পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে সাজু এম এছ ধোনী; দিব লাগিব পৰীক্ষা

চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক তথা প্ৰবীণ উইকেটকীপাৰ-বেটছমেন মহেন্দ্ৰ সিং ধোনী আঘাতৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলিব পৰা নাই।

বৰ্তমান এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ যোৱা চেন্নাই ছুপাৰ কিংছৰ বাবে উল্লেখযোগ্য সকাহ প্ৰদান কৰা এটা খবৰ ওলাইছে। দলটোৱে ৫টাকৈ আই পি এল খিতাপ দখল কৰা চেম্পিয়ন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে।এইগৰাকী উইকেটকীপাৰ-বেটছমেনে অহা কেইদিনমানৰ ভিতৰত ফিটনেছ টেষ্ট দিবলৈ সাজু হৈছে।এই আই পি এলৰ এইবাৰৰ ছিজনত ধোনীয়ে এতিয়ালৈকে এখনো মেচ খেলা নাই কাৰণ প্ৰতিযোগিতাখনৰ পূৰ্বে ভৰিত আঘাত পাইছিল।প্ৰথম তিনিখন মেচতো ইতিমধ্যে চি এছ কে পৰাস্ত হৈছে।

এক প্ৰতিবেদন অনুসৰি, ধোনীয়ে কেতিয়া কামবেক কৰিব সেয়া নিৰ্ভৰ কৰিব ফিটনেছ টেষ্টৰ ফলাফলৰ ওপৰত।যদি সকলো ঠিকে থাকে তেন্তে এই শনিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে চি এছ কেৰ পৰৱৰ্তী মেচত ধোনীৰ খেলাৰ সম্ভাৱনা আছে।  ধোনীয়ে নেটত বেটিং আৰম্ভ কৰিছে আৰু কোনো ধৰণৰ বিপদৰ সন্মুখীন হোৱা নাই।অৱশ্যে চি এছ কেৰ দল পৰিচালনাই কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰে আৰু ৪৪ বছৰীয়া ধোনীক খেলপথাৰলৈ লৰালৰিকৈ আনিব বিচৰা নাই।

লগতে পঢ়ক: ‘মই মেচিন নহয়…’; সমালোচনাক লৈ ক্ষোভ উজাৰিলে মহম্মদ শ্বামীয়ে

চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীলৈ বেয়া খবৰ; খেলিব নোৱাৰিব এম এছ ধোনীয়ে

আই পি এল ২০২৬ৰ আৰম্ভণিৰ দিনটোতেই এম এছ ধোনীৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ আহিছে। এইবাৰ ছিজনত ধোনী অবিহনেই দলটোৱে খেলিব লাগিব।

আই পি এল ২০২৬ৰ আৰম্ভ হোৱাৰ ঠিক আগতেই চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীলৈ এটা বেয়া খবৰ আহিছে।প্ৰায় দুসপ্তাহ ধৰি খেলিব নোৱাৰিব চেন্নাই ছুপাৰ কিংছৰ প্ৰবীণ খেলুৱৈ এম এছ ধোনীয়ে। দৰাচলতে ২৮ মাৰ্চ শনিবাৰে চেন্নাই ছুপাৰ কিংছে নিশ্চিত কৰিছিল যে ভৰিত দুখ পাইছে। যাৰ বাবে প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভিক পৰ্যায়ত ধোনী অবিহনেই দলটোৱে খেলিব লাগিব।এম এছ ধোনীয়ে উদ্বোধনী মেচত অংশ ল’ব নোৱাৰিব।

প্ৰতিবেদন অনুসৰি,এম এছ ধোনী এই ছিজনৰ প্ৰথম চাৰিখন মেচত অংশ ল’ব নোৱাৰিবও পাৰে।ধোনীৰ অনুপস্থিতিত দলটোৰ উইকেট ৰক্ষণাবেক্ষণৰ দায়িত্ব সঞ্জু চেমছনে চম্ভালিব পাৰে নতুবা উৰভিল পেটেলে সুযোগ পাব পাৰে।ধোনীয়ে ছিজনৰ প্রথম চাৰিখন মেচত হয়টো অংশ ল’ব নোৱাৰিব৷ছিজনৰ আৰম্ভণিতে ধোনিৰ অনুপস্থিতিয়ে চি এছ কে দলৰ বাবে এক ডাঙৰ পৰীক্ষা হ’ব।

