দ্ৰুত বলাৰ মহম্মদ শ্বামী, তেওঁৰ অভিজ্ঞতা, ফিটনেছ, আৰু স্মাৰ্ট বলিঙৰ সৈতে পুনৰবাৰ প্ৰমাণ কৰিলে যে তেওঁৰ মাজত এতিয়াও যথেষ্ট ক্ৰিকেট বাকী আছে।
ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ফাষ্ট বলাৰ মহম্মদ শ্বামীয়ে এক দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱাৰ লগতে দলটোৰ জয়ৰ ভেটিও স্থাপন কৰিলে। দেওবাৰে (৫ এপ্ৰিল) হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলা এই খেলখনত শ্বামীয়ে টাইট বলিং স্পেল দি ২ উইকেট দখল কৰাৰ বিপৰীতে মাত্ৰ ৯ ৰানহে দিয়ে।
মহম্মদ শ্বামীয়ে নিজৰ স্পেলত মুঠ ১৮টা ডট বল কৰে, যিটো মেচখনৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হয়।লক্ষ্ণৌ ছুপাৰ জায়েন্টছে এই খেলখনত ৫ উইকেটত জয়লাভ কৰে। মেচৰ পিছত নিজৰ প্ৰদৰ্শনৰ ওপৰত মন্তব্য কৰি মহম্মদ ছামীয়ে কয় যে “মই কোনো মেচিন নহয় আৰু খেলত মোৰ উত্থান-পতন হোৱাটো নিশ্চিত।যোৱা কেইবছৰমানৰ পৰা মই ভাল প্ৰদৰ্শন কৰিছো, যদি মানুহে লক্ষ্য কৰা নাই, তেন্তে সেয়া বেলেগ কথা।কিন্তু মই সদায় ভাল কৰিবলৈ চেষ্টা কৰো।”
মন কৰিবলগীয়া যে পূৰ্বৰ আই পি এল ছিজনটো মহম্মদ শ্বামীৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক আছিল।অৱশ্যে এইবাৰ তেওঁ শক্তিশালী কামবেক কৰি নিজৰ যোগ্যতা প্ৰমাণ কৰিছে।মহম্মদ শ্বামীয়ে কয় যে,” যদি আপুনি খেলিব বিচাৰে তেন্তে খেলৰ সৈতে যোগাযোগত থকাটো অতি প্ৰয়োজনীয়।ফিট হৈ থাকিলেহে নিজৰ দক্ষতাৰ ওপৰত কাম কৰিব পাৰিব।”সেইবাবেই মই ঘৰুৱা ক্ৰিকেট খেলিছিলো।”
লগতে পঢ়ক: লক্ষ্ণৌ ছুপাৰ জায়েন্টছে খুলিলে জয়ৰ খাটা; ৫ উইকেটত পৰাস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদ









