‘নিউ ছিক্স মেচিন’ বৈভৱ সূৰ্যবংশীক প্ৰশংসা ক্ৰিছ গেইলৰ

ক্ৰিছ গেইলৰ বিপুল প্ৰশংসা লাভ কৰিছে ভাৰত তথা ৰাজস্থান ৰয়েলছৰ ১৫ বছৰীয়া উদীয়মান বাঁওহতীয়া বেটাৰ বৈভৱ সূৰ্যবংশীয়ে

ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট তাৰকা ক্ৰিছ গেইলৰ বিপুল প্ৰশংসা লাভ কৰিছে ভাৰত তথা ৰাজস্থান ৰয়েলছৰ ১৫ বছৰীয়া উদীয়মান বাঁওহতীয়া বেটাৰ বৈভৱ সূৰ্যবংশীয়ে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) চলিত সংস্কৰণৰ এলিমিনেটৰ মেচত ছাৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মাত্ৰ ২৯ টা বলত এক অবিশ্বাস্য ৯৭ ৰানৰ ইনিংছ খেলি এই কিশোৰজনে এটা আই পি এল ছিজনত আটাইতকৈ বেছি ছয় কোবোৱাৰ অভিলেখত ‘ইউনিভাৰ্ছ বছ’ গেইলক পিছ পেলাই ।

সূৰ্যবংশীয়ে নক-আউট পৰ্যায়ৰ গুৰুত্বপূৰ্ণ মেচখনৰ বাবেই যেন নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন সংৰক্ষিত কৰি ৰাখিছিল । হায়দৰাবাদৰ এক বুদ্ধিদীপ্ত আৰু ফৰ্মত থকা বলিং আক্ৰমণক ধূলিসাৎ কৰি তেওঁ ২৯ টা বলত ৫ টা চাৰি আৰু ১২ টা বিশাল ছয়ৰ সহায়ত ৩৩৪ ৰো অধিক ষ্ট্ৰাইক ৰেটেৰে এক চমকপ্ৰদ ৯৭ ৰান সংগ্ৰহ কৰে । ইয়াৰ লগে লগে তেওঁ ২০১২ চনৰ আই পি এল-ত গেইলে কোবোৱা ৫৯ টা ছয়ৰ ঐতিহাসিক অভিলেখ ভংগ কৰে । চলিত ছিজনত তেওঁৰ মুঠ ছয়ৰ সংখ্যা ৬৫ টা হয়, যাৰ ফলত যিকোনো টি-২০ টুৰ্ণামেণ্টৰ এটা সংস্কৰণত সৰ্বাধিক ছয় কোবোৱাৰ বিশ্ব অভিলেখ এতিয়া সূৰ্যবংশীৰ নামত লিপিবদ্ধ হৈছে ।

এই অনন্য প্ৰদৰ্শনৰ পিছতে ক্ৰিছ গেইলে ছচিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে, “অসাধাৰণ বৈভৱ সূৰ্যবংশী, আই পি এল-ত এক নতুন ছিক্স মেচিন ।” মাত্ৰ ২৯ টা বলত শতক অৰ্জন কৰি আই পি এল-ৰ দ্ৰুততম শতকৰ অভিলেখ (যিটো গেইলৰ নামত আছে) স্পৰ্শ কৰাৰ পৰা বঞ্চিত হোৱা সূৰ্যবংশীক গেইলে সান্ত্বনাও দিয়ে । গেইলে উল্লেখ কৰে যে সূৰ্যবংশী এই যাত্ৰাত দুৰ্ভাগ্যবান আছিল যদিও অতি শীঘ্ৰেই তেওঁ সেই লক্ষ্যত উপনীত হ’ব পাৰিব ।