লগতে পঢ়ক: আজিৰে পৰা আৰম্ভ আই পি এলৰ মহাৰণ; বিধ্বংসী ৰূপ ধাৰণ কৰিব বিৰাট কোহলীয়ে 

আই পি এলৰ পৰা অৱসৰ সন্দৰ্ভত ধোনীয়ে প্ৰকাশ কৰিলে পৰিকল্পনা

আই পি এল ২০২৬ সন্দৰ্ভত অনুৰাগীৰ মাজত উৎসাহ বৃদ্ধি পাইছে। ইফালে দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ উদ্যোগৰ এক অনুষ্ঠান এম এছ ধোনীয়ে অৱসৰৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে।

আই পি এলৰ ১৯ সংখ্যক ছিজন আৰম্ভ হোৱাৰ পূৰ্বে দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটোত এম এছ ধোনীয়ে পুনৰবাৰ এটা বক্তব্য আগবঢ়ায়,যিয়ে অনুৰাগীৰ মাজত উৎসাহ বৃদ্ধি কৰিছে। ৪৪ বছৰীয়া ধোনীয়ে ধেমালীতে কয় যে, তেওঁ ৬০ বছৰলৈকে আই পি এল খেলিব পাৰিব।

দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত চি এছ কে অনুৰাগী অনুষ্ঠানৰ সময়ত অভিনেতা শিৱকৰ্থকেয়ানে ধোনীক ধেমালিতে মন্তব্য কৰে যে তেওঁ অৱসৰৰ কথাবোৰ আওকাণ কৰি পৰা লৈকে খেলি থাকিব লাগে। ইয়াৰ উত্তৰত ধোনীয়ে হাঁহি হাঁহি কয় যে, কঠিন হ’ব…কিন্তু চেষ্টা কৰিব পাৰিম। এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।   

লগতে পঢ়ক: পি এছ এল এৰি আই পি এলত আশ্ৰয় দাসুন শানাকাৰ; খঙত অগ্নিশৰ্মা মহছিন নাকভি

এম এছ ধোনীৰ জাৰ্চি নম্বৰ ৭ হ’ব নেকি ইতিহাস;  আই পি এলৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত

আই পি এল ২০২৬ ৰ পূৰ্বে এম এছ ধোনীয়ে নিজৰ আইকনিক জাৰ্চি নম্বৰ ৭ ত্যাগ কৰি ৮ নম্বৰ গ্ৰহণ কৰাৰ ইংগিত দিছে।এই সিদ্ধান্তক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে জাৰ্চি নম্বৰ সলনি কৰি ক্ৰিকেট জগতত আলোড়নৰ সৃষ্টি কৰিছে । ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ ৭ নম্বৰ জাৰ্চি বিগত দুটা দশকত তেওঁৰ পৰিচয় হৈ পৰিছে।

“থালা ৭” কেৱল এটা সংখ্যা নহয়, লাখ লাখ অনুৰাগীৰ বাবে ই এক আৱেগ।ইয়াৰ মাজতে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই অনুৰাগীক স্তম্ভিত কৰি তুলিছে।য’ত ‘ধোনী’ক সৈতে ৮ নম্বৰৰ এটা জাৰ্চিৰ সৈতে দেখা গৈছিল।

ছ’চিয়েল মিডিয়াত এটা ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰি ধোনীয়ে লিখিছে- কিছুমান নম্বৰ আপোনাৰ লগত থাকে…কিন্তু আজি মই ৮ লৈ পৰিৱৰ্তন কৰিছো। ইয়াৰ কাৰণ কি সেই কথা আপোনালোকে শীঘ্ৰেই গম পাব। এই বাৰ্তাই ক্ৰিকেটাৰ গৰাকীৰ অনুৰাগীসকলৰ মাজত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: আই পি এলৰ এটা ছিজনত সৰ্বাধিক ছয় কোবোৱা শীৰ্ষ ৫ গৰাকী বেটছমেন

‘আই পি এল ২০২৬ এম এছ ধোনীৰ শেষ ছিজন হ’ব’; ৰবিন উথাপ্পাই লগালে মোহৰ!

