আই পি এলৰ এটা ছিজনত সৰ্বাধিক ছয় কোবোৱা শীৰ্ষ ৫ গৰাকী বেটছমেন

আই পি এলৰ এটা ছিজনত সৰ্বাধিক ছয় কোবোৱা শীৰ্ষ ৫ গৰাকী বেটছমেন

২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ২০২৬ বৰ্ষৰ সংস্কৰণ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আগন্তুক ছিজনক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে । ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ২০২৬ বৰ্ষৰ সংস্কৰণ । ছিজনৰ প্ৰথমখন খেল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব

২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ২০২৬ বৰ্ষৰ সংস্কৰণ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আগন্তুক ছিজনক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে । ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ২০২৬ বৰ্ষৰ সংস্কৰণ । ছিজনৰ প্ৰথমখন খেল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব । এই সংস্কৰণ আৰম্ভ হোৱাৰ পূৰ্বে এটা ছিজনত সৰ্বাধিক ছয় কোবোৱা পাঁচজন খেলুৱৈৰ বিষয়ে জানক ।

ক্ৰীছ গেইল-

এই তালিকাত শীৰ্ষস্থান দখল কৰিছে ক্ৰীছ গেইলে । এটা ছিজনত সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখ তেওঁৰ হাতত আছে । ২০১২ চনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ খেলি থকাৰ সময়তে গেইলে ৫৯টা ছয় কোবাইছিল । এইটোৱেই হৈছে কোনো বেটছমেনে এটা ছিজনত কোবোৱা সৰ্বাধিক ছয় । ১৪ বছৰ ধৰি এই অভিলেখ তেওঁৰ হাতত আছিল ।

আন্দ্ৰে ৰাছেল-

তালিকাত দ্বিতীয় স্থানত আছে আন্দ্ৰে ৰাছেল । কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলি থকাৰ সময়ত ২০১৯ চনৰ আই পি এল ছিজনত ৰাছেলে ৫২টা ছয় কোবাই । উল্লেখ্য যে ২০২৫ চনৰ ছিজনৰ পিছত কেকেআৰে ৰাছেলক ৰিলিজ কৰি দিছিল, তাৰ পিছত কেৰিবিয়ান অল-ৰাউণ্ডাৰগৰাকীয়ে প্ৰতিযোগিতাখনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।

ক্ৰীছ গেইল-

এই তালিকাত তিনিবাৰকৈ ক্ৰীছ গেইলৰ নাম আছে । ২০১২ চনত ৫৯টা ছয় কোবোৱাৰ পিছত গেইলে পিছৰ ছিজন ২০১৩ চনত আৰচিবিৰ হৈ খেলি থকাৰ সময়তে ৫১টা ছয় কোবাই । ইয়াৰ ফলত তেওঁ তালিকাৰ তৃতীয় স্থানত আছে ।

জোছ বাটলাৰ-

ইংৰাজ বেটছমেন জোছ বাটলাৰে ২০২২ চনৰ ছিজনত দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছিল । ৰাজস্থানৰ হৈ খেলা বাটলাৰে ১৭খন মেচত ১৭টা ইনিংছত ৮৬৩ ৰান সংগ্ৰহ কৰিছিল । এই ছিজনত তেওঁ ৪৫টা ছয় কোবাই আই পি এলৰ এটা ছিজনত সৰ্বাধিক ছয় কোবোৱা চতুৰ্থজন বেটছমেন হিচাপে পৰিগণিত হয় ।

ক্ৰীছ গেইল-

ক্ৰীছ গেইল এই তালিকাত পাঁচ নম্বৰ স্থানতো আছে । ২০১১ চনত আৰচিবিৰ হৈ গেইলে বিস্ফোৰক বেটিং প্ৰদৰ্শন আগবঢ়াইছিল । সেই ছিজনত তেওঁ ৪৪টা ছয় কোবাইছিল ।

লগতে পঢ়ক : শুভমন গীললৈ বিচিচিআইৰ বিশেষ বঁটা, তালিকাত নাই ৰোহিত-কোহলী