পৃথিৱীলৈ ৰাওনা সুনীতা উইলিয়ামছক কঢ়িয়াই অনা স্পেচএক্স কেপচুল...

পৃথিৱীলৈ ৰাওনা সুনীতা উইলিয়ামছক কঢ়িয়াই অনা স্পেচএক্স কেপচুল… ক’ত কৰিব অৱতৰণ

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰক কঢ়িয়াই অনা স্পেচএক্স কেপচুল পৃথিৱীলৈ ৰাওনা হৈছে । বুধবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৩:২৭ বজাত পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ । আজি পুৱা আই এছ এছৰ পৰা আনডক কৰিলে

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰক কঢ়িয়াই অনা স্পেচএক্স কেপচুল পৃথিৱীলৈ ৰাওনা হৈছে । বুধবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৩:২৭ বজাত পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ । আজি পুৱা আই এছ এছৰ পৰা আনডক কৰিলে সুনীত উইলিয়ামছ আৰু আন তিনিজন মহাকাশচাৰীয়ে । মহাকাশচাৰীসকলৰ এই যাত্ৰাত ১৭ ঘণ্টা সময় লাগিব । তেওঁলোকে ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব ।

এসপ্তাহৰ যাত্ৰা ন মাহলৈ পৰিণত হ’ল-

সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে ২০২৪ চনৰ ৫ জুনত নাছাৰ অভিযানৰ অংশ হিচাপে বয়িং মহাকাশযানেৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিছিল । মাত্ৰ এসপ্তাহৰ বাবে তেওঁলোক তালৈ গৈছিল যদিও মহাকাশযানখনৰ কাৰিকৰী বিজুতিৰ বাবে দুয়োজনেই পৃথিৱীলৈ ঘূৰি আহিব পৰা নাছিল । দুয়োৰে বাবে ১০ দিনীয়া মিছন ৯ মাহৰ ওপৰৰ অপেক্ষালৈ পৰিণত হ’ল ।

১৮ মাৰ্চৰ সন্ধিয়াৰ পূৰ্বানুমান কৰা অনুকূল পৰিস্থিতিৰ ভিত্তিত ক্ৰু-৯ৰ বাবে পূৰ্বৰ উভতি অহাৰ সুযোগ লক্ষ্য কৰি মিছন পৰিচালকে কাম কৰি আছে । ইতিমধ্যে চাৰিজন মহাকাশচাৰীক এৰি সুনীতা আৰু বুশ্বক নিবলৈ আই এছ এছত উপস্থিত হয় ড্ৰেগন ক্ৰাফ্টখন । ইফালে সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে মিছন সম্পৰ্কীয় তথ্য ভাগ-বতৰা কৰি তেওঁলোকৰ ঠাইত অহা চাৰিজন নতুন মহাকাশচাৰীক কেইবাটাও গুৰুত্বপূৰ্ণ কথা শিকাই ।

দুয়োজন যাত্ৰী ৯ মাহ পূৰ্বে এসপ্তাহৰ বাবে আই এছ এছলৈ গৈছিল যদিও তেওঁলোকৰ ষ্টাৰলাইনাৰ মহাকাশযানৰ বিজুতি ঘটিছিল আৰু তেওঁলোক তাত আবদ্ধ হৈ পৰিছিল । এতিয়া তেওঁলোকৰ উভতি অহাৰ বাবে ব্যৱহাৰ কৰা হৈছে SpaceX Dragon । নাছাৰ মহাকাশচাৰী নিক হেগ আৰু ৰস্কচমছৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভও ড্ৰেগন কেপচুলত ঘূৰি আহিব । নাছাৰ ষ্টিভ ষ্টিচে কয় যে বুশ্ব আৰু সুনীতাই এক ডাঙৰ কাম কৰিছে আৰু আমি তেওঁলোকক ঘূৰাই আনিবলৈ উৎসাহিত হৈছো ।

শেহতীয়া প্ৰৱন্ধসমূহ