বৈভৱ সূৰ্যবংশীৰ বিধ্বংসী বেটিং আৰু জ’ফ্ৰা আৰ্চাৰৰ ঘাটক বলিংৰ সহায়ত ৰাজস্থানে এই বৃহৎ জয় সাব্যস্ত কৰে
বুধবাৰে অনুষ্ঠিত হোৱা আইপিএলৰ এক ৰোমাঞ্চকৰ এলিমিনেটৰ মুখামুখিত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদাক ৪৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰে । বৈভৱ সূৰ্যবংশীৰ বিধ্বংসী বেটিং আৰু জ’ফ্ৰা আৰ্চাৰৰ ঘাটক বলিংৰ সহায়ত ৰাজস্থানে এই বৃহৎ জয় সাব্যস্ত কৰে । এই পৰাজয়ৰ সৈতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ চলিত ছিজনৰ যাত্ৰা ইমানতে অন্ত পৰিল আৰু দলটো আইপিএলৰ পৰা বাহিৰ হৈ যায় ।
আনহাতে, জয়ী হোৱা ৰাজস্থান ৰয়েলছৰ দলটোৱে এতিয়া ২৯ মে’ত কোৱালিফায়াৰ ২ মেচত গুজৰাট টাইটানছৰ বিৰুদ্ধে মুল্লনপুৰতে অৱতীৰ্ণ হ’ব । উল্লেখ্য যে, গুজৰাট টাইটানছে পূৰ্বৰ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত পৰাজয় বৰণ কৰিছিল । যিটো দলেই ২৯ মে’ৰ কোৱালিফায়াৰ ২ মেচখনত জয়লাভ কৰিব, সেই দলটোৱে ৩১ মে’ত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ফাইনেল খেলি খেলিব ।
মেচখনত ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰিবলৈ নামি নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৪৩ ৰানৰ এক বিশাল স্ক’ৰ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ২৪৪ ৰানৰ এক বিশাল লক্ষ্য আগত লৈ খেলিবলৈ নামি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ দলটো ১৯.২ অভাৰত ১৯৬ ৰানতে অলআউট হয় ।
ৰাজস্থানৰ ইনিংছ-
ৰাজস্থানৰ ইনিংছৰ মূল আকৰ্ষণ আছিল যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীৰ চমৎকাৰ বেটিং । বৈভৱে অতি আক্ৰমণাত্মক শৈলীৰে আৰম্ভণি কৰি মাত্ৰ ২৯ টা বলত ৯৭ ৰানৰ এক অনবদ্য ইনিংছ খেলে । তেওঁৰ এই ইনিংছটোত আছিল ৫ টা চাৰি আৰু ১২ টা আকাশলংঘী ছয় । এই ইনিংছৰ জৰিয়তে তেওঁ ক্ৰিছ গেইলৰ এটা ছিজনত সৰ্বাধিক ৫৯ টা ছয় কোবোৱাৰ অভিলেখো ভংগ কৰে ।
পেট কামিন্সে কৰা ইনিংছৰ তৃতীয়টো অভাৰত বৈভৱে ৩ টা ছয় আৰু ১ টা চাৰিৰে মুঠ ২৫ ৰান সংগ্ৰহ কৰে । অৱশ্যে তেওঁ মাত্ৰ ৩ ৰানৰ বাবে ক্ৰিছ গেইলৰ দ্ৰুততম টি-২০ শতকৰ অভিলেখ গঢ়াৰ পৰা বঞ্চিত হয় । বৈভৱক প্ৰফুল্ল হিঙে আউট কৰে । বৈভৱৰ উপৰিও যশস্বী জয়ছোৱালে ২৯ বলত ২৯ ৰান, ধ্ৰুৱ জুৰেলে ৫০ ৰান আৰু অধিনায়ক ৰিয়ান পৰাগে ২৬ ৰানৰ বৰঙণি যোগায় । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ প্ৰফুল্ল হিঙে আটাইতকৈ সফল বলাৰ আছিল আৰু তেওঁ ৫৪ ৰান দি তিনিটা উইকেট লাভ কৰে ।
