অভিনেতা বিজয় ৰাজক ক্লিন চিট ন্যায়ালয়ৰ; যৌন নিৰ্যাতনৰ গোচৰত দোষমুক্ত

বলীউডৰ অভিনেতা বিজয় ৰাজৰ নাম সকলোৱে জানে।তেওঁ বহুটো ছুপাৰহিট ছবিত অভিনয় কৰিছে। সাধাৰণতে তেওঁ বহু ছবিত কমিক ৰ’ল কৰে। কিন্তু কিছুদিন ধৰি ব্যক্তিগত জীৱনত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, যাৰ পৰা তেওঁ এতিয়া সকাহ পাইছে।তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰৰ পৰা তেওঁক দোষমুক্ত কৰা হৈছে। ২০২০

বলীউডৰ অভিনেতা বিজয় ৰাজৰ নাম সকলোৱে জানে।তেওঁ বহুটো ছুপাৰহিট ছবিত অভিনয় কৰিছে। সাধাৰণতে তেওঁ বহু ছবিত কমিক ৰ’ল কৰে।

কিন্তু কিছুদিন ধৰি ব্যক্তিগত জীৱনত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, যাৰ পৰা তেওঁ এতিয়া সকাহ পাইছে।তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰৰ পৰা তেওঁক দোষমুক্ত কৰা হৈছে।

২০২০ চনত অভিনেতা বিজয় ৰাজ বিদ্যা বালান অভিনীত ছবি ‘শ্বেৰনী’ৰ অংশ আছিল।এই সময়ছোৱাত চেটটোৰ এগৰাকী মহিলা ক্ৰু মেম্বাৰে অভিনেতা গৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ষ্টাকিংৰ অভিযোগ উত্থাপন হৈছিল।

কিন্তু এতিয়া প্ৰায় ৪ বছৰৰ পাছত মুম্বাইৰ গণ্ডিয়া দণ্ডাধীশ আদালতে বিচাৰৰ পিছত তেওঁক এই গোচৰৰ পৰা মুক্ত কৰিছে আৰু তেওঁৰ বিৰুদ্ধে থকা সকলো অভিযোগো খাৰিজ কৰিছে।

তেওঁৰ গোচৰৰ বিৰুদ্ধে যুঁজি থকা জনপ্ৰিয় চেলিব্ৰিটি অধিবক্তা সবিনা বেদী সচ্চাৰে কৈছিল যে, অভিনেতা বিজয়ে ২০২০ চনত নাগপুৰ চহৰৰ সমীপত ‘শ্বেৰনী’ৰ শ্বুটিং কৰি আছিল।

এই সময়ছোৱাত যেতিয়া বিজয় ৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল, তেতিয়া তেওঁ কেৱল শ্বুটিংৰ মাজভাগতে এৰিবলগীয়া হোৱাই নহয়, বহু ছবি আৰু প্ৰজেক্টো তেওঁৰ পৰা কাঢ়ি লৈ ​​গৈছিল।

কিন্তু এতিয়া তেওঁ নিৰ্দোষী বুলি প্ৰমাণিত হৈছে আৰু তেওঁ আশা কৰে যে অভিযোগ উত্থাপন হোৱাৰ লগে লগে কাৰোবাক দোষী ঘোষণা কৰাসকলৰ বাবে এই গোচৰটোৱে আদৰ্শ দাঙি ধৰিব।