আজিৰ দিনটোতে ভাৰতে জয় কৰিছিল ২০১১ চনৰ এদিনীয়া বিশ্বকাপ

আজিৰ দিনটোতে ভাৰতে জয় কৰিছিল ২০১১ চনৰ এদিনীয়া বিশ্বকাপ, ট্ৰফী তুলি লৈ আবেগিক হৈ পৰিছিল ভাৰতীয় খেলুৱৈ

এম এছ ধোনীৰ অধিনায়কত্বত ২০১১ চনৰ আজিৰ দিনটোতে ভাৰতে শ্ৰীলংকাক ফাইনেলত পৰাস্ত কৰি দ্বিতীয়টো এদিনীয়া বিশ্বকাপ খিতাপ দখল কৰিছিল । ২৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি বীৰেন্দ্ৰ ছেহৱাগ আৰু শচীন টেণ্ডুলকাৰ কম সময়ৰ ভিতৰতে পেভিলিয়নমুখী হোৱাৰ পিছত গৌতম গম্ভীৰ আৰু বিৰাট কোহলীয়ে ইনিংছ চম্ভালি লয় ।

এম এছ ধোনীৰ অধিনায়কত্বত ২০১১ চনৰ আজিৰ দিনটোতে ভাৰতে শ্ৰীলংকাক ফাইনেলত পৰাস্ত কৰি দ্বিতীয়টো এদিনীয়া বিশ্বকাপ খিতাপ দখল কৰিছিল । ২৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি বীৰেন্দ্ৰ ছেহৱাগ আৰু শচীন টেণ্ডুলকাৰ কম সময়ৰ ভিতৰতে পেভিলিয়নমুখী হোৱাৰ পিছত গৌতম গম্ভীৰ আৰু বিৰাট কোহলীয়ে ইনিংছ চম্ভালি লয় । ইয়াৰ পাছত এম এছ ধোনীয়ে ৯১ ৰানৰ অপৰাজিত ইনিংছ খেলি টিম ইণ্ডিয়াক জয়ৰ দিশে আগুৱাই লৈ যায় । তাৰ পিছত ধোনীৰ মেচ বিজয়ী ছয় আইকনিক হৈ পৰে ।

শ্ৰীলংকাৰ অধিনায়ক কুমাৰ ছাগ্গাকাৰাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । মহেলা জয়ৱৰ্ধনেৰ শতক (১০৩)ৰ সহায়ত দলটোৱে ২৭৪ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ জাহীৰ খান আৰু যুৱৰাজ সিঙে ২টাকৈ উইকেট দখল কৰে । ইয়াৰ পাছত লক্ষ্য অনুসৰণ কৰাৰ সময়ত লাচিথ মালিংগাৰ দ্বাৰা কৰা বলিঙৰ প্ৰথম অভাৰৰ দ্বিতীয়টো বলত এল বি ডব্লিউ হয় বীৰেন্দ্ৰ ছেহৱাগ ।

শচীন আউট হোৱাৰ লগে লগে উশাহ বন্ধ হৈ পৰিছিল ভাৰতীয় অনুৰাগীৰ-

মলিংগাই সপ্তম অভাৰৰ প্ৰথম বলত শচীন টেণ্ডুলকাৰ (১৮)ক আউট কৰে । এই সময়ত ৩১ ৰানত দুয়োগৰাকী অপেনিং বেটছমেনক হেৰুৱাই শলঠেকত পৰা টিম ইণ্ডিয়াৰ অনুৰাগীসকল শ্বাসৰুদ্ধ হৈ পৰিছিল । কিন্তু ইয়াৰ পাছতে গৌতম গম্ভীৰে প্ৰথমে বিৰাট কোহলী (৩৫)ৰ সৈতে ৮৩ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ইয়াৰ পিছত তেওঁ এম এছ ধোনীৰ সৈতে ১০৯ ৰানৰ অংশীদাৰিত্ব গঢ়ে । গম্ভীৰ আউট হোৱাৰ সময়ত ভাৰতে মেচখনত নিজৰ স্থিতি সবল কৰিছিল । গৌতম গম্ভীৰে ১২২টা বলত ৯৭ ৰানৰ শক্তিশালী ইনিংছ খেলিছিল ।

এম এছ ধোনীৰ মেচ বিজয়ী ছয়, আবেগিক হৈ পৰিছিল ভাৰতীয় খেলুৱৈ-

এম এছ ধোনীয়ে, গম্ভীৰৰ সৈতে অংশীদাৰিত্বৰ গঢ়াৰ পিছত, যুৱৰাজ সিঙৰ সৈতে ইনিংছ আগুৱাই লৈ যায় । ধোনীয়ে ৭৯টা বলত ৯১ ৰান সংগ্ৰহ কৰে, তেওঁ নূৱন কুলাছেকাৰাৰ বিৰুদ্ধে মেচ বিজয়ী ছয় আঘাত কৰে । লগে লগে ২৮ বছৰৰ পাছত ভাৰতে দ্বিতীয়টো এদিনীয়া বিশ্বকাপ লাভ কৰে । এই নিশা ভাৰতত দীপাৱলী উদযাপন কৰা হয়, সমগ্ৰ দেশৰ ৰাজপথত ৰাইজে ভাৰতীয় দলৰ বিজয় উদযাপন কৰিছিল । ফাইনেলত জয়লাভ কৰাৰ পিছত ভাৰতীয় কিংবদন্তি খেলুৱৈসকলে চকুপানী ৰোধ কৰিব নোৱাৰিলে । খেলপথাৰখনতে তেওঁলোকে আনন্দতে কান্দিবলৈ ধৰে । শচীন, গম্ভীৰ, হৰভজন, ধোনী, যুৱৰাজ সিং আদি কিংবদন্তিৰ চকু আনন্দত সিক্ত হৈ পৰিছিল ।

২০১১ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ মূল একাদশ-

বীৰেন্দ্ৰ চেহৱাগ, শচীন তেণ্ডুলকাৰ, গৌতম গম্ভীৰ, বিৰাট কোহলী, এম এছ ধোনী, যুৱৰাজ সিং, সুৰেশ ৰাইনা, হৰভজন সিং, জাহীৰ খান, মুনাফ পেটেল, শ্ৰীশান্ত ।