ছানৰাইজাৰ্ছৰ ইনিংছ-
আনহাতে, ২৪৪ ৰানৰ লক্ষ্য খেদিবলৈ নামি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আৰম্ভণিৰে পৰা বেটিং বিপৰ্যয় ঘটে । ৰাজস্থানৰ বেগী বলাৰ জ’ফ্ৰা আৰ্চাৰে নতুন বলেৰে ত্ৰাসৰ সৃষ্টি কৰি মাত্ৰ ৪.৪ অভাৰতে হায়দৰাবাদৰ ৫৭ ৰানত ৪ টা গুৰুত্বপূৰ্ণ উইকেট কাঢ়ি লয় । ইনিংছৰ দ্বিতীয়টো বলতে আৰ্চাৰে অভিষেক শৰ্মাক শূন্য ৰানতে ধ্ৰুৱ জুৰেলৰ হাতত কেচ দিয়াই প্ৰথমটো আঘাত হানে । ইয়াৰ পিছত স্মৰণ ৰবিচন্দ্ৰনো মাত্ৰ ১ ৰান কৰি নান্দ্ৰে বাৰ্গাৰৰ বলত আউট হয় । আনটো মূৰত ঈশান কিষাণে বিস্ফোৰক বেটিং কৰি মাত্ৰ ১১ টা বলত ৩ টা চাৰি আৰু ৩ টা ছয়েৰে ৩৩ ৰান সংগ্ৰহ কৰে যদিও ডনোভান ফেৰেইৰাই তেওঁৰ সুন্দৰ কেচ ধৰি আৰ্চাৰক তৃতীয়টো সফলতা প্ৰদান কৰে । ট্ৰেভিছ হেডেও কিছু আক্ৰমণাত্মক শ্বট খেলি ৮ টা বলত ১৭ ৰান কৰে যদিও আৰ্চাৰে তেওঁকো পেভিলিয়নৰ পথ দেখুৱায় ।
ইয়াৰ পিছত হেনৰিখ ক্লাচেন ১৮ ৰান কৰি নৱাগত যশৰাজ পুঞ্জাৰ স্পীনৰ জালত পৰে । নীতিশ ৰেড্ডীয়ে কিছু সময় যুঁজ দি ৩৮ ৰান কৰে যদিও ৰবীন্দ্ৰ জাডেজাৰ বলত দানুশ শানাকাক কেচ দি বিদায় লয় । ইয়াৰ ঠিক পিছতে হায়দৰাবাদৰ অধিনায়ক পেট কামিন্স মাত্ৰ ১ ৰান কৰি সুশান্ত মিশ্ৰৰ বলত আউট হয় । অৱশেষত শিৱাং কুমাৰে কিছু সংগ্ৰাম কৰে যদিও সেয়া দলক জিকাবলৈ পৰ্যাপ্ত নাছিল আৰু তেৱোঁ শেষৰজন বেটছমেন হিচাপে আউট হয় । ৰাজস্থান ৰয়েলছৰ হৈ জ’ফ্ৰা আৰ্চাৰে ৩ টা উইকেট লৈ হায়দৰাবাদৰ শীৰ্ষ ক্ৰম ধ্বংস কৰে । আনহাতে নান্দ্ৰে বাৰ্গাৰ, সুশান্ত মিশ্ৰ আৰু ৰবীন্দ্ৰ জাডেজাই সমানে ২ টাকৈ উইকেট লাভ কৰে ।
ৰাজস্থান ৰয়েলছৰ মূল একাদশ-
যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, ডনোভান ফেৰেইৰা, দাসুন শানাকা, ৰবীন্দ্ৰ জাডেজা, জ’ফ্ৰা আৰ্চাৰ, নান্দ্ৰে বাৰ্গাৰ, ব্ৰিতেশ শৰ্মা আৰু যশ ৰাজ পুঞ্জা ।
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মূল একাদশ-
অভিষেক শৰ্মা, ট্ৰেভিছ হেড, ঈশান কিষাণ, হেনৰিখ ক্লাচেন, স্মৰণ ৰবিচন্দ্ৰন, নীতিশ কুমাৰ ৰেড্ডী, পেট কামিন্স, শিৱাং কুমা, ইশান মালিংগা, সাকিৱ হুছেইন আৰু প্ৰফুল্ল হিঙে ।
লগতে পঢ়ক : ৰজত পাটিদাৰে সলনি কৰিলে আৰচিবিৰ ইতিহাস; আই পি এলত গঢ়িলে অভিলেখ