এম এছ ধোনীৰ অৱসৰক লৈ বহু উৰাবাতৰি আহিছে। কিন্তু তাৰ মাজতে ৰবিন উথাপ্পাই এক চাঞ্চল্যকৰ মন্তব্য কৰিছে।

এম এছ ধোনীৰ ভৱিষ্যৎ পৰিকল্পনাক লৈ জল্পনা-কল্পনাৰ অন্ত নোহোৱা হৈছে,কিন্তু এইবাৰ উত্তৰটো আগতকৈ স্পষ্ট যেন লাগিছে।অন্ততঃ ধোনীৰ ঘনিষ্ঠ বুলি গণ্য কৰা এজন ব্যক্তিয়ে এইটোৱেই বিশ্বাস কৰে।

চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অ’পেনাৰ ৰবিন উথাপ্পাই বিশ্বাস কৰে যে আই পি এল ২০২৬ ধোনীৰ খেলুৱৈ হিচাপে শেষ ছিজন হ’ব।

 আই পি এল ২০২৬ৰ মিনি নিলামত CSK এ যুৱ খেলুৱৈৰ ওপৰত কৰা বৃহৎ বিনিয়োগৰ পৰিপ্ৰেক্ষিতত তেওঁ এই কথা কয়।

আই পি এল ২০২৬ৰ মিনি নিলাম কভাৰেজৰ সময়ত উথাপ্পাই কয়,এতিয়া ধোনীৰ ভৱিষ্যত সন্দৰ্ভত কোনো ধৰণৰ জল্পনা-কল্পনাৰ পৰিসৰ নাই।

মই ভাবো ছবিখন এতিয়া যথেষ্ট স্পষ্ট হৈ পৰিছে।এইটো স্পষ্টভাৱে এম এছ ধোনীৰ শেষৰটো ছিজন হ’ব। এতিয়া তেওঁ আৰু এবছৰ খেলিব নে নাই সেই সম্পৰ্কে কোনো জল্পনা-কল্পনা নাই, কোনো অনুমান নাই।এই বছৰৰ পাছত তেওঁ খেলৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ ল’ব।

লগতে পঢ়ক: আই পি এল ২০২৬ : নিলামৰ পিছত জানক ১০টা দলৰ স্কোৱাড ?  কোন কিমানত বিক্ৰী হ’ল ?

আই চি চি হল অৱ ফেমত অন্তৰ্ভূক্ত মহেন্দ্ৰ সিং ধোনী…

আই চি চি হল অৱ ফেমত অন্তৰ্ভূক্ত মহেন্দ্ৰ সিং ধোনী

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক হল অৱ ফেমত অন্তৰ্ভুক্ত কৰিছে । আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় ক্ৰিকেটত তেওঁৰ অতুলনীয় অৱদানৰ বাবে ধোনীলৈ এই সন্মান আগবঢ়োৱা হৈছে । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ মাত্ৰ দুদিন পূৰ্বে লণ্ডনত এক অনুষ্ঠান অনুষ্ঠিত হৈছিল য’ত এম এছ ধোনীকে ধৰি ৭ গৰাকী কিংবদন্তি ক্ৰিকেটাৰক আই চি চি হল অৱ ফেম সন্মান প্ৰদান কৰা হয় ।

এম এছ ধোনীৰ উপৰিও মেথিউ হেডেন, গ্ৰেম স্মিথ, ডেনিয়েল ভেট্টৰী আৰু হাছিম আমলাকো হল অৱ ফেমৰ সন্মানেৰে সন্মানিত কৰা হৈছে । এই তালিকাত অন্তৰ্ভুক্ত হোৱা ১১ সংখ্যক ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ধোনী । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ প্ৰায় ৫ বছৰৰ পাছত ধোনীয়ে এই সন্মান লাভ কৰিছে । ২০২০ চনৰ ১৫ আগষ্টত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ধোনীয়ে । ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেল মেচখন আছিল মহেন্দ্ৰ সিং ধোনীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ ।