চলিত ছিজনৰ সামগ্ৰিক পৰিসংখ্যাৰ কথা ক’বলৈ গ’লে, সূৰ্যবংশীয়ে ১৫ টা ইনিংছত ৪৫.৩৩ গড় আৰু ২৪২.৮৫ ধুমুহা ষ্ট্ৰাইক ৰেটেৰে মুঠ ৬৮০ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে ১ টা শতক আৰু ৪ টা অৰ্ধশতক, য’ত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১০৩ ৰান । তেওঁ এই ছিজনত মুখামুখি হোৱা ২৮০ টা বলৰ ভিতৰত ৫৫ টা চাৰি আৰু ৬৫ টা ছয় কোবাইছে । ক্ৰিকেট পৰিসংখ্যা প্ৰতিষ্ঠান ‘ক্ৰিকভিজ’ৰ মতে, সূৰ্যবংশীয়ে নিজৰ মুঠ ৰানৰ ৮৮.৯ শতাংশ কেৱল বাউণ্ড্ৰীৰ (চাৰি আৰু ছয়) জৰিয়তে সংগ্ৰহ কৰিছে । ইয়াৰ পূৰ্বে ২০১৯ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আন্দ্ৰেম ৰাছেলে তেওঁৰ ৫১০ ৰানৰ ৮৫.৫ শতাংশ বাউণ্ড্ৰীৰ জৰিয়তে সংগ্ৰহ কৰি থৈছিল ।

এই ইনিংছটোৰ জৰিয়তে ১৫ বছৰীয়া খেলুৱৈজনে ক্ৰিকেট জগতৰ কেইবাগৰাকীও কিংবদন্তীৰ অভিলেখ এটা এটাকৈ ভংগ কৰিছে । আই পি এল-ৰ এটা ইনিংছত ৪ বাৰকৈ ১০ বা তাতকৈ অধিক ছয় কোবাই তেওঁ গেইলৰ সমকক্ষ হৈছে । ইয়াৰে ৩ বাৰ তেওঁ চলিত ছিজনতে সম্পন্ন কৰিছে, যাৰ ফলত এটা ছিজনৰ ৩ টা ইনিংছত ১০ বা তাতকৈ অধিক ছয় কোবোৱা তেওঁ বিশ্বৰ প্ৰথমগৰাকী বেটাৰ হিচাপে পৰিগণিত হৈছে ।

কেৱল সেয়াই নহয়, ২০০৮ চনৰ আই পি এল-ত শ্ৰীংকাৰ কিংবদন্তী চনথ জয়সূৰ্যই পাৱাৰপ্লে’ত কোবোৱা ৭ টা ছয়ৰ অভিলেখ ভংগ কৰি মুল্লানপুৰত সূৰ্যবংশীয়ে ৮ টা ছয় কোবায় । এটা আই পি এল ছিজনৰ পাৱাৰপ্লে’ অংশত সৰ্বাধিক ৪৯০ ৰান সংগ্ৰহ কৰি তেওঁ অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্নাৰৰ (২০১৬ চনত ৪৬৭ ৰান) অভিলেখো অতিক্ৰম কৰে । পাৱাৰপ্লে’ত এইটো তেওঁৰ পঞ্চমটো ৫০ তকৈ অধিক ৰানৰ স্ক’ৰ আছিল । আই পি এল নক-আউট মেচৰ পাৱাৰপ্লে’ত অৰ্ধশতক অৰ্জন কৰি তেওঁ সুৰেশ ৰাইনা আৰু এডাম গিলক্ৰীষ্টৰ দৰে তাৰকাৰ এলিট ক্লাবত অন্তৰ্ভুক্ত হৈছে ।

সূৰ্যবংশীৰ এইটো ২০ টা বলতকৈ কম বলত সংগ্ৰহ কৰা পঞ্চমটো অৰ্ধশতক । তেওঁৰ ১৬ টা বলৰ অৰ্ধশতকটো সুৰেশ ৰাইনাৰ সৈতে যুটীয়াভাৱে আই পি এল নক-আউট মেচৰ দ্ৰুততম অৰ্ধশতক হিচাপে পৰিগণিত হৈছে । তদুপৰি, তেওঁ কোবোৱা ১২ টা ছয় আই পি এল নক-আউটৰ এটা ইনিংছত যিকোনো বেটাৰৰ বাবে সৰ্বাধিক, যিয়ে ২০২৩ চনত শুভমন গিলে কোবোৱা ১০ টা ছয়ৰ অভিলেখ ম্লান কৰে । একে সময়তে এজন ভাৰতীয় বেটাৰ হিচাপে আই পি এল ইনিংছত এইয়া সৰ্বাধিক ছয়ৰ অভিলেখ ।

