পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে সাজু এম এছ ধোনী; দিব লাগিব পৰীক্ষা

পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে সাজু এম এছ ধোনী; দিব লাগিব পৰীক্ষা

চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক তথা প্ৰবীণ উইকেটকীপাৰ-বেটছমেন মহেন্দ্ৰ সিং ধোনী আঘাতৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলিব পৰা নাই। বৰ্তমান এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ যোৱা চেন্নাই ছুপাৰ কিংছৰ বাবে উল্লেখযোগ্য সকাহ প্ৰদান কৰা এটা খবৰ ওলাইছে। দলটোৱে ৫টাকৈ আই পি এল খিতাপ দখল

চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক তথা প্ৰবীণ উইকেটকীপাৰ-বেটছমেন মহেন্দ্ৰ সিং ধোনী আঘাতৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলিব পৰা নাই।

বৰ্তমান এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ যোৱা চেন্নাই ছুপাৰ কিংছৰ বাবে উল্লেখযোগ্য সকাহ প্ৰদান কৰা এটা খবৰ ওলাইছে। দলটোৱে ৫টাকৈ আই পি এল খিতাপ দখল কৰা চেম্পিয়ন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে।এইগৰাকী উইকেটকীপাৰ-বেটছমেনে অহা কেইদিনমানৰ ভিতৰত ফিটনেছ টেষ্ট দিবলৈ সাজু হৈছে।এই আই পি এলৰ এইবাৰৰ ছিজনত ধোনীয়ে এতিয়ালৈকে এখনো মেচ খেলা নাই কাৰণ প্ৰতিযোগিতাখনৰ পূৰ্বে ভৰিত আঘাত পাইছিল।প্ৰথম তিনিখন মেচতো ইতিমধ্যে চি এছ কে পৰাস্ত হৈছে।

এক প্ৰতিবেদন অনুসৰি, ধোনীয়ে কেতিয়া কামবেক কৰিব সেয়া নিৰ্ভৰ কৰিব ফিটনেছ টেষ্টৰ ফলাফলৰ ওপৰত।যদি সকলো ঠিকে থাকে তেন্তে এই শনিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে চি এছ কেৰ পৰৱৰ্তী মেচত ধোনীৰ খেলাৰ সম্ভাৱনা আছে।  ধোনীয়ে নেটত বেটিং আৰম্ভ কৰিছে আৰু কোনো ধৰণৰ বিপদৰ সন্মুখীন হোৱা নাই।অৱশ্যে চি এছ কেৰ দল পৰিচালনাই কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰে আৰু ৪৪ বছৰীয়া ধোনীক খেলপথাৰলৈ লৰালৰিকৈ আনিব বিচৰা নাই।

লগতে পঢ়ক: ‘মই মেচিন নহয়…’; সমালোচনাক লৈ ক্ষোভ উজাৰিলে মহম্মদ শ্বামীয়ে

শেহতীয়া প্ৰৱন্ধসমূহ