‘কেপ্তেইন কুল’ নামেৰে পৰিচিত এম এছ ধোনী ভাৰতৰ অন্যতম সফল অধিনায়ক হিচাপেও পৰিগণিত হৈছে । তেওঁৰ অধিনায়কত্বত ভাৰতে ৩ টা আই চি চি ট্ৰফী লাভ কৰে । ধোনীৰ অধীনত টিম ইণ্ডিয়াই ২০০৭ চনৰ টি-২০ বিশ্বকাপ, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী লাভ কৰে ।

২০০৪ চনত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া মেচৰ জৰিয়তে আন্তৰ্জাতিক ক্ৰিককেটত অভিষেক ঘটাইছিল এম এছ ধোনীয়ে । তিনি বছৰৰ পাছত ২০০৭ চনত তেওঁ টিম ইণ্ডিয়াৰ অধিনায়ক হয় । ২০০৭ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলটোৱে এই যুৱ খেলুৱৈৰ অধিনায়কত্বত খেলিছিল । যেতিয়া ভাৰতে ফাইনেলত পাকিস্তানক পৰাস্ত কৰিছিল তেতিয়া সমগ্ৰ ভাৰতবৰ্ষত আনন্দৰ লহৰ সৃষ্টি হৈছিল । এম এছ ধোনীৰ অধিনায়কত্বত ভাৰতে ২০১০ আৰু ২০১৬ চনত এছিয়া কাপৰ খিতাপো লাভ কৰে । ২০০৮ আৰু ২০০৯ চনত তেওঁ আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে ।

আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত এইসকল ভাৰতীয়-

এই পৰ্যন্ত আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা ভাৰতীয়ৰ নামঃ এম এছ ধোনী, নীতু ডেভিদ, ডায়েনা এদুলজী, শচীন টেণ্ডুলকাৰ, ভীনু মানকাদ, ৰাহুল দ্ৰাবিড়, অনিল কুম্বলে, কপিল দেৱ, বিষেন সিং বেদী আৰু সুনীল গাভাস্কাৰ ।

লগতে পঢ়ক : গুৰু গম্ভীৰৰ নিৰীক্ষণত কঠোৰ অনুশীলন ভাৰতীয় টেষ্ট দলৰ; ২০ জুনত প্ৰথম টেষ্ট

চেন্নাই দলৰ বাবে পুনৰ নেতৃত্ব দিব এম এছ ধোনীয়ে;  সমগ্ৰ আই পি এলৰ পৰা বাহিৰ হ’ল ৰুতুৰাজ গাইকৱাদ

আই পি এলত পুনৰ অধিনায়ক হিচাপে দেখা যাব এম এছ ধোনীক। ২০২৩ চনত ধোনীৰ অধিনায়কত্বত চেন্নাইয়ে আই পি এল খিতাপ দখল কৰে।

তেতিয়াৰ পৰাই এম এছ ধোনীয়ে ধাৰাবাহিকভাৱে আই পি এল খেলি আহিছে, কিন্তু তেওঁক কেৱল খেলুৱৈ হিচাপেহে দেখা যায়।

কিন্তু এতিয়া চলিত বৰ্ষৰ আই পি এলৰ বাকী থকা মেচসমূহত পুনৰ দলটোক নেতৃত্ব দিব এম এছ ধোনীয়ে।ইফালে খবৰ আহিছে যে ৰুতুৰাজ গাইকৱাদ সমগ্ৰ চিজনটোৰ পৰা বাহিৰ হৈছে।জানিব পৰা মতে যে তেওঁৰ কিলাকুটিৰ হাড় ফাটিছে।

চেন্নাই ছুপাৰ কিংছৰ দলটোৱে এইবাৰ আই পি এলত এতিয়ালৈকে পাঁচখন খেল খেলিছে।ইয়াৰে দলটোৱে মাত্ৰ এখন খেলতে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰথমখন খেলত চেন্নাইয়ে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে, ইয়াৰ পিছত দলটোৱে চাৰিখন বেক টু বেক মেচত পৰাস্ত হৈছে।দলটোৰ হাতত আছে মাত্ৰ দুটা পইণ্ট।পইণ্ট টেবুলৰ নৱম স্থানত সংগ্ৰাম কৰি আছে দলটোৱে।

