখন ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰিব । উল্লেখ্য যে, ২০০৪ চনত তেওঁ প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ মঞ্চত আত্মপ্ৰকাশ কৰিছিল ।
পৰ্তুগালৰ খেলৰ সূচী :
গ্রুপ পৰ্যায়ত পৰ্তুগালে এইবাৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ’ব :
১৭ জুন : ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো-ৰ বিৰুদ্ধে প্ৰথমখন মেচেৰে অভিযানৰ আৰম্ভণি ।
২৩ জুন : দ্বিতীয়খন মেচত মুখামুখি হ’ব উজবেকিস্তানৰ ।
২৭ জুন : গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত অৱতীৰ্ণ হ’ব শক্তিশালী কলম্বিয়াৰ বিৰুদ্ধে ।
চৌদি আৰৱত অল নাচৰৰ হৈ ঐতিহাসিক খিতাপ জয়-
বিশ্বকাপৰ পূৰ্বে বৰ্তমান দুৰ্দান্ত ফৰ্মত আছে ক্ৰিষ্টিয়ানো ৰোনাল্ডো । শেহতীয়াকৈ শুকুৰবাৰে নিশা ডেমাকৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ খেলত ৰোনাল্ডোৱে দুটা দৰ্শনীয় গ’ল দি তেওঁৰ ক্লাব ‘অল নাচৰ’ক ৪-১ ব্যৱধানত এক বৃহৎ বিজয় উপহাৰ দিয়ে । এই বিজয়ৰ সৈতে অল নাচৰে তেওঁলোকৰ ইতিহাসৰ ১১ সংখ্যক ‘চৌদি প্ৰ’ লীগ’ (SPL) খিতাপ অৰ্জন কৰে । ২০২৩ চনৰ জানুৱাৰী মাহত ক্লাবটোত যোগদান কৰাৰ পিছত চৌদি আৰৱৰ মাটিত ছুপাৰষ্টাৰগৰাকীৰ এয়া প্ৰথমটো লীগ খিতাপ, যাৰ জৰিয়তে তেওঁ পুনৰ এবাৰ প্ৰমাণ কৰিলে যে বয়স কেৱল এটা সংখ্যাহে !
লগতে পঢ়ক : প্ৰথমে ফিটনেছ, তাৰ পিছতহে দলত স্থান! হাৰ্দিক পাণ্ডিয়া-ৰোহিত শৰ্মাক BCCI-ৰ আল্টিমেটাম