লগতে পঢ়ক : বৈভৱ-আৰ্চাৰৰ তাণ্ডৱঃ হায়দৰাবাদৰ বিদায়, কোৱালিফায়াৰলৈ ৰাজস্থান

আই পি এলৰ এটা ছিজনত সৰ্বাধিক ছয় কোবোৱা শীৰ্ষ ৫ গৰাকী বেটছমেন

২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ২০২৬ বৰ্ষৰ সংস্কৰণ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আগন্তুক ছিজনক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে । ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ২০২৬ বৰ্ষৰ সংস্কৰণ । ছিজনৰ প্ৰথমখন খেল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব । এই সংস্কৰণ আৰম্ভ হোৱাৰ পূৰ্বে এটা ছিজনত সৰ্বাধিক ছয় কোবোৱা পাঁচজন খেলুৱৈৰ বিষয়ে জানক ।

ক্ৰীছ গেইল-

এই তালিকাত শীৰ্ষস্থান দখল কৰিছে ক্ৰীছ গেইলে । এটা ছিজনত সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখ তেওঁৰ হাতত আছে । ২০১২ চনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ খেলি থকাৰ সময়তে গেইলে ৫৯টা ছয় কোবাইছিল । এইটোৱেই হৈছে কোনো বেটছমেনে এটা ছিজনত কোবোৱা সৰ্বাধিক ছয় । ১৪ বছৰ ধৰি এই অভিলেখ তেওঁৰ হাতত আছিল ।

আন্দ্ৰে ৰাছেল-

তালিকাত দ্বিতীয় স্থানত আছে আন্দ্ৰে ৰাছেল । কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলি থকাৰ সময়ত ২০১৯ চনৰ আই পি এল ছিজনত ৰাছেলে ৫২টা ছয় কোবাই । উল্লেখ্য যে ২০২৫ চনৰ ছিজনৰ পিছত কেকেআৰে ৰাছেলক ৰিলিজ কৰি দিছিল, তাৰ পিছত কেৰিবিয়ান অল-ৰাউণ্ডাৰগৰাকীয়ে প্ৰতিযোগিতাখনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ।

ক্ৰীছ গেইল-

এই তালিকাত তিনিবাৰকৈ ক্ৰীছ গেইলৰ নাম আছে । ২০১২ চনত ৫৯টা ছয় কোবোৱাৰ পিছত গেইলে পিছৰ ছিজন ২০১৩ চনত আৰচিবিৰ হৈ খেলি থকাৰ সময়তে ৫১টা ছয় কোবাই । ইয়াৰ ফলত তেওঁ তালিকাৰ তৃতীয় স্থানত আছে ।

জোছ বাটলাৰ-

ইংৰাজ বেটছমেন জোছ বাটলাৰে ২০২২ চনৰ ছিজনত দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছিল । ৰাজস্থানৰ হৈ খেলা বাটলাৰে ১৭খন মেচত ১৭টা ইনিংছত ৮৬৩ ৰান সংগ্ৰহ কৰিছিল । এই ছিজনত তেওঁ ৪৫টা ছয় কোবাই আই পি এলৰ এটা ছিজনত সৰ্বাধিক ছয় কোবোৱা চতুৰ্থজন বেটছমেন হিচাপে পৰিগণিত হয় ।

ক্ৰীছ গেইল-

ক্ৰীছ গেইল এই তালিকাত পাঁচ নম্বৰ স্থানতো আছে । ২০১১ চনত আৰচিবিৰ হৈ গেইলে বিস্ফোৰক বেটিং প্ৰদৰ্শন আগবঢ়াইছিল । সেই ছিজনত তেওঁ ৪৪টা ছয় কোবাইছিল ।

লগতে পঢ়ক : শুভমন গীললৈ বিচিচিআইৰ বিশেষ বঁটা, তালিকাত নাই ৰোহিত-কোহলী