দলটোৰ শীৰ্ষ ৪ স্থানত প্ৰৱেশৰ সম্ভাৱনা এতিয়া ম্লান হৈ অহা যেন লাগে।অৱশ্যে ইয়াৰ পৰা দলটোৱে যদি জয়ৰ ৰথত উঠি যায়, তেন্তে সেয়া কঠিন কাম নহ’ব, কিন্তু সেয়াও সহজ হ’ব নোৱাৰে।

আজিৰ দিনটোতে ভাৰতে জয় কৰিছিল ২০১১ চনৰ এদিনীয়া বিশ্বকাপ, ট্ৰফী তুলি লৈ আবেগিক হৈ পৰিছিল ভাৰতীয় খেলুৱৈ

এম এছ ধোনীৰ অধিনায়কত্বত ২০১১ চনৰ আজিৰ দিনটোতে ভাৰতে শ্ৰীলংকাক ফাইনেলত পৰাস্ত কৰি দ্বিতীয়টো এদিনীয়া বিশ্বকাপ খিতাপ দখল কৰিছিল । ২৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি বীৰেন্দ্ৰ ছেহৱাগ আৰু শচীন টেণ্ডুলকাৰ কম সময়ৰ ভিতৰতে পেভিলিয়নমুখী হোৱাৰ পিছত গৌতম গম্ভীৰ আৰু বিৰাট কোহলীয়ে ইনিংছ চম্ভালি লয় । ইয়াৰ পাছত এম এছ ধোনীয়ে ৯১ ৰানৰ অপৰাজিত ইনিংছ খেলি টিম ইণ্ডিয়াক জয়ৰ দিশে আগুৱাই লৈ যায় । তাৰ পিছত ধোনীৰ মেচ বিজয়ী ছয় আইকনিক হৈ পৰে ।

শ্ৰীলংকাৰ অধিনায়ক কুমাৰ ছাগ্গাকাৰাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । মহেলা জয়ৱৰ্ধনেৰ শতক (১০৩)ৰ সহায়ত দলটোৱে ২৭৪ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ জাহীৰ খান আৰু যুৱৰাজ সিঙে ২টাকৈ উইকেট দখল কৰে । ইয়াৰ পাছত লক্ষ্য অনুসৰণ কৰাৰ সময়ত লাচিথ মালিংগাৰ দ্বাৰা কৰা বলিঙৰ প্ৰথম অভাৰৰ দ্বিতীয়টো বলত এল বি ডব্লিউ হয় বীৰেন্দ্ৰ ছেহৱাগ ।

শচীন আউট হোৱাৰ লগে লগে উশাহ বন্ধ হৈ পৰিছিল ভাৰতীয় অনুৰাগীৰ-

মলিংগাই সপ্তম অভাৰৰ প্ৰথম বলত শচীন টেণ্ডুলকাৰ (১৮)ক আউট কৰে । এই সময়ত ৩১ ৰানত দুয়োগৰাকী অপেনিং বেটছমেনক হেৰুৱাই শলঠেকত পৰা টিম ইণ্ডিয়াৰ অনুৰাগীসকল শ্বাসৰুদ্ধ হৈ পৰিছিল । কিন্তু ইয়াৰ পাছতে গৌতম গম্ভীৰে প্ৰথমে বিৰাট কোহলী (৩৫)ৰ সৈতে ৮৩ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ইয়াৰ পিছত তেওঁ এম এছ ধোনীৰ সৈতে ১০৯ ৰানৰ অংশীদাৰিত্ব গঢ়ে । গম্ভীৰ আউট হোৱাৰ সময়ত ভাৰতে মেচখনত নিজৰ স্থিতি সবল কৰিছিল । গৌতম গম্ভীৰে ১২২টা বলত ৯৭ ৰানৰ শক্তিশালী ইনিংছ খেলিছিল ।

