আব্দুৰ ৰহিম বাক্ষী

‘তোমাৰ ডিঙিত এচিড ঢালি জ্বলাই দিম’; বিজেপি বিধায়কক ভাবুকি টিএমচিৰ নেতা আব্দুৰ ৰহিম বাক্ষীৰ

বিজেপি বিধায়কক ভাবুকি টিএমচিৰ নেতা আব্দুৰ ৰহিম বাক্ষীৰ পশ্চিমবংগৰ মালদাত পুনৰ মঞ্চৰ পৰা এক ভয়ংকৰ মন্তব্য কৰিলে তৃণমূল কংগ্ৰেছৰ মালদা জিলা তৃণমূলৰ সভাপতি আব্দুৰ ৰহিম বাক্ষীয়ে। এইবাৰ তালিবানী ষ্টাইলত বিজেপিক ভাবুকি দিলে তৃণমূলৰ জিলা সভাপতি গৰাকীয়ে!আব্দুৰ ৰহিম বাক্ষীয়ে বিজেপি বিধায়কৰ ডিঙিত এচিড ঢালি মাত নিস্তব্ধ

বিজেপি বিধায়কক ভাবুকি টিএমচিৰ নেতা আব্দুৰ ৰহিম বাক্ষীৰ

পশ্চিমবংগৰ মালদাত পুনৰ মঞ্চৰ পৰা এক ভয়ংকৰ মন্তব্য কৰিলে তৃণমূল কংগ্ৰেছৰ মালদা জিলা তৃণমূলৰ সভাপতি আব্দুৰ ৰহিম বাক্ষীয়ে।

এইবাৰ তালিবানী ষ্টাইলত বিজেপিক ভাবুকি দিলে তৃণমূলৰ জিলা সভাপতি গৰাকীয়ে!আব্দুৰ ৰহিম বাক্ষীয়ে বিজেপি বিধায়কৰ ডিঙিত এচিড ঢালি মাত নিস্তব্ধ কৰি ৰাখিব বুলিও সকীয়াই দিয়ে।

যদি বিজেপি অঞ্চললৈ আহে তেনেহলে তেওঁলোকক বহিষ্কাৰ কৰাৰ লগতে পতাকাও ফালি দিব।লগতে সাংসদক প্ৰহাৰ কৰাৰ হুংকাৰ দিয়ে। মালদা জিলা তৃণমূলৰ সভাপতি আব্দুৰ ৰহিম বাক্ষীৰ এই বক্তব্যক লৈ এতি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

শনিবাৰে বিয়লি মালদাৰ মালতিপুৰ বিধান সভা সমষ্টিৰ ইনায়ত নগৰত ব্লক তৃণমূল কংগ্ৰেছৰ দ্বাৰা আন ৰাজ্যত বাঙালীৰ ওপৰত হৈ থকা আক্ৰমণ আৰু বাংলা ভাষাৰ অপমানৰ বিৰুদ্ধে এটা প্ৰতিবাদী ৰেলীৰ আয়োজন কৰা হৈছিল।এই সময়ছোৱাত টিএমচিৰ জিলা সভাপতি গৰাকীয়ে এই বিতৰ্কিত বক্তব্য প্ৰদান কৰে।

যি সময়ত টিএমচিৰ জিলা সভাপতিয়ে বিজেপি নেতাৰ ডিঙিত এচিড ঢালি দিয়াৰ কথা কৈছিল,সেই সময়ত স্থানীয় বিধায়ক আৰু জিলা তৃণমূলৰ সভাপতি আব্দুৰ ৰহিম বাক্ষী, জিলা পৰিষদৰ সদস্য আব্দুল হাই, ৰেহানা পাৰবীন আদি উপস্থিত আছিল।

শিলিগুৰি বিজেপিৰ বিধায়ক শংকৰ ঘোষৰ নাম নোলোৱাকৈয়ে তেওঁ কয়, যিকোনো বিজেপি বিধায়কে বংগৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকসকলক বাংলাদেশী ৰোহিংগীয়া বুলি মাতিব, তেওঁৰ ডিঙিত এনেদৰে এচিড ঢালি দিয়া হ’ব যে তেওঁৰ মাতটোৱেই নোহোৱা হৈ যাব।

লগতে পঢ়ক: ‘স্নেহাৰ মাতৃয়ে এতিয়াও পোৱা নাই ন্যায়’; মোদী চৰকাৰক আক্ৰমণ তেজস্বী যাদৱৰ

শেহতীয়া প্ৰৱন্ধসমূহ