এম এছ ধোনীৰ মেচ বিজয়ী ছয়, আবেগিক হৈ পৰিছিল ভাৰতীয় খেলুৱৈ-

এম এছ ধোনীয়ে, গম্ভীৰৰ সৈতে অংশীদাৰিত্বৰ গঢ়াৰ পিছত, যুৱৰাজ সিঙৰ সৈতে ইনিংছ আগুৱাই লৈ যায় । ধোনীয়ে ৭৯টা বলত ৯১ ৰান সংগ্ৰহ কৰে, তেওঁ নূৱন কুলাছেকাৰাৰ বিৰুদ্ধে মেচ বিজয়ী ছয় আঘাত কৰে । লগে লগে ২৮ বছৰৰ পাছত ভাৰতে দ্বিতীয়টো এদিনীয়া বিশ্বকাপ লাভ কৰে । এই নিশা ভাৰতত দীপাৱলী উদযাপন কৰা হয়, সমগ্ৰ দেশৰ ৰাজপথত ৰাইজে ভাৰতীয় দলৰ বিজয় উদযাপন কৰিছিল । ফাইনেলত জয়লাভ কৰাৰ পিছত ভাৰতীয় কিংবদন্তি খেলুৱৈসকলে চকুপানী ৰোধ কৰিব নোৱাৰিলে । খেলপথাৰখনতে তেওঁলোকে আনন্দতে কান্দিবলৈ ধৰে । শচীন, গম্ভীৰ, হৰভজন, ধোনী, যুৱৰাজ সিং আদি কিংবদন্তিৰ চকু আনন্দত সিক্ত হৈ পৰিছিল ।

২০১১ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ মূল একাদশ-

বীৰেন্দ্ৰ চেহৱাগ, শচীন তেণ্ডুলকাৰ, গৌতম গম্ভীৰ, বিৰাট কোহলী, এম এছ ধোনী, যুৱৰাজ সিং, সুৰেশ ৰাইনা, হৰভজন সিং, জাহীৰ খান, মুনাফ পেটেল, শ্ৰীশান্ত ।

ধোনীৰ ডাঙৰ অনুৰাগী হৈছে চলমান খান; কেপ্টেইন ধোনীৰ প্ৰশংসাত হ’ল পঞ্চমুখ

আই পি এল ২০২৫ ৰ যাদুয়ে সকলোকে আকৰ্ষিত কৰিছে। ২২ মাৰ্চৰ পৰা আই পি এল আৰম্ভ হ’বলৈ সাজু হোৱাৰ লগে লগে, উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে। চলচ্চিত্ৰ তাৰকাসকলেও ইয়াৰ বাবে অপেক্ষা কৰি আছে।

তেওঁলোকে নিজৰ নিজৰ প্ৰিয় খেলুৱৈৰ খেল চাবলৈ নিশ্চিতভাৱে ষ্টেডিয়ামলৈ যায়। বলীউডৰ ভাইজান চলমান খানেও আই পি এলৰ বাবে অপেক্ষা কৰি আছে।

শেহতীয়াকৈ ভাইজানে তেওঁৰ প্ৰিয় ক্ৰিকেটাৰ গৰাকীৰ বিষয়ে উল্লেখ কৰিছে। এম এছ ধোনীৰ কিছুমান বিশেষ বস্তু চলমান খানে ভাল পায়, আৰু সেয়েহে ভাইজানৰ প্ৰিয় খেলুৱৈ হৈছে ধোনী।   

চলমান খান আৰু এম এছ ধোনীৰ মাজত এক বিশেষ বন্ধন আছে। যোৱা বছৰ, ধোনীয়ে চলমান খানৰ সৈতে তেওঁৰ জন্মদিন উদযাপন কৰিছিল।

চলমান খানেও জন্মদিন উদযাপনৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল। এতিয়া চলমান খানে ধোনীৰ প্ৰশংসা কৰিছে।

চলমানৰ এটা ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ আছে। য’ত তেওঁ কৈছিল যে- মই ধোনীৰ অনুৰাগী। মই সঁচাকৈয়ে ধোনীৰ ব্যক্তিত্ব ভাল পাওঁ।তেওঁ খেলখন কেনেকৈ ঘূৰাব লাগে সেই কথা ভালকৈয়ে জানে।

তেওঁ আজিলৈকে আক্ৰমণাত্মক বা অহংকাৰ মনোভাৱ প্ৰদৰ্শন কৰা নাই।  তেওঁ কুল হয় , তেওঁ উইকেটো লয় কিন্তু বেছি চিঞৰ-বাখৰো নকৰে। তেওঁ আনক অপমানো নকৰে। যাৰ বাবে মই ধোনীক ভালপাওঁ।